ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। চাম্বা জিলাৰ তীছা-বৈৰাগড় পথৰ চালুজ মোড়ৰ সমীপত পৰ্যটৰক এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত সাতজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে, এই দুৰ্ঘটনাত ১১জন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।
ইফালে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
