সদায় ভাগৰ লাগে নেকি? এইটো সাধাৰণ নহয়, হ’ব পাৰে এই বেমাৰৰ লক্ষণ

আপুনি ৰাতি সম্পূৰ্ণ টোপনি যোৱাৰ পিছতো পুৱা উঠি ভাগৰ অনুভৱ কৰে নেকি? দিনটো কাম নকৰাকৈয়ে গাৰ বিষ, দুৰ্বলতা আৰু টোপনি টোপনি লাগে নেকি? বহুতে ইয়াক সাধাৰণ বুলি আওকাণ কৰে, কিন্তু চিকিৎসকৰ মতে এই সদায় ভাগৰ লগাটো আপোনাৰ শৰীৰৰ ভিতৰত লুকাই থকা কোনো ডাঙৰ বেমাৰৰ আগজাননী হ’ব পাৰে।

আজি আমি জানিম কোন বেমাৰৰ বাবে সদায় ভাগৰ লাগে।

১.থাইৰয়ডৰ সমস্যা:আমাৰ ডিঙিত থকা থাইৰয়ড গ্ৰন্থিয়ে শৰীৰৰ শক্তি নিয়ন্ত্ৰণ কৰে। থাইৰয়ড হৰমন কম হ’লে মেটাবলিজম কমি যায় আৰু সদায় ভাগৰ, টোপনি, ওজন বঢ়া, চুলি সৰা আৰু ঠাণ্ডা লগা অনুভৱ হয়। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা বেছি দেখা যায়।

২.ডায়েবেটিছ:তেজত চেনিৰ পৰিমাণ বেছি হ’লে গ্লুকজ শক্তিলৈ ৰূপান্তৰ নহয়। ফলত শৰীৰে শক্তি নাপায় আৰু ভাগৰ লাগে। যদি আপোনাৰ বাৰে বাৰে পিয়াহ লাগে, প্ৰস্ৰাৱ বেছি হয় আৰু ভাগৰ লাগে তেন্তে এবাৰ ব্লাড চুগাৰ পৰীক্ষা কৰাটো জৰুৰী।

৩.ৰক্তহীনতা বা Anaemia:শৰীৰত ৰক্ত বা হিম’গ্লবিন কম হ’লে কোষলৈ অক্সিজেন ভালদৰে নাযায়। ইয়াৰ ফলত অলপ কাম কৰিলেই ভাগৰ লাগে, মূৰ ঘূৰায়, উশাহ চুটি হয় আৰু মুখখন শেঁতা পৰে। মহিলা আৰু নিৰামিষভোজী লোকৰ ক্ষেত্ৰত এই সমস্যা বেছি।

৪.ভিটামিন D আৰু B১২ ৰ অভাৱ:আজিকালি ঘৰৰ ভিতৰত বেছি থকা আৰু ৰ’দত নোলোৱাৰ বাবে 80 শতাংশ মানুহৰ ভিটামিন D ৰ অভাৱ। একেদৰে B১২ ৰ অভাৱতো গাৰ বিষ, হাত-ভৰি জিনজিনোৱা আৰু অতিৰিক্ত ভাগৰ লাগে।

৫.হৃদৰোগ আৰু BP:হাৰ্টে ভালদৰে তেজ পাম্প কৰিব নোৱাৰিলে শৰীৰত দুৰ্বলতা আহে। অলপ খোজ কাঢ়িলেই ভাগৰ লগা, বুকুৰ বিষ আৰু উশাহ লোৱাত কষ্ট হ’লে ই হাৰ্টৰ লক্ষণ হ’ব পাৰে।

৬. ডিপ্ৰেছন, মানসিক চাপ আৰু টোপনিৰ অভাৱ:কেৱল শাৰীৰিক নহয়, মানসিক কাৰণতো ভাগৰ লাগে। ৰাতি দেৰিকৈ মোবাইল চোৱা, দেৰিকৈ শোৱা, মানসিক চিন্তাৰ বাবে শৰীৰত কৰ্টিছল হৰমন বাঢ়ে আৰু দিনটো ভাগৰ লাগি থাকে।

কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?
যদি 2 সপ্তাহতকৈ বেছি দিন একেৰাহে ভাগৰ লাগি থাকে, লগত জ্বৰ, হঠাতে ওজন কমি যোৱা, বুকুৰ বিষ, শ্বাস-প্ৰশ্বাসত কষ্ট হয় তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লওক।

ঘৰতে কি কৰিব?
ৰাতি ৭ৰ পৰা ৮ঘণ্টা গভীৰ টোপনি যাওক। দিনটোত ৩, ৰ পৰা ৪ লিটাৰ পানী খাওক। ৰাতি গধুৰ আহাৰৰ পৰিৱৰ্তে লঘু আহাৰ খাওক। ৰাতিপুৱা ১৫ মিনিট ৰ’দত থাকক আৰু সেউজীয়া শাক-পাচলি, ফল-মূল বেছিকৈ খাওক।

_Disclaimer: এই প্ৰতিবেদন সজাগতাৰ বাবে, যিকোনো চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক।_

 

Leave a Reply

Your email address will not be published. Required fields are marked *