মুখত ব্ৰণ ওলাইছে? ব্ৰণ শুকাই গ’লেও কলা দাগ ৰৈ গৈছে? দামী ক্ৰীম লগাইও একো লাভ হোৱা নাই?
তেন্তে এই ঘৰুৱা উপায়টো এবাৰ কৰি চাওক। মাত্ৰ ১ টকাৰ বস্তুৰে ৭ দিনতে মুখখন পৰিষ্কাৰ হ’ব!
এই উপায়টো কি?
আপোনাক লাগিব মাত্ৰ – এলোভেৰা + হালধী + নেমুৰ ৰস
বজাৰৰ পৰা দামী ক্ৰীম কিনিব নালাগে। ঘৰতে পোৱা এই ৩ টা বস্তুৱেই যথেষ্ট।
কেনেকৈ লগাব?
১.প্ৰথমে মুখখন ঠাণ্ডা পানীৰে ভালকৈ ধুই লওক।
২.এচামুচ এলোভেৰা জেলত এচিকুট হালধী আৰু ২-৩ টোপাল নেমুৰ ৰস মিহলাওক।
৩.এই মিশ্ৰণটো ব্ৰণ আৰু কলা দাগ থকা ঠাইত লগাওক।
৪.১৫ মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই দিয়ক।
৫.দিনত ১ বাৰ, ৰাতি শোৱাৰ আগত লগালে বেছি ভাল ফল পাব।
৭ দিনত কি হ’ব?
১-২ দিনত:ব্ৰণৰ বিষ আৰু ৰঙা ভাব কমিব।
৩-৪ দিনত:নতুন ব্ৰণ ওলোৱা বন্ধ হ’ব।
৫-৭ দিনত:কলা দাগ পাতল হ’ব, মুখখন উজ্জ্বল হ’ব।
মনত ৰাখিব:
– ব্ৰণ হাতেৰে কেতিয়াও ফুটাব নালাগে, নহ’লে দাগ বেছি হ’ব।
– ৰ’দত ওলোৱাৰ আগত মুখত একো নালগাব।
– দিনত ৮ গিলাচ পানী খাব, পেট পৰিষ্কাৰ থাকিলে ব্ৰণ নোলায়।
– বেছি তেলীয়া খাদ্য, ফাষ্ট ফুড কমকৈ খাব।
সাৱধান:
যাৰ ছাল বেছি সংবেদনশীল, তেওঁ প্ৰথমে কাণৰ পিছফালে অলপ লগাই চাব। জ্বলা-পোৰা কৰিলে নালগাব।
