স্বাধীনতাৰ ৮০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে লালকিল্লাত স্বাধীনতা দিৱসত গুঞ্জৰিত হ’ল ‘বন্দে মাতৰম’

স্বাধীনতাৰ ৮০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে লালকিল্লাত স্বাধীনতা দিৱসত গুঞ্জৰিত হ’ল ‘বন্দে মাতৰম’

১৫ আগষ্ট ১৯৪৭ ত জৱাহৰলাল নেহৰু জীয়ে লালকিল্লাৰ পৰা “ট্রিষ্ট উইথ ডেষ্টিনি” ভাষণ দিয়াৰ দিনাই প্ৰট’কল বনাইছিল। সেই প্ৰট’কলত লিখা আছিল – জাতীয় পতাকা উত্তোলনৰ পিছত কেৱল “জন গণ মন” বাজিব। কাৰণ ১৯৫০ চনত ইয়াক ৰাষ্ট্ৰীয় সংগীত হিচাপে চৰকাৰী স্বীকৃতি দিয়া হৈছিল।

 

“বন্দে মাতৰম” ক ১৯৫০ চনতেই ৰাষ্ট্ৰীয় গীত ৰ মৰ্যাদা দিয়া হৈছিল। কিন্তু ইয়াক স্কুলৰ প্ৰাৰ্থনা, চৰকাৰী অনুষ্ঠানৰ আৰম্ভণিতহে ব্যৱহাৰ কৰা হৈছিল। লালকিল্লাৰ মূল মঞ্চত ইয়াৰ ঠাই নাছিল।
২০২১ চনত ৭৫ বছৰত “আজাদী কা অমৃত মহোৎসৱ” আৰম্ভ হৈছিল। ২০২৬ ৰ পৰা ২০৪৭ লৈ ২১ বছৰক “অমৃত কাল” বুলি ঘোষণা কৰা হৈছে। এই সময়ত ভাৰতক আত্মনিৰ্ভৰ আৰু বিকশিত কৰাৰ লক্ষ্য।
৮০ বছৰটোক সেই যাত্ৰাৰ প্ৰথম ডাঙৰ পদক্ষেপ হিচাপে ল’লে। গতিকে কেৱল উন্নয়নৰ কথা নহয়, “সাংস্কৃতিক গৌৰৱ” ও দেখুৱাব লাগিব।

“জন গণ মন” ৰচনা ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিল। ই ভাৰতৰ ভৌগোলিক ঐক্যৰ কথা কয়।”বন্দে মাতৰম” ৰচনা বংকিম চন্দ্ৰ চট্টোপাধ্যায় কৰিছিল। ই ভাৰত মাতৃৰ প্ৰতি ভক্তিৰ কথা কয়।দুয়োটা একেলগে বজালে বাৰ্তা যায় – আমি ঐক্যবদ্ধ, আৰু দেশৰ প্ৰতি গৰ্বিতও

অসমৰ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ নাম বিশেষভাৱে লোৱা হ’ল। কনকলতাৰ বয়স আছিল মাত্ৰ ১৭। ১৯৪২ ৰ “ভাৰত ত্যাগ” আন্দোলনত গহপুৰ থানাত ত্ৰিৰংগা লৈ আগবাঢ়ি গৈছিল। ব্ৰিটিছে গুলী কৰিছিল, তথাপিও তেওঁ পতাকা নামোৱা নাছিল। তেওঁৰ মুখৰ শেষ শব্দ আছিল “বন্দে মাতৰম”।
৮০ বছৰত উত্তৰ-পূৰ্বৰ ত্যাগকো ৰাষ্ট্ৰীয় মঞ্চত স্থান দিয়া হ’ল।আজিৰ ল’ৰা-ছোৱালীয়ে “বন্দে মাতৰম” মানে কি বহুতে নাজানে। এতিয়া লালকিল্লাত বজাৰ পিছত সকলোৱে গুগল কৰিব, শিক্ষকে ক্লাছত বুজাব। ইয়াৰ দ্বাৰা ইতিহাস জীয়াই থাকিব।
১৫ আগষ্টৰ দিনা পুৱা ৭:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিলে। তাৰ পিছত ২১ টা তোপধ্বনি।প্ৰথমে আৰ্মি বেণ্ড এ “জন গণ মন” বজালে। ৫২ ছেকেণ্ড।তাৰ পিছত লগে লগে আকৌ “বন্দে মাতৰম” ৰ প্ৰথম ২ টা স্তৱক বজালে। প্ৰায় ৪০ ছেকেণ্ড।লাখ লাখ মানুহে লালকিল্লাৰ তলত থিয় হৈ দুয়োটা গীত গালে।

কিছুমান মানুহে কৈছিল প্ৰট’কল সলনি কৰা ঠিক নহ’ল। কিন্তু চৰকাৰে ক’লে – সংবিধানে দুয়োটাকে সন্মান দিছে। ৮০ বছৰত এইটো প্ৰতীকী পদক্ষেপ।
স্বাধীনতা মানে কেৱল চৰকাৰী বন্ধ নহয়। অতীতৰ শ্বহীদক মনত ৰখা, তেওঁলোকৰ গীতক সন্মান দিয়া, আৰু নতুন প্ৰজন্মক সেই কাহিনী কোৱাটোৱেই প্ৰকৃত স্বাধীনতা।৮০ বছৰ পিছত আমি বুজিলোঁ – দেশক আগুৱাই নিবলৈ হ’লে শিপাক পাহৰিলে নহ’ব। সেইবাবেই আজি “জন গণ মন” ৰ লগত “বন্দে মাতৰম” ও গুঞ্জৰিত হ’ল

Leave a Reply

Your email address will not be published. Required fields are marked *