ষষ্ঠীৰ পৰা দশমীলৈ – দুৰ্গা পূজাৰ সম্পূৰ্ণ সময়সূচী আৰু শুভ মুহূৰ্ত ২০২৬

Screenshot

 

২০২৬ চনৰ শাৰদীয় দুৰ্গা পূজাৰ বাবে সাজু হৈছে অসম। এইবাৰৰ পূজা অক্টোবৰ মাহৰ ১৭ তাৰিখৰ পৰা ২১ তাৰিখলৈ। মহালয়াৰ দিনাই পিতৃপক্ষৰ শেষ আৰু দেৱীপক্ষৰ আৰম্ভণি।

যদি আপুনি পূজাত ঘৰলৈ যোৱা, পেণ্ডেল হপিং বা অঞ্জলিৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময়সূচীখন Save কৰি থওক।

১) মহা ষষ্ঠী – ১৭ অক্টোবৰ, শনিবাৰ
ষষ্ঠী তিথিৰ এই দিনা বিল্ব নিমন্ত্ৰণ আৰু বোধনেৰে মাক আদৰি অনা হ’ব। গধূলি কল্পাৰম্ভ, আমন্ত্ৰণ আৰু অধিৱাস পূজা। এই দিনাৰ পৰাই আনুষ্ঠানিকভাৱে পেণ্ডেলত মাৰ মুখ দৰ্শন আৰম্ভ হয়।

২) মহা সপ্তমী – ১৮ অক্টোবৰ, দেওবাৰ
সপ্তমীৰ পুৱা নৱপত্ৰিকা স্নান। ৯ বিধ গছৰ পাতৰে সজোৱা কলা-বৌক গঙ্গাৰ পানীৰে স্নান কৰাই মাৰ কাষত স্থাপন কৰা হয়। ইয়াক কলা-বৌ পূজা বুলিও কোৱা হয়। পুৱা ৮:২৭ বজালৈ সপ্তমী তিথি থাকিব।

৩) মহা অষ্টমী – ১৯ অক্টোবৰ, সোমবাৰ
পূজাৰ আটাইতকৈ পবিত্ৰ দিন। পুৱা পুষ্পাঞ্জলি আৰু কুমাৰী পূজা।

সন্ধি পূজাৰ মহা মুহূৰ্ত:পুৱা ১০:২৯ ৰ পৰা ১১:১৭ বজালৈ। অষ্টমী আৰু নৱমীৰ সংযোগৰ এই ৪৮ মিনিটত দেৱীয়ে চণ্ড-মুণ্ডক বধ কৰিছিল। ১০৮ গছি চাকি আৰু ১০৮ টা পদুমেৰে এই পূজা কৰা হয়।

৪) মহা নৱমী – ২০ অক্টোবৰ, মঙ্গলবাৰ
নৱমী হোম যজ্ঞ, আৰতি প্ৰতিযোগিতা আৰু ধুনুচি নাচৰ দিন। বহু ঠাইত কুমাৰী পূজাৰ পিছত ভোগ বিতৰণ। অপৰাহ্ন পূজাৰ সময় ১২:৩০ ৰ পৰা ২:৪৯।

৫) বিজয়া দশমী – ২১ অক্টোবৰ, বুধবাৰ
বিজয় মুহূৰ্ত দুপৰীয়া ১:১৬ ৰ পৰা ২:০২ বজালৈ। এই দিনা দৰ্পন বিসৰ্জন, সেন্দুৰ খেলা আৰু তাৰ পিছত প্ৰতিমা বিসৰ্জন। মাক বিদায় দি অহা বছৰলৈ আকৌ আহিবলৈ প্ৰাৰ্থনা।

Leave a Reply

Your email address will not be published. Required fields are marked *