এগৰাকী অচিনাকী মহিলাই সঞ্জয় দত্তৰ নামত লিখি দিছিল ৭২কোটি টকাৰ সম্পত্তি…

ডিজিটেল ডেস্কঃ এগৰাকী প্ৰিয় অভিনেতাক কি পৰ্যায়লৈকে ভাল পালে কৰিব পাৰে এনে কাম। সাধাৰণতে অনুৰাগীসকলে নিজৰ প্ৰিয় তাৰকাক মৰম বা উপহাৰ দিয়াটো এক স্বাভাৱিক কথা, কিন্তু মুম্বাইৰ এগৰাকী মহিলাই তেওঁৰ প্ৰিয় অভিনেতা সঞ্জয় দত্তৰ বাবে যি কৰিলে সেয়া বিৰল।

নিশা পাতিল নামৰ ৬২ বছৰীয়া এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত অনুৰাগীয়ে ২০১৮ চনত মৃত্যুৰ পূৰ্বে নিজৰ সমস্ত ধন-সম্পত্তি অভিনেতা সঞ্জয় দত্তৰ নামত উইল (Will) কৰি থৈ গৈছিল। এই সম্পত্তিৰ মূল্য আছিল প্ৰায় ৭২ কোটি টকা। শেহতীয়া এক সাক্ষাৎকাৰত সঞ্জয় দত্তই এই বিষয়ে ৰাজহুৱা কৰি কয় যে,  যেতিয়া তেওঁ বেংকৰ পৰা এই খবৰটো পাইছিল, তেওঁ সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছিল।

সঞ্জয়ে কয়,  তেওঁ এই মহিলাগৰাকীক কেতিয়াও লগ পোৱা নাছিল আৰু তেওঁৰ পৰিয়ালৰ বিষয়েও একো জনা নাছিল। মহিলাগৰাকীয়ে বেংকক স্পষ্ট নিৰ্দেশ দি থৈছিল যাতে তেওঁৰ মৃত্যুৰ পিছত সকলো সম্পত্তি আৰু বেংক একাউণ্টত থকা ধন সঞ্জয় দত্তলৈ হস্তান্তৰ কৰা হয়।

৭২ কোটি টকা এক বুজন পৰিমাণৰ ধন,  কিন্তু সঞ্জয় দত্তই ইয়াত অলপো লোভ নকৰিলে। তেওঁ কয়, মই সেই সম্পত্তিৰ এটকাও নিজৰ বাবে নাৰাখিলোঁ। মই আইনী প্ৰক্ৰিয়াৰ জৰিয়তে সেই সমগ্ৰ সম্পত্তি মহিলাগৰাকীৰ পৰিয়ালক ঘূৰাই দিলোঁ। তেওঁ লগতে উল্লেখ কৰে যে এগৰাকী অনুৰাগীৰ এই মৰমে তেওঁৰ হৃদয় স্পৰ্শ কৰিছে, কিন্তু আনৰ কষ্টোপাৰ্জিত সম্পত্তি বা পৰিয়ালৰ অধিকাৰ কাঢ়ি লোৱাৰ তেওঁৰ কোনো ইচ্ছা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *