অসমৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অবিহনে অসমীয়া সংগীত আৰু চলচ্চিত্ৰ জগতখন যেন উকা হৈ পৰিছে। তেনে সময়তে তেওঁৰ অনুৰাগীৰ বাবে আহিছে এক আবেগিক উপহাৰ – তেওঁৰ জীৱনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’।
ছবিগৃহত বিপুল সঁহাৰি লাভ কৰাৰ পিছত অৱশেষত সামাজিক মাধ্যমতো উপলব্ধ হৈছে ‘ৰৈ ৰৈ বিনালে’। আৰু সামাজিক মাধ্যমত উপলব্ধ হোৱাৰ লগে লগে যি ঘটিল সেয়া সঁচাকৈয়ে অভূতপূৰ্ব।
জানিব পৰা মতে, ইউটিউবত ছবিখন মুক্তি দিয়াৰ লগে লগে হাজাৰ হাজাৰ দৰ্শকে একেলগে লাইভত ছবিখন চালে। অসমীয়া ছবিৰ ইতিহাসত এয়া এক নতুন অভিলেখ বুলি ক’ব পাৰি। জুবিন গাৰ্গৰ প্ৰতি থকা ৰাইজৰ মৰম, ভালপোৱা আৰু শ্ৰদ্ধাৰ বাবেই এই সম্ভৱ হৈছে।
‘ৰৈ ৰৈ বিনালে’ ছবিখন পৰিচালনা কৰিছে ৰাজেশ ভূঞাই। ছবিখনত জুবিন গাৰ্গৰ অভিনয়, কণ্ঠ আৰু সংগীতে প্ৰতিটো মুহূৰ্ততে দৰ্শকক আবেগিক কৰি তুলিছে। ছবিখন চাই বহু দৰ্শকে চকুৰ পানী ধৰি ৰাখিব পৰা নাই। সামাজিক মাধ্যমত এজন দৰ্শকে লিখিছে, “শেষবাৰৰ বাবে পৰ্দাত জুবিন দাক দেখি বুকুখন বিষাই গ’ল।”
কেৱল অসমতে নহয়, দেশ-বিদেশত থকা অসমীয়া ৰাইজেও সামাজিক মাধ্যমত ছবিখন বিচাৰি লৈছে। ২০ হাজাৰ দৰ্শকে একেলগে চোৱাটোৱে প্ৰমাণ কৰে যে জুবিন গাৰ্গৰ জনপ্ৰিয়তা আজিও অটুট আছে। তেওঁ শাৰীৰিকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ সৃষ্টিৰ মাজেৰে তেওঁ চিৰদিন জীয়াই থাকিব।
যদি আপুনি এতিয়াও ‘ৰৈ ৰৈ বিনালে’ চোৱা নাই, তেন্তে এতিয়াই সামাজিক মাধ্যমত গৈ ছবিখন উপভোগ কৰক আৰু জুবিন দাৰ শেষ যাত্ৰাৰ সাক্ষী হওক।
