কৰ্ণাটকত E20 পেট্ৰ’লত অত্যাধিক ইথানল মিহলিৰ অভিযোগৰ পিছতে সক্ৰিয় হৈছে তৈল কোম্পানি সমুহ।
ইথানল-মিশ্ৰিত পেট্ৰ’লৰ (E20) গুণগত মান সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰীয় তেল বিপণন কোম্পানীসমূহে সমগ্ৰ দেশৰ পেট্ৰ’ল পাম্পসমূহক মজুট ৰখা টেংকী আৰু ইন্ধন যোগান ধৰা নজেলসমূহ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে।
এই পৰীক্ষাসমূহৰ উদ্দেশ্য হৈছে পানীৰ প্ৰদূষণ প্ৰতিৰোধ কৰা, যিয়ে ইথানল-মিশ্ৰিত ইন্ধনৰ গুণগত মানত প্ৰভাৱ পেলাব পাৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই নিৰ্দেশনা তিনিটা চৰকাৰী তেল বিপণন কোম্পানীৰ দ্বাৰা পৰিচালিত ৯৩,০০০ তকৈও অধিক পেট্ৰ’ল পাম্পৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (IOC) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড (HPCL)ৰ বেছিভাগ ৰিটেইল আউটলেটে প্ৰতি দুইৰ পৰা চাৰি ঘণ্টাৰ মূৰে মূৰে বাধ্যতামূলক ভাবেপৰীক্ষা চলাব লাগিব। আনহাতে, ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডে (BPCL) পৰীক্ষাৰ সময়সীমা প্ৰতি আঠ ঘণ্টাত এবাৰলৈ হ্ৰাস কৰিছে।
BPCL-এ ২৩ অক্টোবৰৰ এখন চিঠিৰ জৰিয়তে নিজৰ ডীলাৰসকলক এই নিৰ্দেশনা জাৰি কৰে।
সংশোধিত নিৰ্দেশনা অনুসৰি দিনে-নিশাই ২৪ ঘণ্টা চলি থকা আউটলেটসমূহত দিনটোত অন্ততঃ তিনিবাৰ আৰু ২৪ ঘণ্টাতকৈ কম সময় চলা আউটলেটসমূহত দুবাৰকৈ পৰীক্ষা কৰাটো হব বাধ্যতামূলক ।
এই বৰ্ধিত নিৰীক্ষণ অতি গুৰুত্বপূৰ্ণ কাৰণ ইথানল হৈছে হাইগ্ৰ’স্কোপিক (hygroscopic), অৰ্থাৎ ই ইয়াৰ চৌপাশৰ পৰা সহজে আৰ্দ্ৰতা শোষণ কৰে। বিশেষজ্ঞসকলৰ মতে, যেতিয়া E20 পেট্ৰ’ল পানীৰ সংস্পৰ্শলৈ আহে, তেতিয়া ইথানল পেট্ৰ’লৰ পৰা পৃথক হৈ মজুত টেংকীৰ তলত এটা সুকীয়া পানী-ইথানলৰ স্তৰ গঠন কৰে। এই প্ৰক্ৰিয়াটোক ‘ফেজ চেপাৰেচন’ (phase separation) বা স্তৰ পৃথকীকৰণ বুলি জনা যায়।
মজুত টেংকীত পানীৰ প্ৰৱেশ ধৰা পেলাবলৈ ডীলাৰসকলক এলকহল-প্ৰতিৰোধী পানী ধৰা পেলোৱা পেষ্ট (alcohol-resistant water-finding paste) ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
তিনিটা তেল বিপণন কোম্পানীয়ে জাৰি কৰা ‘মাৰ্কেটিং ডিচিপ্লিন গাইডলাইনছ’ অনুসৰি গ্ৰাহকক যাতে প্ৰদূষিত ইন্ধন বিক্ৰী কৰা নহয়, তাৰ বাবে ইন্ধন বিক্ৰেতা আৰু ডীলাৰ দুয়োকে দায়ী কৰা হৈছে। চৰকাৰে নিৰ্ধাৰণ কৰা সীমা অনুসৰি পেট্ৰ’লত ইথানল মিশ্ৰণ কৰাটো নিশ্চিত কৰাৰ দায়িত্ব তেল কোম্পানীসমূহৰ হোৱাৰ বিপৰীতে গ্ৰাহকৰ ওচৰলৈ সঠিক গুণগত মানৰ ইন্ধন যোৱাটো নিশ্চিত কৰিব লাগিব ডীলাৰসকলে।
চৰকাৰী তথ্য অনুসৰি, ২০২৬ চনৰ ১ এপ্ৰিললৈকে IOC-য়ে ৪২,৮১৮ টা, BPCL-এ ২৫,৩২৩ টা আৰু HPCL-এ ২৫,০৯৮ টা পেট্ৰ’ল পাম্প পৰিচালনা কৰিছিল।
ব্যক্তিগত কোম্পানীসমূহে আন ৯,৭৮৪ টা আউটলেট পৰিচালনা কৰিছিল।
পেট্ৰ’লিয়াম পৰিকল্পনা আৰু বিশ্লেষণ কোষৰ তথ্য অনুসৰি, ভাৰতৰ পেট্ৰ’লত ইথানল মিশ্ৰণৰ পৰিমাণ ২০২৩-২৪ ইথানল যোগান বৰ্ষৰ ১৪.৬ শতাংশৰ পৰা ২০২৪-২৫ বৰ্ষত ১৯.২ শতাংশলৈ বৃদ্ধি পাইছে। ২০২৫ চনৰ নৱেম্বৰ আৰু ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত এই মিশ্ৰণৰ মাত্ৰা ২০ শতাংশ স্পৰ্শ কৰিছিল।
(ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা সংগৃহীত তথ্যৰ আধাৰত )
