কেন্সাৰৰ ৪০ হাজাৰৰ দৰৱ এতিয়া ২,৭২০ টকাত! কেনেকৈ পাব এই সুবিধা? জানক সবিশেষ

Screenshot

কেন্সাৰ ৰোগীৰ বাবে ডাঙৰ সুখবৰ! NPPA ৰ ডাঙৰ সিদ্ধান্ত

কেন্সাৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে এটা অতি ভাল খবৰ আহিছে। নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি চমুকৈ NPPA এ কেন্সাৰৰ ঔষধৰ দাম বহু পৰিমাণে কমাই দিছে।

উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতহে এই সিদ্ধান্ত লোৱা হৈছে। NPPA এ কেন্সাৰ চিকিৎসাত ব্যৱহৃত ১৩৭ বিধৰ ৫৪৩ টা ঔষধৰ দাম ৯০% ৰ পৰা ৯৩% লৈ কমাই দিছে। এই নতুন দাম ৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। ইয়াৰ ফলত লাখ লাখ ৰোগী উপকৃত হ’ব।

কোনটো ঔষধৰ দাম কিমান কমিল?

স্তন কেন্সাৰত ব্যৱহাৰ হোৱা Palbociclib (Palbopro 125 mg) ঔষধৰ আগৰ দাম আছিল ৪০,৪২১ টকা। এতিয়া এই ঔষধটো মাত্ৰ ২,৭২০ টকাত পোৱা যাব। অৰ্থাৎ প্ৰায় ৯৩.৩% দাম কমিল।

আন এবিধ বেজী Thiotepa (Samtepa 100 mg) ৰ আগৰ দাম আছিল ৮০,০৭১ টকা। এতিয়া ইয়াৰ দাম কমি ৭,১৫০ টকা হৈছে। প্ৰায় ৯১% ৰেহাই।

উচ্চতম ন্যায়ালয়ে কি কৈছিল?

আচলতে জীৱনদায়িনী ঔষধৰ বেছি দাম লোৱা বাবে উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছিল। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাই এই বিষয়ত বেয়াকৈ ক্ষোভ প্ৰকাশ কৰে।

তেওঁলোকে কয় যে কোম্পানীয়ে ২,৭০০ টকাত দিয়া ঔষধটোৰ MRP ২৭,০০০ টকা লোৱাটো দিন-ডকাইতিৰ দৰে।

ইয়াৰ পাছতে NPPA এ ১৩৭ বিধ কেন্সাৰৰ ঔষধৰ লাভৰ সীমা মাত্ৰ ৩০% কৰি দিয়ে।

চৰকাৰৰ মতে, এই সিদ্ধান্তৰ বাবে দেশৰ কেন্সাৰ ৰোগীসকলে প্ৰতি বছৰে ২,৫০০ কোটিৰ পৰা ৩,৫০০ কোটি টকা ৰাহি কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *