খাৰ খালে গেছ বাঢ়ে নে ভাল হয়? আচল সত্য জানিলে আচৰিত হ’ব!

Screenshot

 

বহু মহিলাই এই সমস্যাটো লাজ কৰি কাকো নকয়। পেচাব কৰোঁতে জ্বলা-পোৰা কৰে, বাৰে বাৰে পেচাব লাগে, কিন্তু পেচাব কৰিলে অলপহে ওলায়। এইটো সাধাৰণ কথা বুলি এৰি দিলে ডাঙৰ বেমাৰ হ’ব পাৰে।

১ নম্বৰ কাৰণ – পেচাবৰ সংক্ৰমণ (UTI)

মহিলাৰ আটাইতকৈ বেছি হোৱা কাৰণ এইটোৱেই।
পানী কম খালে, বেছি সময় পেচাব ৰাখি থ’লে, পৰিষ্কাৰ নাথাকিলে বীজাণু সোমাই যায়।

লক্ষণ:
– পেচাব কৰোঁতে জ্বলা-পোৰা
– বাৰে বাৰে পেচাব লগা
– পেচাবৰ ৰং ঘোলা, বেয়া গোন্ধ ওলোৱা
– তলপেটত বিষ

২ নম্বৰ কাৰণ – পানী কম খোৱা আৰু তিতা হৈ থকা

দিনটোত পানী কম খালে পেচাব গাঢ় হৈ যায়। তেতিয়া জ্বলা-পোৰা কৰে।
আৰু গৰমত তিতা পেণ্টী বেছি সময় পিন্ধি থাকিলেও সংক্ৰমণ হয়।

৩ নম্বৰ কাৰণ – গোপন অংশৰ সংক্ৰমণ

গোপন অংশত খজুৱতি, বগা পানী, বেয়া গোন্ধ থাকিলে পেচাব কৰোঁতে জ্বলিব পাৰে। ভিতৰত চাবোন, চেণ্ট দিলেও এই সমস্যা বাঢ়ে।

এতিয়া কি কৰিব?

কৰিব:. দিনে ৮-১০ গিলাচ পানী খাব
১. পেচাব লাগিলে ৰাখি নাথাকিব, লগে লগে যাব
২. পেচাবৰ পিছত সন্মুখৰ পৰা পিছলৈ পৰিষ্কাৰকৈ ধুব
৩. শুকান কপাহী পেণ্টী পিন্ধিব
৪. Period ৰ সময়ত ৪-৫ ঘণ্টাৰ মূৰে মূৰে পেড সলনি কৰিব

কেতিয়াও নকৰিব:
১. নিজে ঔষধৰ দোকানৰ পৰা এণ্টিবায়টিক নাখাব
২. ভিতৰত চাবোন, ডেটল, গৰম পানী নিদিব
৩. ৩ দিনতকৈ বেছি ৰৈ নাথাকিব

কেতিয়া লগে লগে ডাক্তৰৰ ওচৰলৈ যাব?

– পেচাবৰ লগত তেজ ওলালে
– জ্বৰ, কঁকালত বিষ, বমি হ’লে
– ৩ দিনতকৈ বেছি জ্বলা-পোৰা থাকিলে
– গৰ্ভৱতী হ’লে

Leave a Reply

Your email address will not be published. Required fields are marked *