জোন গগৈৰ পৰা ঘাতক ঘনকান্ত কেনেকৈ হৈছিল ঘনকান্ত

Screenshot

ঘনকান্ত গগৈৰ অতীত বিতৰ্কেৰে ভৰা। প্ৰথমতে তেওঁ জোন গগৈ নামেৰে পৰিচিত আছিল। উজনি অসমত দালালি কৰি মাটি-বাৰী আৰু ধনৰ লেনদেনৰ নামত বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে।

ঘনকান্ত গগৈৰ ঘৰ নাহৰকটীয়াৰ জয়পুৰৰ লেবাংকুলাত। মাতৃ, ভায়েক, ভগ্নীৰে সৈতে আছিল পৰিয়াল। মাতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ দায়িত্ব তেওঁৰ ওপৰত পৰিছিল, কিন্তু ধনৰ লেনদেনক লৈ হোৱা বিবাদৰ বাবে তেওঁ নিজৰ ঘৰ এৰি ডিব্ৰুগড়ত ভাড়াঘৰ লৈ থাকিবলৈ লয়। তেতিয়াৰ পৰাই পৰিয়ালৰ সৈতেও দূৰত্ব বাঢ়ে।

ডিব্ৰুগড়তো তেওঁ দালালি অব্যাহত ৰাখে আৰু উজনিৰ বিভিন্ন ঠাইত ধনৰ বিবাদত নাম সাঙোৰ খায়।

তেওঁৰ বিৰুদ্ধে প্ৰথম গোচৰ ৰুজু হৈছিল যোৰহাটত। শুভম গাৰ্ডেনৰ ওচৰত তিনিজন সহযোগীৰ সৈতে পাঁচজন লোকক প্ৰহাৰ কৰাৰ অভিযোগত তেওঁক আৰক্ষীয়ে আটক কৰিছিল।

এই সময়ছোৱাতে তেওঁ পৰিচয় সলনি কৰে। ডিব্ৰুগড়ৰ ঠিকনাৰে জোন গগৈৰ পৰা ঘনকান্ত গগৈ নামত নতুন আধাৰ কাৰ্ড উলিওৱাৰ অভিযোগ উঠিছে।

ইয়াৰ পিছত যোৰহাটত এজন ব্যৱসায়ীক মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি দিয়া, শিৱসাগৰৰ ডিমৌ আৰু বিহপুৰীয়াৰ এটা পৰিয়ালৰ পৰা ধন লৈ ঘূৰাই নিদিয়াৰ দৰে গোচৰো তেওঁৰ বিৰুদ্ধে ৰুজু হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *