দিল্লীত ২৩ হাজাৰ জোৱান মোতায়েন, কি হৈ আছে ৰাজধানীত?

Screenshot

 

দিল্লী এতিয়া প্ৰায় দুৰ্গত পৰিণত। যন্তৰ-মন্তৰত ১০ অক্টোবৰত হ’বলগীয়া যন্তৰ-মন্তৰ ২.০ প্ৰতিবাদক লৈ গৃহ মন্ত্ৰালয়ে দিল্লীক ঘেৰি ৰাখিছে।

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJP আৰু বিৰোধী দলসমূহে এই প্ৰতিবাদৰ আহ্বান দিছে। মুম্বাইৰ শিৱাজী পাৰ্কৰ বিশাল সমাৱেশৰ পিছত এইবাৰ লক্ষ্য দিল্লী।

ইয়াৰ বাবে ৮ ৰ পৰা ১২ অক্টোবৰলৈ ২২১ কোম্পানী CAPF, অৰ্থাৎ প্ৰায় ২৩ হাজাৰ জোৱান মোতায়েন কৰা হৈছে। ইয়াৰ ভিতৰত ৮৫টা CRPF, ১০টা SSB, ৭টা RAF, ৭টা ITBP আৰু ১টা CISF কোম্পানী আছে। লগত থাকিব ২০ হাজাৰ দিল্লী আৰক্ষী। এই সংখ্যা কৃষক আন্দোলনতকৈও বেছি।

কি কি বন্ধ থাকিব?
১০ অক্টোবৰত সমগ্ৰ নতুন দিল্লী ছীল, জনপথ, ৰাজীৱ চক, পেটেল চককে ধৰি ১১টা মেট্ৰ’ ষ্টেচন বন্ধ, বজাৰ বন্ধৰো সম্ভাৱনা, সীমান্তত হাই এলাৰ্ট, ৰে’ল ষ্টেচন-বাছ আস্থানত তীক্ষ্ণ নজৰ।

নিৰাপত্তাৰ বাবে বহুস্তৰীয় বেৰিকেডিং, FRS আৰু CCTV ৰে কণ্ট্ৰ’ল ৰূমৰ পৰা নিৰীক্ষণ, আৰু BNSS ১৬৩ ধাৰা বলবৎ কৰা হৈছে। কোনো সমাৱেশৰ অনুমতি নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *