বৰঝাৰত উপস্থিত স্বৰ্ণকন্যা লাভলীনা, উছৱমুখৰ পৰিৱেশ বিমানবন্দৰত

 

এছিয়ান গেমছত স্বৰ্ণ পদক জয়ৰ পাছত অসমত উপস্থিত হয় অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁই। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত অসম কন্যাক জনোৱা হয় উষ্ম আদৰণি।

ঢোল-পেঁপা-গগনাৰ শব্দ আৰু ফুলাম গামোচাৰে লাভলীনাক আদৰণি জনায় শতাধিক অনুৰাগীয়ে। পুৱাৰে পৰা বিমানবন্দৰত লাভলীনাক এবাৰ চাবলৈ অপেক্ষা কৰি আছিল অসংখ্য লোক।

বিমানবন্দৰ চৌহদতে আছুৰ তৰফৰ পৰা স্বৰ্ণকন্যাক সম্বৰ্ধনা জনোৱা হয়। ইফালে ৰাজ্য চৰকাৰৰ হৈ খেলুৱৈগৰাকীক আদৰিবলৈ উপস্থিত থাকে মন্ত্ৰী বিশ্বজিৎ দৈমাৰী।

সংবাদ মাধ্যমৰ আগত লাভলীনাই কয়, “সোণৰ পদক পাই অতিশয় সুখী। পদক জয়ৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক ৫ বাৰ ফোন কৰিছিল। ব্যস্ততাৰ বাবে প্ৰথমতে ৰিচিভ কৰিব পৰা নাছিলো, পিছত তেখেতৰ সৈতে কথা হ’ল। আজি তেখেতক লগ কৰিবলৈ আহিছো।”

লগতে লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয় কৰাটোৱে এতিয়া মূল লক্ষ্য বুলি উল্লেখ কৰে অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *