ৰাতিপুৱা খালি পেটত পানীত তিয়াই থোৱা ৫ টা বাদাম খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি কোৱা হয়। আয়ুৰ্বেদৰ পৰা আধুনিক বিজ্ঞানলৈকে সকলোতে বাদামক ‘Superfood’ বুলি কোৱা হয়। নিয়মীয়াকৈ মাত্ৰ ১ মাহ খাই চাওক, শৰীৰত নিজেই পাৰ্থক্য দেখিব।
১মাহত কি কি পৰিৱৰ্তন হয়?
১. মগজু হ’ব চোকা:
বাদামত আছে Vitamin E আৰু Omega-3 যিয়ে স্মৃতিশক্তি বঢ়ায়। ছাত্ৰ-ছাত্ৰী আৰু কৰ্মব্যস্ত লোকৰ বাবে ই অমৃত সমান। পাহৰি যোৱা ৰোগ কম হয়।
১. ছাল আৰু চুলি হ’ব ধুনীয়া:
বাদামত থকা Antioxidant আৰু Vitamin E এ ছালৰ উজ্জ্বলতা বঢ়ায়, শালমইনা কমায় আৰু চুলি সৰা বন্ধ কৰে। ভিতৰৰ পৰা glow আহিব।
১. হজম শক্তি আৰু ওজন নিয়ন্ত্ৰণ:
খালি পেটত বাদাম খালে দিনটো ভোক কম লাগে। ইয়াত থকা Fiber এ হজম শক্তি বঢ়ায় আৰু ওজন কমোৱাত সহায় কৰে।
১. হৃদৰোগৰ পৰা ৰক্ষা:
বাদামে বেয়া কলেষ্টেৰল (LDL) কমাই ভাল কলেষ্টেৰল বঢ়ায়। যাৰ ফলত হাৰ্ট সুস্থ থাকে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
১. ডায়েবেটিছ নিয়ন্ত্ৰণত:
ইয়াত থকা Magnesium এ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।
খোৱাৰ সঠিক নিয়ম কি?
ৰাতি ৫ টা বাদাম পানীত তিয়াই থওক। ৰাতিপুৱা বাকলি গুচাই খালি পেটত খাওক। তাৰ ৩০ মিনিট পিছতহে চাহ বা অন্য খাদ্য খাব।
মনত ৰাখিব: দিনত ৫-৬ টাতকৈ বেছি বাদাম নাখাব, বেছি খালে ওজন বাঢ়িব পাৰে।
নিয়মীয়াকৈ খাওক, সুস্থ থাকক!
