গুৱাহাটীত Uber-Rapido ৰ বিৰুদ্ধে চালকৰ প্ৰতিবাদ! ৮ অক্টোবৰত App Delete কৰিব চালকে

মহানগৰীৰ ৰাজপথত এতিয়া Uber আৰু Rapido ৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল যোগে দাবী সদৰি চালক সকলে.কোম্পানীৰ নীতিৰ বিৰুদ্ধে ক্ষোভিত হৈ চালক সকলে এতিয়া ৰাজপথত নামিবলৈ সাজু হৈছে।

চালক সন্থাৰ অভিযোগ অনুসৰি Uber, Rapido এ চালকৰ পৰা ৪০% ৰ পৰা ৬০% পৰ্যন্ত কমিচন লৈ আছে। আগতে প্ৰতি কিলোমিটাৰত ২০-২৫ টকা পোৱা চালকে এতিয়া মাত্ৰ ৮-৯ টকা হে পাইছে। তেলৰ দাম বঢ়াৰ পিছতো ভাড়া নবঢ়াত চালক সকল লোকচানৰ সন্মুখীন হৈছে।

চালকৰ দাবী

১. প্ৰতি কিলোমিটাৰত সৰু গাড়ীৰ বাবে ২৫ টকা আৰু ডাঙৰ গাড়ীৰ বাবে ৩০ টকা দিব লাগে।
২. Health Insurance আৰু PF ৰ সুবিধা দিব লাগে।
৩. Cancellation Charge আৰু Waiting Charge দিব লাগে।

চালক সন্থাই ঘোষণা কৰিছে যে ৮ অক্টোবৰত তেওঁলোকে Uber আৰু Rapido ৰ বিৰুদ্ধে বৰ্জন কাৰ্যসূচী হাতত ল’ব। সকলো চালকে নিজৰ মোবাইলৰ পৰা Uber, Rapido App Delete কৰিব।

ইয়াৰ বিপৰীতে মহানগৰীত এতিয়া চলিব থলুৱা App Pe-Indiaআৰু AM2 Cabs। চালকৰ দাবী মানিবলৈ Pe-India সাজু হোৱা বুলি জানিব পৰা গৈছে।

এই সিদ্ধান্তৰ ফলত ১৮,০০০ ৰো অধিক Cab আৰু ১৬,০০০ ৰো অধিক Rapido Bike সেৱা বন্ধ হৈ পৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *