প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পাছত শোকত ভাগি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ। মানসিকভাৱে তীব্ৰভাৱে ভাগি পৰা গৰিমাক উন্নত চিকিৎসা আৰু বিশেষ কাউঞ্চেলিঙৰ বাবে মুম্বাইলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে চিকিৎসকৰ দলে।
মঙলবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱাই।
যোৱা শনিবাৰে অসম জাতীয় বিদ্যালয়ত এটা অনুষ্ঠানত অংশ লৈ থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰে গৰিমা। তাৰ পিছতে তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।
ডাঃ বৰুৱাৰ মতে, গৰিমা শইকীয়া বৰ্তমান শাৰীৰিকভাৱে সুস্থিৰ যদিও মানসিকভাৱে চৰম হতাশাত ভুগিছে। জুবিনৰ মৃত্যুৰ শোক তেওঁ কোনো কাৰণতে সহ্য কৰিব পৰা নাই। ইয়াৰ বাবে তেওঁৰ খোৱা-বোৱা আৰু টোপনিৰ তীব্ৰ সমস্যাই দেখা দিছে। নিশা টোপনি নহা আৰু অত্যধিক মানসিক চাপৰ বাবে তেওঁক বিশেষজ্ঞৰ কাউঞ্চেলিঙৰ প্ৰয়োজন হৈছে।
চিকিৎসকৰ আগত গৰিমাই অত্যন্ত আবেগিক হৈ পৰা বুলি জনায় ডাঃ বৰুৱাই। এই সময়ত তেওঁক উন্নত পৰ্যবেক্ষণত ৰখাটো অত্যন্ত জৰুৰী। সেয়ে অতি সোনকালে তেওঁক মুম্বাইৰ বিশেষ চিকিৎসা কেন্দ্ৰলৈ নিয়া হ’ব। তাত প্ৰায় ১৫ ৰ পৰা ২০ দিন ধৰি তেওঁৰ বিশেষ চিকিৎসা আৰু কাউঞ্চেলিং চলিব। মুম্বাইৰ কোনখন হাস্পতালত চিকিৎসা হ’ব সেয়া পৰিয়ালৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰা হ’ব।
