যোৰহাটত বৃহৎ হানি ট্ৰেপ চক্ৰ উৎখাত! বেংক মেনেজাৰৰ পৰা সৰকালে লাখ লাখ টকা
যোৰহাটত আৰক্ষীৰ বৃহৎ সফলতা। এটা সংঘবদ্ধ হানি ট্ৰেপিং চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী। এই চক্ৰটোৱে সামাজিক মাধ্যমক অস্ত্ৰ হিচাপে লৈ আঢ্যৱন্ত লোকক লক্ষ্য কৰি ব্লেকমেইলিঙৰ জাল পেলাইছিল।
আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ২ গৰাকী মহিলা আৰু ৩ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
ইনষ্টাগ্ৰামৰ পৰা আৰম্ভ হৈছিল ফান্দ!
তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। তিনিচুকীয়াৰ এজন বেংক মেনেজাৰক পৰিকল্পিতভাৱে এই চক্ৰটোৱে টাৰ্গেট কৰিছিল।
যোৱা জুলাই মাহত ইনষ্টাগ্ৰামত এগৰাকী বিবাহিত মহিলাৰ সৈতে বেংক মেনেজাৰজনৰ চিনাকি হয়। কথাৰ পৰা প্ৰেম, প্ৰেমৰ পৰা ঘনিষ্ঠতা বৃদ্ধি পায়।
পৰিকল্পনা অনুসৰি আগষ্ট মাহত মহিলাগৰাকীয়ে মেনেজাৰজনক যোৰহাটলৈ মাতে। যোৰহাটৰ অজন্তা হলৰ ওচৰৰ এটা ভাড়া ঘৰত দুয়ো লগ হয়। আৰক্ষীৰ অভিযোগ অনুসৰি, দুয়ো নিশা কটোৱাৰ সময়তে পূৰ্ব পৰিকল্পনা মতে দুজন যুৱক কোঠাত সোমাই আহে আৰু গোপনে ভিডিঅ’ ৰেকৰ্ড কৰে।
সেই ভিডিঅ’কে অস্ত্ৰ কৰি আৰম্ভ হয় ব্লেকমেইলিং। প্ৰথমে ২ লাখ, তাৰ পিছত ১ লাখ ১৫ হাজাৰ টকা সৰকায় চক্ৰটোৱে। ইমানতে ক্ষান্ত নাথাকি পুনৰ ৫ লাখ টকা দাবী কৰে। ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে।
অৱশেষত উপায়ন্তৰ হৈ ভুক্তভোগী বেংক মেনেজাৰজনে যোৰহাট আৰক্ষীৰ কাষ চাপে।
স্বামী-স্ত্ৰী দুয়ো জড়িত!
অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গড়মুৰ-ইটাখুলিৰ পৰা অংকিত পল আৰু সঞ্জীৱ দাসক গ্ৰেপ্তাৰ কৰে। পিছত চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড মহিলাগৰাকীকো জালত পেলায়। আৰক্ষীৰ তথ্য মতে, গ্ৰেপ্তাৰ হোৱা এজন যুৱক মহিলাগৰাকীৰ স্বামী। অৰ্থাৎ স্বামী-স্ত্ৰীয়ে মিলি চলাইছিল এই জঘন্য ব্যৱসায়।
জব্দ কৰা মোবাইলত উদ্ধাৰ হৈছে বহু QR Code। সেই QR Code ৰ জৰিয়তেই ধনৰ লেনদেন হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে এই চক্ৰটোৰ জালত আৰু বহু লোক পৰিছে। ONGC ৰ এজন কৰ্মচাৰীও এই চক্ৰৰ বলি হোৱা বুলি তথ্য পোৱা গৈছে।
বৰ্তমান আৰক্ষীয়ে জব্দ কৰা মোবাইল ফোনৰ তথ্যৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে।
