১০ বছৰ কাৰাবাস টেহেলকাৰ প্ৰাক্তন মুখ্য সম্পাদক তৰুণ তেজপালৰ…

ডিজিটেল ডেস্ক : কাৰাগাৰেই এতিয়া ঠিকনা হ’ব জ্যেষ্ঠ সাংবাদিক তথা দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰা সংবাদ গোষ্ঠী টেহেলকাৰৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক তৰুণ তেজপালৰ।  ২০১৩ চনত এগৰাকী সতীৰ্থ সাংবাদিকক যৌন নিৰ্যাতন আৰু বলাৎকাৰ কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছে আদালতে।

হস্পতিবাৰে বোম্বে হাইক’ৰ্টৰ গোৱা বেঞ্চে ২০২১ চনত বিচাৰপীঠ আদালতে তেজপালক দোষমুক্ত কৰি দিয়া ৰায় খাৰিজ কৰি তেওঁক বলাৎকাৰৰ গোচৰত দোষী সাব্যস্ত কৰে। ৰায়দানৰ পাছত প্ৰাক্তন সম্পাদকগৰাকী ৰাজনীতিৰ বলি হোৱা বুলি দাবী কৰি কয় যে তেওঁ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

প্ৰণিধানযোগ্য যে, ২০১৩ চনৰ নৱেম্বৰত গোৱাত অনুষ্ঠিত থিংকফেষ্ট অনুষ্ঠানৰ সময়ত এখন হোটেলৰ লিফ্টৰ ভিতৰত জ্যেষ্ঠ সাংবাদিকজনে সতীৰ্থগৰাকীৰ ওপৰত যৌন উৎপীড়ন চলোৱা বুলি অভিযোগ উত্থাপন হৈছিল। তাৰ পাছত ২০১৭ত মাপুছাৰ বিচাৰপীঠ আদালতত এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ২০২১ত তেজপালক দোষমুক্ত বুলি ঘোষণা কৰা হৈছিল। ইয়াৰ পাছতে ৰাজ্য চৰকাৰে এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *