চকু ৰঙা পৰা আৰু খজুৱতি হোৱাৰ কাৰণ কি? ঘৰুৱা উপায় আৰু প্ৰতিকাৰ জানক
চকু ৰঙা পৰা আৰু খজুৱতি হোৱা সমস্যাটো এতিয়া প্ৰায় প্ৰতিঘৰতে দেখা যায়। সৰু লৰা ছোৱালীৰ পৰা বয়সস্থ লোকলৈ সকলোৰে এই সমস্যা হয়। বিশেষকৈ গৰমৰ দিনত, ধূলি বেছি হোৱাৰ সময়ত আৰু দিনটো মোবাইল কম্পিউটাৰত কাম কৰা মানুহৰ এই সমস্যা বেছি হয়। চকু ৰঙা পৰিলে বহুতে ভয় খায় কিন্তু বেছিভাগ সময়তে ই ভয় কৰিবলগীয়া ৰোগ নহয়। সাধাৰণতে ধূলি, এলার্জি, ইনফেকচন বা চকু শুকাই যোৱাৰ বাবে চকু ৰঙা পৰে আৰু খজুৱতি হয়। চকু আমাৰ শৰীৰৰ আটাইতকৈ দামী আৰু সংবেদনশীল অংগ। সেয়ে চকুৰ অলপ যত্ন ললেই এই সমস্যাৰ পৰা হাত সাৰিব পাৰি।
চকু ৰঙা পৰাৰ আঁৰত বহুত কাৰণ থাকে। তাৰ ভিতৰত আটাইতকৈ বেছি হোৱা কাৰণটো হৈছে এলার্জি। আমাৰ চাৰিওফালে থকা ধূলি, ধোঁৱা, ফুলৰ ৰেণু, পোহনীয়া জন্তুৰ নোম বা কিছুমান খাদ্যৰ পৰা চকুত এলার্জি হয়। এলার্জি হলে চকু দুটা ৰঙা পৰাৰ লগতে পানী ওলাই থাকে আৰু বৰকৈ খজুৱতি হয়। মানুহে যিমানেই মোহাৰে সিমানেই খজুৱতি বাঢ়ি যায়। দ্বিতীয় প্ৰধান কাৰণটো হৈছে কনজাংটিভাইটিছ যাক আমি সাধাৰণতে চকু উঠা বুলি কও। ভাইৰাছ বা বেক্টেৰিয়াৰ বাবে চকুৰ ওপৰৰ পাতল পৰ্দাখনত ইনফেকচন হলে চকু ৰঙা পৰে। তেতিয়া চকুৰ পৰা পুঁজ ওলায়, ৰাতিপুৱা শুই উঠাৰ পিছত চকু লাগি ধৰে, পোহৰলৈ চাব নোৱাৰা হয় আৰু খজুৱতি হয়। এই ৰোগ এজনৰ পৰা আনজনলৈ বৰ সোনকালে বিয়পে। যদি ঘৰত এজনৰ চকু উঠে তেন্তে গোটেই ঘৰখনলৈ বিয়পি যোৱাৰ ভয় থাকে। তৃতীয় কাৰণটো হৈছে বেছি সময় মোবাইল, লেপটপ আৰু টিভি চাই থকা। আমি যেতিয়া একেৰাহে মোবাইল চাই থাকো তেতিয়া আমাৰ চকু টিপিয়াবলৈ পাহৰি যাও আৰু চকুৰ পানী শুকাই যায়। চকু শুকাই গলে চকু ৰঙা পৰে, জ্বলা পোৰা কৰে আৰু কিবা পৰি আছে যেন লাগে। ইয়াৰ উপৰিও ৰাস্তাৰ ধূলি বালি বা সৰু পোক চকুত পৰিলে, ৰাতি ভালদৰে টোপনি নহলে বা চকুত আঘাত পালেও চকু ৰঙা পৰিব পাৰে।
চকু ৰঙা পৰিলে বা খজুৱতি হলে আমি ঘৰতে কিছুমান যত্ন লব পাৰো……..
আটাইতকৈ দৰকাৰী কথাটো হৈছে চকু কেতিয়াও লেতেৰা হাতেৰে মোহাৰিব নালাগে। হাতত লাখ লাখ বীজাণু থাকে আৰু মোহাৰিলে ইনফেকচন আৰু বেছি হয়। তাৰ সলনি পৰিষ্কাৰ কাপোৰ এখন ঠাণ্ডা পানীত তিয়াই লৈ চকুৰ ওপৰত দিনে দুবাৰ তিনিবাৰকৈ দহ মিনিটকৈ সেক দিলে খজুৱতি আৰু ৰঙা পৰা বহুত কমি যায়। চকু দিনে দুবাৰ তিনিবাৰ পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুই থাকিব লাগে। ধূলি থকা ঠাইলৈ বা বাহিৰলৈ ওলাই গলে কলা চশমা পিন্ধি যাব লাগে যাতে ধূলি চকুত নপৰে। যি সকলে দিনটো কম্পিউটাৰত কাম কৰে তেওঁলোকে বিশ বিশ বিশ নিয়মটো মানি চলিব লাগে অৰ্থাৎ প্ৰতি বিশ মিনিটৰ মূৰে মূৰে বিশ ছেকেণ্ডৰ বাবে বিশ ফুট দূৰলৈ চাব লাগে। ৰাতি লাইট বন্ধ কৰি আন্ধাৰত মোবাইল চাই থাকিব নালাগে। নিজৰ ৰুমাল, গামোচা, তাৱেল আৰু চকুৰ কাজল আনক ব্যৱহাৰ কৰিবলৈ দিব নালাগে আৰু আনৰ বস্তু নিজেও ব্যৱহাৰ কৰিব নালাগে। চকু উঠা ৰোগ হলে কলা চশমা পিন্ধিব লাগে আৰু ঘৰতে জিৰণি লব লাগে।
যদিও বেছিভাগ চকু ৰঙা পৰা ঘৰুৱা যত্নতে ভাল হয় কিন্তু কিছুমান সময়ত ডাক্তৰৰ ওচৰলৈ যোৱাটো বহুত দৰকাৰ। যদি চকু ৰঙা পৰা দুদিন তিনিদিনতকৈ বেছি থাকে, চকুৰ পৰা বেছিকৈ হালধীয়া বা সেউজীয়া পুঁজ ওলাই আছে, চকুত বৰকৈ বিষ হৈছে, চকুৰে আগতকৈ কমকৈ দেখিছে, পোহৰলৈ চাব নোৱাৰা হৈছে বা চকু বৰকৈ ফুলি গৈছে তেন্তে লগে লগে চকুৰ ডাক্তৰৰ ওচৰলৈ যাব লাগে। ডাক্তৰক নুসুধাকৈ কোনো ড্ৰপ বা ঔষধ চকুত দিব নালাগে কাৰণ ভুল ড্ৰপে চকুৰ বেছি ক্ষতি কৰিব পাৰে। চকু অবিহনে জীৱন আন্ধাৰ সেয়ে চকুৰ অলপ সমস্যা হলেও অৱহেলা কৰিব নালাগে।
