LP-UP শিক্ষকৰ বদলি সন্দৰ্ভত ডাঙৰ খবৰ! Medical Board ত হাজিৰ হোৱাটো বাধ্যতামূলক
বৰাক উপত্যকাৰ LP-UP শিক্ষকসকলৰ বাবে আহিল গুৰুত্বপূৰ্ণ জাননী। TTMS প’ৰ্টেলত Medical Ground ত বদলিৰ বাবে আবেদন কৰা শিক্ষকসকলে এতিয়া মেডিকেল ব’ৰ্ডৰ সন্মুখত হাজিৰ হ’ব লাগিব।
শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি, আবেদনকাৰী শিক্ষকসকলক শিলচৰ মেডিকেল কলেজ হাস্পতাল SMCH ত অনুষ্ঠিত হ’বলগীয়া মেডিকেল ব’ৰ্ডত উপস্থিত থাকিবলৈ কোৱা হৈছে।
কেতিয়া হ’ব মেডিকেল ব’ৰ্ড?
মেডিকেল ব’ৰ্ড অনুষ্ঠিত হ’ব ৮, ১০ আৰু ১৪ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে।
লগত কি নিব লাগিব?
নিৰ্ধাৰিত দিনা শিক্ষকসকলে নিজৰ সকলো চিকিৎসা-সংক্ৰান্তীয় নথি-পত্ৰ, প্ৰয়োজনীয় মেডিকেল ডকুমেণ্টৰ ফটোকপিসহ SMCH ত উপস্থিত থাকিব লাগিব।
বদলি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ এই পৰীক্ষা বাধ্যতামূলক বুলি বিভাগে স্পষ্ট কৰি দিছে।
