নাকেৰে উশাহ লব পৰা নাই? নাকৰ পৰা তেজ ওলাইছে? কাৰণ আৰু ঘৰুৱা উপায় জানকনাকেৰে উশাহ লব পৰা নাই? নাকৰ পৰা তেজ ওলাইছে? কাৰণ আৰু ঘৰুৱা উপায় জানক

নাকেৰে উশাহ লব পৰা নাই? নাকৰ পৰা তেজ ওলাইছে? কাৰণ আৰু ঘৰুৱা উপায় জানক

নাকেৰে উশাহ লোৱাত সমস্যা হোৱা আৰু নাকৰ পৰা তেজ ওলোৱা দুয়োটাই আজিকালি বহুত মানুহৰ মাজত দেখা যায়। বিশেষকৈ ধূলি বেছি হোৱা, গৰম বেছি হোৱা, ঠাণ্ডা লগা আৰু এলার্জি থকা মানুহৰ ক্ষেত্ৰত এই সমস্যা বেছি হয়। নাক আমাৰ উশাহ লোৱাৰ প্ৰধান বাট। নাকেৰে উশাহ ললে বতাহ খিনি পৰিষ্কাৰ হয়। যেতিয়া নাক বন্ধ হৈ যায় তেতিয়া মুখেৰে উশাহ লব লগা হয়, যাৰ বাবে ডিঙি শুকাই যায়, টোপনি বেয়া হয়, মূৰৰ বিষ হয় আৰু গোটেই দিনটো ভাগৰ লাগি থাকে।

নাকেৰে উশাহ লোৱাত সমস্যা হোৱাৰ বহুত কাৰণ আছে। চৰ্দি লাগিলে নাকৰ ভিতৰৰ মাংস ফুলি যায় আৰু নাক বন্ধ হৈ যায়। এলার্জি থাকিলে ধূলি বা ঠাণ্ডাৰ বাবে নাকৰ ভিতৰখন ফুলি থাকে আৰু পানী ওলাই থাকে। কিছুমান মানুহৰ নাকৰ হাড়টো বেঁকা থাকে যাৰ বাবে এটা ফালে সদায় নাক বন্ধ হৈ থাকে। বহুদিন ধৰি চৰ্দি থাকিলে বা নাকৰ ভিতৰত মাংস বাঢ়িলে যাক পলিপ বোলে তেতিয়াও নাকেৰে উশাহ লোৱাত কষ্ট হয়। আনহাতে নাকৰ পৰা তেজ ওলোৱাৰ প্ৰধান কাৰণ হৈছে নাকৰ ভিতৰখন শুকান হোৱা। নাকৰ ভিতৰত বহুত পাতল পাতল ৰক্তনলী থাকে। গৰমৰ দিনত, শীতকালত বা পানী কমকৈ খালে নাকৰ ভিতৰখন শুকাই যায় আৰু অলপ ঘঁহা লাগিলেই সেই নলী ফাটি তেজ ওলায়। নাক খোঁচৰা, জোৰকৈ নাক ফোঁচা, বেছি গৰম চাহ খোৱা বা ৰদত বেছি সময় থকাৰ বাবেও তেজ ওলাব পাৰে।

এই দুয়োটা সমস্যাৰ বাবে ঘৰতে কৰিব পৰা কিছু উপায় আছে। নাকেৰে উশাহ লোৱাত সমস্যা হলে প্ৰথমে গৰম পানীৰ ভাপ লোৱা বৰ ভাল। এটা বাটিত গৰম পানী লৈ তাৰ ভাপটো নাকেৰে লাহে লাহে ললে নাকৰ ভিতৰৰ বন্ধ হৈ থকা শ্লেষ্মা পাতল হয় আৰু নাক খুলি যায়। কুহুমীয়া নিমখীয়া পানীৰে দিনে দুবাৰ নাক ধুলেও নাকৰ ভিতৰৰ ধূলি আৰু এলার্জি আঁতৰি যায় আৰু উশাহ লোৱাত সহজ হয়। ৰাতি শোওতে মূৰটো অলপ ওখ কৰি শুলে নাক বন্ধ হোৱা কম হয়। ঘৰটো ধূলি মুক্ত কৰি ৰখা, বিচনাৰ চাদৰ সঘনাই ধোৱা আৰু ধূলি থকা ঠাইত মাস্ক পিন্ধিলে এই সমস্যা বহুত কমি যায়। পানী বেছিকৈ খালে নাকৰ ভিতৰখন ভিজা হৈ থাকে আৰু শুকান নহয়।

নাকৰ পৰা তেজ ওলালে ভয় কৰিব নালাগে। পোন হৈ বহি লৈ মূৰটো অলপ আগলৈ দোঁ খুৱাই দিব লাগে। কেতিয়াও মূৰটো পিছলৈ হেলাব নালাগে কাৰণ তেতিয়া তেজ ডিঙিৰ ভিতৰলৈ যায়। তাৰ পিছত নাকৰ তলৰ কোমল অংশটো দুটা আঙুলিৰে লাহে লাহে টিপি ধৰি একেৰাহে দহৰ পৰা পোন্ধৰ মিনিট ধৰি থাকিব লাগে। মাজতে এৰি দি চাব নালাগে। মুখেৰে উশাহ লৈ থাকিব লাগে। নাকৰ ওপৰত ঠাণ্ডা পানীৰ সেক বা বৰফৰ সেক দিলে তেজ সোনকালে বন্ধ হয়। তেজ বন্ধ হোৱাৰ পিছত এদিনলৈ নাকটো নোখোঁচৰাব, জোৰকৈ নুফুঁচাব আৰু বেছি গৰম বস্তু নাখাব। নাকৰ ভিতৰখন ভিজা কৰি ৰাখিবলৈ নাকৰ চাৰিওফালে অলপ ভেচলিন বা নাৰিকল তেল লগাব পাৰে।

যদি নাকেৰে উশাহ লোৱা সমস্যা দহ দিনতকৈ বেছি থাকে, ৰাতি টোপনিত উশাহ বন্ধ হোৱা যেন লাগে, নাকৰ পৰা তেজ বিশ মিনিটতকৈ বেছি সময় বন্ধ নহয়, বা মাহত কেইবাবাৰো তেজ ওলাই থাকে তেন্তে ঘৰুৱা উপায়তে বহি নাথাকি ওচৰৰ ডাক্তৰৰ ওচৰলৈ যোৱাটো বহুত দৰকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *