ক’ত হেৰাল নিমিষা-আছিকৰ সৈতে মদৰ পাৰ্টি কৰা ৰূপম শইকীয়া? ২৬ তাৰিখৰ পৰা সন্ধানহীন গাড়ীগাঁৱৰ ৰূপম শইকীয়া

নিমিষা হত্যাকাণ্ডৰ তদন্তৰ মাজতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। এই ঘটনাৰ লগত জড়িত তৃতীয়জন যুৱক ৰূপম শইকীয়া ২৬ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে।

সেই নিশা কি হৈছিল?

২৫ ছেপ্টেম্বৰৰ নিশা হোমষ্টে’ত আছিক, নিমিষা আৰু গাড়ীগাঁৱৰ ৰূপম শইকীয়াই একেলগে সুৰাপান কৰিছিল। নিশা ১০:০০ বজাত ৰূপমে হোমষ্টে’ৰ পৰা ঘৰলৈ উভতি আহে।

তাৰ পিছত ক’ত হেৰাল ৰূপম?

পৰিয়ালৰ মতে, পিছদিনা মিৰ্জাত মৃত্যুৰ খবৰ ল’বলৈ গৈছিল ৰূপম। গোটেই দিনটো ঘৰতে থকাৰ পিছত সন্ধিয়া আদাবাৰীলৈ বুলি বাইক লৈ ওলাই গৈছিল, তাৰ পিছৰে পৰা কোনো সন্ধান নাই।

শেষ লোকেশ্যন

ৰূপমৰ মোবাইলৰ শেষ লোকেশ্যন পোৱা গৈছিল ৰামপুৰৰ এখন পথাৰত, তাৰ পিছতেই মোবাইল ছুইচ অফ।

এতিয়া ডাঙৰ প্ৰশ্ন

মাত্ৰ ডেৰ মাহৰ আগতেহে আছিক-নিমিষাৰ সৈতে ৰূপমৰ চিনাকি হৈছিল। ৰূপমৰ গাড়ীতে শ্বিলঙলৈ ফুৰিবলৈ গৈছিল দুয়ো।

তেন্তে তদন্তৰ মাজতে ৰূপম কিয় পলাল? এইয়া ভয় নে ইয়াৰ আঁৰত আছে আন কোনো গভীৰ ষড়যন্ত্ৰ?

আৰক্ষীৰ তদন্তৰ পিছতহে ওলাব সকলো ৰহস্যৰ ওৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *