AC নাই? গৰমত ৰাতি টোপনি অহা নাই? এই ১ টা ট্ৰিক কৰক, ঠাণ্ডা হৈ থাকিব কোঠা
গৰমৰ দিন আহিলেই সকলোৰে এটাই চিন্তা, ৰাতি কেনেকৈ শুব? দিনটো যেনে তেনে কাটি যায় যদিও ৰাতি বিচনাত পৰিলে গৰমৰ বাবে টোপনি নাহে। ফেন চলাই দিলেও গৰম বতাহহে আহে, ঘামেৰে গা তিতি যায় আৰু ৰাতি বাৰে বাৰে সাৰ পাব লগা হয়। যাৰ বাবে পিছদিনা গোটেই দিনটো ভাগৰ লাগি থাকে, কামত মন নবহে। বহুতে ভাবে AC লগালেই এই সমস্যা শেষ হৈ যাব, কিন্তু AC কিনিবলৈ ৩০-৪০ হাজাৰ টকা লাগে আৰু মাহে ২-৩ হাজাৰ টকা বিজুলী বিল আহে। যিটো সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। কিন্তু আপুনি জানেনে AC নোহোৱাকৈও আপুনি আপোনাৰ কোঠাটো একেবাৰে শ্বিমলাৰ দৰে ঠাণ্ডা কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ বেছি টকাও খৰচ নহব আৰু কোনো মিস্ত্ৰীকো মাতিব নালাগে।
আচলতে আমাৰ ঘৰতে থকা দুটা বস্তুৰে আপুনি এটা Desi AC বনাব পাৰে। ইয়াৰ বাবে আপোনাক মাত্ৰ বৰফ আৰু ফেনৰ প্ৰয়োজন হব। এই ট্ৰিকটো বহুত পুৰণি যদিও বহুতে এতিয়াও নাজানে। প্ৰথমে আপুনি আপোনাৰ ফ্ৰীজৰ পৰা বহুখিনি বৰফ উলিয়াই লওক, যদি বৰফ বেছি নাই তেন্তে পানীৰ বটল ফ্ৰীজত থৈ বৰফ কৰি লওক। তাৰ পিছত এটা ডাঙৰ বাল্টি বা তপত সেই বৰফখিনি ঢালি দিয়ক আৰু অলপ নিমখ মিহলাই দিয়ক যাতে বৰফ সোনকালে নগলে। এতিয়া আপোনাৰ ঘৰত থকা ষ্টেণ্ড ফেন বা টেবুল ফেনখন সেই বাল্টিৰ ঠিক পিছফালে ৰাখি জোৰকৈ চলাই দিয়ক। যেতিয়া ফেনৰ বতাহ বৰফৰ ওপৰেৰে পাৰ হৈ সন্মুখলৈ আহিব তেতিয়া সেই বতাহ একেবাৰে AC ৰ বতাহৰ দৰে ঠাণ্ডা হৈ যাব। বিজ্ঞানৰ ভাষাত ইয়াক Evaporative Cooling বুলি কোৱা হয়। এই ঠাণ্ডা বতাহে মাত্ৰ পোন্ধৰ মিনিটৰ ভিতৰতে আপোনাৰ গোটেই কোঠাটো ঠাণ্ডা কৰি দিব আৰু আপুনি লগে লগে আৰাম অনুভৱ কৰিব। এই ট্ৰিকটোৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াত আপোনাৰ এটকাও বেছি বিজুলী বিল নাহে আৰু স্বাস্থ্যৰ বাবেও কোনো ক্ষতি নহয়। AC ৰ বতাহত বহু সময়ত চৰ্দি লাগে যদিও এই বতাহ একেবাৰে প্ৰাকৃতিক।
ইয়াৰ লগতে আপুনি যদি আৰু বেছি ঠাণ্ডা বিচাৰে তেন্তে শুৱাৰ আগতে দুটা কাম কৰিব পাৰে। প্ৰথমতে আপোনাৰ কোঠাৰ খিৰিকী দুখনত দুখন চাদৰ পানীত তিয়াই ওলোমাই দিয়ক। বাহিৰৰ পৰা যেতিয়া গৰম বতাহ ভিতৰলৈ সোমাব তেতিয়া সেই তিতা চাদৰৰ বাবে বতাহটো ফিল্টাৰ হৈ ঠাণ্ডা হৈ সোমাব। দ্বিতীয়তে শুৱাৰ দহ মিনিট আগতে এখন সৰু গামোচা বা ৰুমাল পানীত তিয়াই ফ্ৰীজত ৰাখক আৰু শুৱাৰ সময়ত সেই ৰুমালখনেৰে ডিঙি, কপাল আৰু হাত ভালকৈ মচি লওক। ইয়াৰ ফলত আপোনাৰ শৰীৰৰ তাপমাত্ৰা লগে লগে কমি যাব আৰু আপোনাৰ বৰ সোনকালে গভীৰ টোপনি আহিব। গতিকে দেৰি নকৰি আজি ৰাতিৰ পৰাই এই সহজ উপায়টো এবাৰ কৰি চাওক, গৰমৰ পৰা চিৰদিনৰ বাবে মুক্তি পাব।
