ডিজিটেল ডেস্কঃ কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন সংঘটিত হৈছে। বুঢ়াপাহাৰৰ ৫টা স্থানত পাহাৰৰ শিল-মাটি খহিছে বুলি জানিব পৰা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলতে পুৱাৰে পৰা ভূমিস্খলন হৈছে।
ইফালে, এই ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত শিল-মাটি খহি পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথ কিছু পৰিমাণে যানজঁটৰ সৃষ্টি হৈছে।
আনহাতে, ভূমিস্খলন সংঘটিত হৈ থকাৰ সময়তে এখন ট্ৰাকো দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই পৰ্যন্ত দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই। অৱশ্যে প্ৰশাসনৰ তৎপৰতাত ঘাইপথছোৱা মুকলি কৰা হয়। উল্লেখ্য যে, দুদিন পূৰ্বেও বুঢ়াপাহাৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল।
