ঘৰত Bamboo Plant ৰাখিলে কি হয় জানেনে?
আজিকালি প্ৰায় সকলোৰে ঘৰত, দোকানত, অফিচত Bamboo Plant দেখা যায়। ইয়াক Lucky Bamboo বুলিও কোৱা হয়। দেখাত ধুনীয়া হোৱাৰ লগতে ই ঘৰলৈ ধন, সৌভাগ্য আৰু Positive Energy আনে বুলি বিশ্বাস কৰা হয়।
বহুতে মাত্ৰ সজাবলৈকে ৰাখে, কিন্তু বাস্তু শাস্ত্ৰ অনুসৰি সঠিক ঠাইত ৰাখিলেহে ইয়াৰ পূৰা ফল পোৱা যায়। ভুল ঠাইত ৰাখিলে ক্ষতিহে হয়।
১. Bamboo Plant ৰ উপকাৰিতা:
ঘৰৰ বতাহ পৰিষ্কাৰ কৰে। বেছি যত্ন নালাগে, পানীতেই জীয়াই থাকে। মনত শান্তি দিয়ে, টেনচন কমায়। ঘৰত কাজিয়া কমে, পৰিয়ালত মিলাপ্ৰীতি বাঢ়ে।
২. কেইডাল ৰাখিব লাগে?
২ ডাল – প্ৰেম আৰু ভাল সম্পৰ্কৰ বাবে
৩ ডাল -সুখ, শান্তি, ধনৰ বাবে
৫ ডাল – স্বাস্থ্য ভাল থকাৰ বাবে
৬ ডাল – সৌভাগ্য আৰু সুযোগৰ বাবে
৮ ডাল – ধন আৰু ব্যৱসায়ত লাভৰ বাবে Best
৯ ডাল – ভাগ্য খোলাৰ বাবে
মনত ৰাখিব, ৪ ডাল Bamboo কেতিয়াও নাৰাখিব। ইয়াক অশুভ বুলি ধৰা হয়।
৩. ঘৰৰ কোন ফালে ৰাখিলে ভাল? এইটোৱেই আচল ৰহস্য
ক) পূব দিশত ৰাখক – পৰিয়ালত সুখ-শান্তি, স্বাস্থ্য ভাল হয়। ছাত্ৰ-ছাত্ৰীৰ বাবে এই দিশ Best।
খ) দক্ষিণ-পূব দিশত ৰাখক – এইটো ধনৰ দিশ। এই ফালে ৰাখিলে টকাৰ অভাৱ নহয়, ব্যৱসায়ত লাভ হয়। টকাৰ বাকচ, কেচ কাউণ্টাৰৰ ওচৰত ৰাখিব পাৰে।
গ) উত্তৰ দিশত ৰাখক – চাকৰি আৰু কেৰিয়াৰৰ বাবে ভাল। নতুন চাকৰি, পদোন্নতিৰ যোগ বাঢ়ে।
ঘ) পঢ়া টেবুল আৰু অফিচ টেবুলত – মনোযোগ বাঢ়ে, কামত মন বহে।
৪. কোন ফালে কেতিয়াও নাৰাখিব?
শোৱা কোঠাত নাৰাখিব – টোপনিত ব্যাঘাত হয়।
বাথৰুমৰ ওচৰত নাৰাখিব -Negative Energy আহে।
অন্ধকাৰ কোণত নাৰাখিব -গছজোপা মৰি যাব, ই অশুভ।
৫. যত্ন কেনেকৈ ল’ব?
সপ্তাহত ২ বাৰ পানী সলাই দিয়ক। বেছি ৰ’দত নাৰাখিব, পাতল পোহৰত ৰাখক। পাত হালধীয়া হ’লে কাটি দিয়ক। কাঁচৰ গিলাচত ৰাখিলে বেছি ভাল।
ঘৰৰ পূব বা দক্ষিণ-পূব ফালে ৩ ডাল বা ৮ ডাল Bamboo Plant ৰাখক। ঘৰত সুখ-শান্তি আৰু ধন দুয়োটাই আহিব।
