ৰাঁচীঃ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ। হেজাৰ হেজাৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী আগবাঢ়িছে বিধানসভা ভৱনৰ দিশে। যিফালেই চকু যায়, কেৱল জনসমুদ্ৰ। প্ৰতিবাদী উত্তাল শ্লোগান আৰু দাবী সম্বলিত পোষ্টাৰেৰে মুখৰিত হৈ পৰিছে ৰাঁচীৰ ৰাজপথ। অৱশ্যে আৰক্ষীৰ দাবী— ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিবাদত কোনো বাধাৰ সৃষ্টি কৰা হোৱা নাই।
ইফালে, ছাত্ৰ সংগঠনে অভিযোগ উত্থাপন কৰি কয় যে বহু স্থানত প্ৰতিবাদকাৰীক আটক কৰাৰ লগতে ৰাঁচীলৈ অহাৰ পথত বাধা আৰোপ কৰা হৈছে। সকলো বাধা নেওচি আৰক্ষীৰ প্ৰথমটো বেৰিকেড ভাঙি নতুন বিধানসভাৰ দিশে ধাৱমান হয় ক্ষুব্ধ ছাত্ৰ সমাজ। আমৰণ অনশনত বহা দেৱেন্দ্ৰ মাহাতোৱেও এম্বুলেন্সত উঠি অংশ লয় এই প্ৰতিবাদী সমদলত।
বিধানসভামুখী প্ৰতিবাদকাৰীক ব্যাহত কৰিবলৈ আৰক্ষীয়ে ৱাটাৰ কেনন ব্যৱহাৰ কৰে যদিও প্ৰতিবাদকাৰীয়ে তাক ধেমালিৰ ছলেৰে উৎসৱৰ দৰেহে উদযাপন কৰা পৰিলক্ষিত হয়। ছাত্ৰ সমাজৰ ধেমালীয়া কটাক্ষ— “ৱাটাৰ কেননৰ পানী আৰম্ভণিতেই শেষ হ’ল, আমাৰ গালৈকে নাহিল। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে চৰকাৰৰ দুৰ্নীতি! চৰকাৰে ব্যৱহাৰ কৰা পানীহিলৈৰ পৰা পানীয়েই নোলায়।”
ইফালে, অনশনকাৰী দেৱেন্দ্ৰ মাহাতোৱে মিডিয়াৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “শিবু ছোৰেণ জীৱাই থকা হ’লে আজি নিজেই আমাৰ কাষত থিয় দিলেহেঁতেন। আজি তেওঁৰ পুত্ৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ জন্মদিন। এনে পৱিত্ৰ দিনত চৰকাৰে আমাক ৰক্তাক্ত বা ঝাৰখণ্ডক কলংকিত কৰা কোনো উপহাৰ দিয়াটো অনুচিত। জন্মদিনত এনে এক উপহাৰ দিয়া উচিত, যাতে ৰাজ্যৰ ভৱিষ্যৎ ছাত্ৰ সমাজ সুখী হয়।”
