ৰ’দৰ পৰা কেনেকৈ বাচিব? গৰমত ল’বলগীয়া গুৰুত্বপূৰ্ণ সাৱধানতা

Screenshot

এইবাৰ গৰমে সকলো ৰেকৰ্ড ভাঙিছে। গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটত দিনৰ তাপমাত্ৰা ৩৮-৪০ ডিগ্ৰী পাৰ হৈছে। এনে প্ৰখৰ ৰ’দত অলপ অসাৱধান হ’লেই ডিহাইড্ৰেচন, হিট ষ্ট্ৰোক, ছালৰ সমস্যা হ’ব পাৰে। আজি জানো আহক ৰ’দৰ পৰা বাচিবলৈ ল’বলগীয়া সম্পূৰ্ণ সাৱধানতা।

১. ৰ’দৰ আটাইতকৈ বিপজ্জনক সময় কোনটো?
দুপৰীয়া ১১ বজাৰ পৰা ৩ বজালৈ সূৰ্য্যৰ UV ৰশ্মি আটাইতকৈ বেছি থাকে। এই সময়ত সম্ভৱ হ’লে বাহিৰলৈ নোলাব। অতি প্ৰয়োজনত ওলাব লগা হ’লে মুৰত কেপ, ছাতি আৰু UV Protection থকা চানগ্লাছ ব্যৱহাৰ কৰক।

২. কি কাপোৰ পিন্ধিব?
ক’লা আৰু ডাঠ ৰঙৰ কাপোৰে তাপ শোষণ কৰে। সেয়ে বগা, পাতল নীলা, পাতল হালধীয়া ৰঙৰ ঢিলা কপাহী কাপোৰ পিন্ধক। ফুল হাতৰ চোলা পিন্ধিলে ছাল ৰ’দত পোৰাৰ পৰা বাচে।

৩. পানী – আটাইতকৈ ডাঙৰ ঔষধ*
গৰমত শৰীৰে বেছি ঘামে, সেয়ে পানীৰ অভাৱ হয়।
– দিনত কমেও ৩.৫ ৰ পৰা ৪ লিটাৰ পানী খাব
– সাধাৰণ পানীৰ লগতে ORS, নেমু পানীত অলপ নিমখ-চেনি দি খাব
– ডাবৰ পানী, বেলৰ চৰবত, পকা তিয়ঁহ, তৰমুজ খাব
– চাহ, কফি, মদ আৰু বেছি চেনি থকা ক’ল্ড ড্ৰিংকছ এৰাই চলিব, ই শৰীৰক আৰু শুকুৱাই দিয়ে।

৪. খোৱা-বোৱাত কি খাব, কি নাখাব?
পাতল, সহজে হজম হোৱা খাদ্য খাব। বাহিৰত বিক্ৰী কৰা কাটি থোৱা ফল, খোলা আচাৰ, ৰাস্তাৰ ফাষ্টফুড নাখাব। বেছি তেল-মছলা থকা খাদ্য গৰমত এৰাই চলিব।

৫. ছালৰ যত্ন কেনেকৈ ল’ব?
বাহিৰলৈ ওলোৱাৰ ২০ মিনিট আগতে SPF 50+ ছানস্ক্ৰীণ লগাব। ৰ’দৰ পৰা আহি মুখ ঠাণ্ডা পানীৰে ধুব, এলোভেৰা জেল লগাব পাৰে।

৬. ঘৰ ঠাণ্ডা ৰখাৰ ঘৰুৱা উপায়
দিনত খিৰিকীত তিয়াই থোৱা খেৰৰ পৰ্দা বা পাতল কাপোৰ লগাওক, মজিয়াত পানী ছটিয়াওক। দিনত দুবাৰ ঠাণ্ডা পানীৰে গা ধুলে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত থাকে।

৭. কোনসকলৰ বেছি বিপদ?
৫ বছৰৰ তলৰ শিশু, ৬০ বছৰৰ ওপৰৰ বৃদ্ধ, গৰ্ভৱতী মহিলা আৰু ফিল্ডত কাম কৰা লোকৰ হিট ষ্ট্ৰোকৰ সম্ভাৱনা বেছি। তেওঁলোকক বিশেষ যত্ন ল’ব।

হিট ষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰাথমিক চিকিৎসা
লক্ষণ: মূৰ ঘূৰোৱা, বমি, বুকু ধপধপনি, গা গৰম হোৱা, ঘাম বন্ধ হোৱা।
কৰণীয়: ৰোগীক লগে লগে ছাঁ ঠাইলৈ আনক, গাত ঠাণ্ডা পানী ঢালক, ভিজা কাপোৰেৰে গা মচি দিয়ক, পানী খুৱাওক আৰু ১০২ নম্বৰত এম্বুলেন্স মাতক।

ৰ’দক ভয় কৰিব নালাগে, সাৱধান হ’লেই হ’ল। এইখিনি নিয়ম মানিলে আপুনি আৰু আপোনাৰ পৰিয়াল গৰমত সুৰক্ষিত থাকিব।

আপোনাৰ ওচৰ-চুবুৰীয়াকো এই তথ্যখিনি Share কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *