আজি ২২ ছেপ্টেম্বৰ, বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে সমগ্ৰ বিশ্বতে অতি গুৰুত্ব সহকাৰে পালন কৰা হয় এই দিৱস। ২০১০ চনত দক্ষিণ আফ্ৰিকাৰ WWF ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এই দিৱস পালনৰ আৰম্ভণি হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল – গঁড়ৰ সংৰক্ষণৰ প্ৰতি বিশ্ববাসীক সজাগ কৰা আৰু চোৰাং চিকাৰৰ বিৰুদ্ধে একত্ৰিত হোৱা।
পৃথিৱীত বৰ্তমান ৫ প্ৰজাতিৰ গঁড় আছে। আফ্ৰিকাৰ শ্বেত গঁড় আৰু ক’লা গঁড়, আৰু এছিয়াৰ এশিঙীয়া গঁড়, যাভা গঁড় আৰু সুমাত্ৰা গঁড়। ইয়াৰ ভিতৰত যাভা আৰু সুমাত্ৰা গঁড় আজি বিলুপ্তিৰ চৰম সীমাত।
অসমৰ বাবে এই দিৱসৰ তাৎপৰ্য সুকীয়া। কাৰণ বিশ্বৰ মুঠ এশিঙীয়া গঁড়ৰ প্ৰায় ৭০-৭৫% অকল অসমতে আছে। ২০২২ চনৰ শেষ পিয়ল অনুসৰি অসমত ২,৯০০ তকৈ অধিক গঁড় আছে। ইয়াৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২,৬১৩ টা, পবিতৰাত ১০৭ টা, ওৰাঙত ১২৫ টা আৰু মানসত ৫০ টাতকৈ অধিক গঁড় আছে। কাজিৰঙা হৈছে বিশ্বৰ ভিতৰত এশিঙীয়া গঁড়ৰ আটাইতকৈ ডাঙৰ বাসস্থান।
১৯০৫ চনত যেতিয়া কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল, তেতিয়া ইয়াত মাত্ৰ ১২ টা মান গঁড়হে আছিল। সেই ১২ টাৰ পৰা আজি ২৬০০ লৈ যাত্ৰাটো সহজ নাছিল। ইয়াৰ আঁৰত আছে বহু বনকৰ্মীৰ ত্যাগ। চোৰাং চিকাৰীৰ গুলীত বহু বনকৰ্মীয়ে প্ৰাণ হেৰুৱাইছে।
ভাল খবৰটো হ’ল, অসম চৰকাৰে লোৱা Zero Tolerance নীতিৰ বাবে যোৱা ২ বছৰত কাজিৰঙাত এটাও গঁড় চোৰাং চিকাৰৰ ঘটনা ঘটা নাই। ২০২১ আৰু ২০২২ চনত অসমত জব্দ কৰা ২,৫০০ ৰো অধিক গঁড়ৰ খৰ্গ জ্বলাই দি চৰকাৰে বিশ্বক এক কঠোৰ বাৰ্তা দিছে।
গঁড় কেৱল এটা বন্যপ্ৰাণী নহয়। ই অসমৰ পৰ্যটন, অসমৰ অৰ্থনীতি আৰু অসমৰ পৰিচয়। প্ৰতি বছৰে লাখ লাখ দেশী-বিদেশী পৰ্যটক কেৱল এটা গঁড় চাবলৈ কাজিৰঙালৈ আহে।
গতিকে আজি বিশ্ব গঁড় দিৱসৰ দিনটোত আহক আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ – গঁড় বচাওঁ, প্ৰকৃতি বচাওঁ। কাৰণ গঁড় থাকিলেহে কাজিৰঙা থাকিব, কাজিৰঙা থাকিলেহে অসম জীয়াই থাকিব।
