নৰকাসুৰ পাহাৰতেই শেষ হ’ল পত্নীহন্তা ৰামানুজৰ অধ্যায়

নৰকাসুৰ পাহাৰতেই শেষ হ’ল পত্নীহন্তা ৰামানুজৰ অধ্যায় – আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলাবলৈ গৈ মৃত্যুক সাৱটি ল’লে পত্নীহন্তা ৰামানুজ গোস্বামীয়ে

গুৱাহাটীৰ চাঞ্চল্যকৰ পত্নী হত্যাকাণ্ডৰ অভিযুক্ত ৰামানুজ গোস্বামী আৰু নাই। আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে পত্নীহন্তাই।

জানিব পৰা মতে, হাতীগাঁও আৰক্ষীৰ জিম্মাত আছিল ৰামানুজ গোস্বামী। নিশা প্ৰায় ৩ বজাত স্বাস্থ্য পৰীক্ষাৰ বাবে GMCH লৈ নিয়া হৈছিল ৰামানুজ গোস্বামীক।

GMCH লৈ গৈ থকা অৱস্থাতে নৰকাসুৰ পাহাৰৰ ওপৰত আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলায় ৰামানুজে। কিন্তু ভাগ্যৰ কি নিৰ্মম পৰিহাস! পলাবলৈ গৈ পাহাৰৰ পৰা তললৈ বাগৰি পৰে ৰামানুজ।

পাহাৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে মৃত্যু হয় ৰামানুজ গোস্বামীৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *