গো-গাহৰিক লৈ তোলপাৰ দেশ-ৰাজ্যৰ ৰাজনীতি

ভাৰতত বা অসমত গো মাংস বা গাহৰি মাংসক লৈ ৰাজনীতি হ’ব পাৰে যদিও গো,গাহৰিক অস্বীকাৰ কৰিব নোৱাৰি। সমগ্ৰ বিশ্বত গো মাংসৰ চৰ্বি আৰু গাহৰি মাংসৰ চৰ্বি নোহোৱাকৈ আধুনিক খাদ্যাভাস কল্পনা কৰিব নোৱাৰি ৷ খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন প্ৰসাধন সামগ্ৰী,আমি ব্যৱহাৰ কৰা বহু চাবোনত গো চৰ্বি আৰু গাহৰি চৰ্বি ব্যৱহাৰ কৰা হয়। বাহিৰৰ এই কোম্পানীবোৰৰ গো মাংস আৰু গাহৰিৰ মাংসক লৈ কোনো সমস্যা নাই । ভাৰততো দক্ষিণৰ লগতে বিভিন্ন ৰাজ্যৰ বিখ্যাত ৰেষ্টুৰেণ্ট যিবোৰত গোমাংস ব্যৱহাৰ হয় সেই ৰেষ্টুৰেণ্টবোৰতো সকলো ধৰ্মৰ মানুহে খাদ্য গ্ৰহণ কৰে। চেন্নাইৰ চুকভাই ৰেষ্টুৰেণ্টত এবাৰ গ’লে সলনি হ’ব আপোনাৰ কিছু ধাৰণা ৷ আপুনি পঢ়ি আছে (তফিকউদ্দিন আহমেদৰ ৱালৰ পৰা)১৯৭৫চনতে আব্দুল খাদেৰ নামৰ এগৰাকী পদপথৰ ব্যৱসায়ী আৰম্ভ কৰা চুকভাই নামৰ গোমাংসৰ বিৰিয়ানী এতিয়া সমগ্ৰ দেশতে জনপ্ৰিয় ৷ গোমাংস ব্যৱহাৰ হোৱা এই বিখ্যাত ৰেষ্টুৰেণ্টখনত সকলো ধৰ্মৰ মানুহে ভিৰ কৰেহি ৷ অৱশ্যে দেশ এখন হ’লেও দক্ষিণ ভাৰতত গোমাংস আৰু গাহৰিক লৈ ৰাজনীতি নচলে, তেওঁলোকে ধৰ্মতকৈ জাতীয়তাবাদত অধিক বিশ্বাসী ৷ ইয়াৰ লগতে বিভিন্ন ৰেষ্টুৰেণ্ট আছে যিবোৰত ধৰ্ম যিয়েই নহওক কোনোবাই গাহৰি খাইছে আন কোনোবাই আকৌ গোমাংস খাইছে, এইবোৰক লৈ কোনো সমস্যা নাই ৷ বিদেশৰ প্ৰায়বোৰ ষ্ট’ৰত গোমাংস আৰু গাহৰি মাংস একেলগে সজাই থোৱা হয় ৷ আনকি আমাৰ চুবুৰীয়া দেশ ভূটান আৰু চুবুৰীয়া ৰাজ্য মেঘালয়,নাগালেণ্ডত গৰু,গাহৰিৰ মাংস একেলগে পৰিৱেশন কৰা হয়।

কালি চিটি চেন্টাৰত এটা ঘটনা সংঘটিত হৈছে, এয়া আচলতে অজ্ঞানতাৰ বাবেহে হৈছে । ৰঙা চিহ্ন থকা সকলো খাদ্যসামগ্ৰীয়ে হ’ল ন’ন ভেজ ৷ বিশেষকৈ কোৰিয়ান খাদ্যৰ বিষয়ে নাজানিলে খাব নালাগে, দামী ৰেষ্টুৰেণ্টত গ’লেই নহ’ব অলপ খাদ্যজ্ঞান থাকিব লাগিব ৷ কোৰিয়ান সকলো খাদ্যতে গোমাংস আৰু গাহৰি মাংস ব্যৱহাৰ কৰা হয় ৷ ডাঙৰ ডাঙৰ শ্বপিং মল বা ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণে নহয়, চকলেট খালেও সাৱধান হ’ব লাগে কিয়নো চকলেটৰো ভেজ,ন’নভেজ থাকে ৷ ন’নভেজ প্ৰায়বোৰ চকলেটত গৰু আৰু গাহৰিৰ চৰ্বি থাকে৷ গৰুৰ চৰ্বি ব্যৱহাৰ নকৰাকৈ কিছুমান খাদ্য আৰু প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰাটো একপ্ৰকাৰ অসম্ভৱ ।(আপুনি পঢ়ি আছে তফিকউদ্দিন আহমেদৰ ৱালৰ পৰা ) বহুসময়ত একাংশ কোম্পানীয়ে দাবী কৰা ধৰণে তেওঁলোকৰ খাদ্য সামগ্ৰীত বিশেষকৈ বিস্কুট আদিকে ধৰি বিভিন্ন খাদ্যত এশ শতাংশ ঘিউ ব্যৱহাৰ কৰা কথাটোও সত্য নহয়, ঘিউৰ দাম অত্যাধিক হোৱা বাবে এশ শতাংশ ঘিউ ব্যৱহাৰ কৰাৰ বিপৰীতে গৰু,গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰে ৷

সকলোৰে মাজত জনপ্ৰিয় ৰমেন নামৰ নুডলছ বনোৱা হয় বিভিন্ন সাগৰীয় উপকৰণৰ লগতে গোমাংস আৰু গাহৰি মাংস ব্যৱহাৰ কৰি ৷ ৰমেনৰ চুপ বনোৱা হয় চিকেন আৰু গাহৰিৰ মাংসৰ পৰা। আন্তঃৰাষ্ট্ৰীয় মেক ড’নাল্ড, বাৰ্গাৰ কিং,চাৱ ৱে আদি বিপনীয়ে বিভিন্ন দেশত গোমাংস আৰু গাহৰিৰ সুস্বাদু ৰেচিপি তৈয়াৰ কৰে । গো,গাহৰিক লৈ ৰাজনীতি কৰা বহুতৰে সতিসন্ততিয়ে বিদেশত গৈ সেই একেখন ৰেষ্টুৰেণ্টতে খাদ্য গ্ৰহণ কৰে ৷ (আপুনি পঢ়ি আছে তফিকউদ্দিন আহমেদৰ ৱালৰ পৰা )

Tallow হ’ল চাবোন গোট মাৰিবলৈ ব্যৱহাৰ কৰা গৰুৰ চৰ্বি আৰু Lard হ’ল গাহৰিৰ পৰা সংগ্ৰহ কৰা চৰ্বি যিটো চাবোন মসৃণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই দুটা উপাদান ব্যৱহাৰ নকৰাকৈ কিছুমান চাবোন তৈয়াৰ কৰাটো অসম্ভৱ ৷ বিখ্যাত লাক্স, ড’ভ, চিনথ’ল,নিভিয়া আদি কোম্পানীয়ে জন্তুৰ চৰ্বিৰে মানে Tallow গো চৰ্বিৰে চাবোন নিৰ্মাণ কৰে ৷ আমি গৰু,গাহৰিৰ মাংসক লৈ ঘৃণা বিয়পাই থাকিলেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইবোৰ বিষয়ৰ একো গুৰুত্ব নাই ৷ আন্তঃৰাষ্ট্ৰীয় কোম্পানীবোৰে আমাক গৰু গাহৰিৰে প্ৰস্তুত কৰা সামগ্ৰীয়ে ব্যৱহাৰ কৰাই আছে আৰু আমাৰ অজ্ঞাতে গৰু,গাহৰিৰ মাংসৰ লগতে চৰ্বি খুৱাই আছে ৷ আমি গৰু,গাহৰিক লৈ ৰাজনীতি কৰিব পাৰিম কিন্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোমাংস,গাহৰিৰ মাংসৰ জনপ্ৰিয়তা,চাহিদা হ্ৰাস কৰিব নোৱাৰিম ৷

Leave a Reply

Your email address will not be published. Required fields are marked *