গুৱাহাটী উচ্চ ন্যায়ালয়ত বহু চৰ্চিত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি সম্পূৰ্ণ হয়।
উচ্চ ন্যায়ালয়ে জামিন সন্দৰ্ভত ৰায়দান সংৰক্ষিত ৰাখিছে। যোৱা এসপ্তাহ ধৰি উচ্চ ন্যায়ালয়ত এই জামিন আবেদনৰ একেৰাহে শুনানি চলি আছিল।
ইফালে, একেটা গোচৰতে অভিযুক্ত সন্দীপন গাৰ্গৰ জামিনৰ শুনানিও যোৱা এসপ্তাহ ধৰি চলি আছে। কিন্তু আজি সন্দীপন গাৰ্গৰ শুনানি সম্পূৰ্ণ হোৱা নাই।
আদালতৰ সূত্ৰ অনুসৰি, কাইলৈ পুনৰ সন্দীপন গাৰ্গৰ জামিনৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে।
এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত।
