দূষিত পানীৰ পৰা মহামাৰীলৈ: কলেৰা কেনেকৈ বিয়পে?কলেৰা কি হয়, কিয় হয় আৰু কেনেকৈ হয়
কলেৰা হৈছে মানুহৰ এক অতি পুৰণি, অতি ভয়ানক, অতি সংক্ৰামক আৰু অতি সোনকালে মহামাৰী ৰূপ লব পৰা এবিধ ডায়েৰিয়া ৰোগ। আগৰ দিনত এই ৰোগক মানুহে মহামাৰী বুলি কৈছিল কাৰণ এই ৰোগ এবাৰ গাঁৱত সোমালে গোটেই গাওঁখন উজাৰ হৈ গৈছিল। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক Acute Watery Diarrheal Disease বুলি কোৱা হয়।
কলেৰা কি বেক্টেৰিয়াৰ পৰা হয়?
এই ৰোগৰ মূল কাৰণ হৈছে Vibrio cholerae নামৰ এবিধ অতি ক্ষুদ্ৰ আকৃতিৰ বেক্টেৰিয়া। এই বেক্টেৰিয়া বিধ খালি চকুৰে দেখা নাযায়, অণুবীক্ষণ যন্ত্ৰৰেহে দেখা যায়। এই বেক্টেৰিয়া সাধাৰণতে মানুহৰ মলৰ মাজেৰে বাহিৰলৈ ওলাই আহে আৰু পানী আৰু খাদ্যক দূষিত কৰে। মানুহৰ শৰীৰৰ বাহিৰত এই বেক্টেৰিয়া নদী, পুখুৰীৰ পানীত বহু দিনলৈ জীয়াই থাকিব পাৰে।
কলেৰা কিয় হয় আৰু কেনেকৈ বিয়পে?
কলেৰা হোৱাৰ প্ৰধান কাৰণ হৈছে দূষিত পানী আৰু দূষিত খাদ্য খোৱা। এইটো কেনেকৈ বিয়পে তাৰ কিছু আভাষ—
১. যেতিয়া কলেৰা ৰোগীৰ মল-মূত্ৰ নলা-নৰ্দমাৰ মাজেৰে বৈ গৈ খোৱা পানীৰ উৎস যেনে নদী, পুখুৰী, কুৱা, টিউবৱেল বা চৰকাৰী পানী যোগানৰ পাইপৰ লগত মিহলি হয় তেতিয়া গোটেই পানী দূষিত হৈ পৰে।
২. সেই দূষিত পানী পোনপটীয়াকৈ খালে, সেই পানীৰে গা ধুলে, সেই পানীৰে ধোৱা শাক-পাচলি, ফলমূল কেঁচাই খালে, সেই পানীৰে বনোৱা চৰবত, বৰফ খালে এই বেমাৰ হয়।
৩. ইয়াৰ উপৰিও বাহিৰত খোলাকৈ ৰখা, ধূলি আৰু মাখি পৰা খাদ্য, ৰাস্তাৰ কাষৰ অস্বাস্থ্যকৰ ফুচকা, চাট, কাটি ৰখা তৰমুজ আদি খালে এই ৰোগ হয়। কাৰণ মাখিয়ে কলেৰা ৰোগীৰ মলৰ পৰা বীজাণু কঢ়িয়াই আনি আমাৰ খাদ্যত পেলায়।
৪. ভালকৈ নুধুৱা হাতেৰে খাদ্য খালে, য’ত পৰিষ্কাৰ শৌচাগাৰৰ ব্যৱস্থা নাই তেনে ঠাইত মুকলিত শৌচ কৰিলে, জনবসতি বেছি ঠাইত, বস্তি অঞ্চলত এই ৰোগ বৰ সোনকালে বিয়পে। সেয়ে বাৰিষা কালত, বানপানীৰ সময়ত, বান শিবিৰত আৰু মেলা-হাটত য’ত বহু মানুহ একেলগে থাকে তাত কলেৰাই মহামাৰীৰ ৰূপ লয়।
শৰীৰত সোমোৱাৰ পিছত ভিতৰত কি হয়?
এই বেক্টেৰিয়া পেটত সোমোৱাৰ পিছত ই আমাৰ পাকস্থলীৰ এচিড নেওচি ক্ষুদ্ৰান্তত গৈ বাহ লয় আৰু তাত বহু পৰিমাণে বংশ বৃদ্ধি কৰে। তাৰ পিছত ই Cholera Toxin নামৰ এবিধ বিষাক্ত পদাৰ্থ উৎপন্ন কৰে। এই বিষে আমাৰ ক্ষুদ্ৰান্তৰ কোষবোৰক উত্তেজিত কৰি দিয়ে।
সাধাৰণতে আমাৰ শৰীৰে খাদ্যৰ পৰা পানী শুহি লয়, কিন্তু এই বিষৰ প্ৰভাৱত ইয়াৰ ওলোটাটো হয়। শৰীৰৰ ভিতৰৰ পৰা, তেজৰ পৰা বহু পানী আৰু লৱণ যেনে ছডিয়াম, পটাছিয়াম, ক্লৰাইড আদি ক্ষুদ্ৰান্তলৈ ওলাই আহে আৰু পাতল শৌচৰ ৰূপত বাহিৰলৈ ওলাই যায়। ইয়াৰ ফলত এজন মানুহে কেইঘণ্টামানৰ ভিতৰতে ১০-২০ লিটাৰ পৰ্যন্ত পানী হেৰুৱাই পেলায় আৰু শৰীৰত তীব্ৰ পানীশূন্যতা হৈ যায়। যদি লগে লগে পানী আৰু লৱণ শৰীৰত ভৰাই দিয়া নহয় তেন্তে ৰোগীৰ বৃক্ক বিকল হৈ, হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হয়।
