জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম মূল অভিযুক্ত সন্দীপন গাৰ্গে অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰিছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে এই গোচৰৰ আন এগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰিছিল। অমৃতপ্ৰভাৰ পিছত এইবাৰ জামিন পালে সন্দীপনে।
জামিন আবেদনৰ শুনানিৰ অন্তত আদালতে ৰায় সংৰক্ষিত কৰি ৰাখিছিল। বৰ্তমান সন্দীপন গাৰ্গ বাক্সাৰ নিকাছি কাৰাগাৰত বন্দী হৈ আছে।
জানিব পৰা মতে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সন্দীপনো ছিংগাপুৰতে উপস্থিত আছিল। ছিংগাপুৰত হোৱা য়ট পাৰ্টীৰ সময়ত জুবিন গাৰ্গৰ সৈতে সাগৰত সাঁতোৰা বুলি অভিযোগ উঠিছিল সন্দীপনৰ বিৰুদ্ধে।
অৱশ্যে ২ নৱেম্বৰৰ পূৰ্বে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা নাই সন্দীপন গাৰ্গৰ।
