আজি সমগ্ৰ দেশত উলহ-মালহেৰে পালন কৰা হৈছে পবিত্ৰ গণেশ চতুৰ্থী। ভাদ্ৰ মাহৰ শুক্লা পক্ষৰ চতুৰ্থী তিথিত প্ৰথম পূজ্য দেৱতা শ্ৰী গণেশৰ জন্ম হৈছিল। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি যিকোনো শুভ কাম, বিয়া-সবাহ, নতুন ব্যৱসায় বা গৃহ প্ৰৱেশৰ আগতে গণেশৰ নাম ল’লে সেই কামত কেতিয়াও বিঘ্ন নঘটে। তেওঁক এই বাবেই বিঘ্নহৰ্তা বুলি কোৱা হয়।
কিয় প্ৰথমে গণেশক পূজা কৰা হয় জানেনে?
পৌৰাণিক কাহিনী অনুসৰি এবাৰ সকলো দেৱতাৰ মাজত কোনে প্ৰথম পূজা পাব তাক লৈ প্ৰতিযোগিতা হৈছিল। শিৱই কৈছিল যিয়ে পৃথিৱী প্ৰদক্ষিণ কৰি আগতে আহিব তেওঁৱে প্ৰথম পূজা পাব। সকলো দেৱতা নিজৰ বাহন লৈ ওলাই গ’ল যদিও গণেশে বুদ্ধিৰে নিজৰ পিতৃ-মাতৃ শিৱ-পাৰ্বতীকেই ৩ বাৰ প্ৰদক্ষিণ কৰি ক’লে যে পিতৃ-মাতৃয়ে হৈছে মোৰ বাবে সমগ্ৰ ব্ৰহ্মাণ্ড। গণেশৰ এই বুদ্ধি আৰু ভক্তিত সন্তুষ্ট হৈ শিৱই বৰ দিলে যে আজিৰ পৰা সকলো পূজাৰ আগতে গণেশৰ পূজা হ’ব।
আজিৰ দিনটোত কি কি কৰিলে সুফল পাব?
১. মোদক আৰু ২১ গছি দূৰ্বা ঘাঁহ অৰ্পণ কৰক:
গণেশৰ আটাইতকৈ প্ৰিয় হৈছে মোদক আৰু দূৰ্বা ঘাঁহ। শাস্ত্ৰত কোৱা হৈছে যে গণেশক দূৰ্বা ঘাঁহ দিলে পাপ নাশ হয়। আজি ২১ গছি দূৰ্বা আৰু ২১ টা মোদক শ্ৰদ্ধাৰে অৰ্পণ কৰিলে আপোনাৰ জীৱনৰ পৰা সকলো বাধা আঁতৰি যাব আৰু ঘৰত লক্ষ্মীৰ বাস হ’ব।
২. “ওঁ গং গণপতয়ে নমঃ” মহামন্ত্ৰ জপ কৰক:
আজিৰ দিনটোত ৰাতিপুৱা স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি গণেশৰ সন্মুখত বহি “ওঁ গং গণপতয়ে নমঃ” মন্ত্ৰ ১০৮ বাৰ জপ কৰক। ছাত্ৰ-ছাত্ৰীৰ বাবে এই মন্ত্ৰ অতি ফলদায়ক, ইয়াৰ ফলত বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধি হয়। ব্যৱসায়ীসকলে সফলতা লাভ কৰে।
৩. ৰঙা ফুল, সেন্দুৰ আৰু ৰঙা কাপোৰেৰে শৃংগাৰ কৰক:
গণেশৰ ৰঙা ৰং অতি প্ৰিয়। আজি ৰঙা জবা ফুল, ৰঙা সেন্দুৰ আৰু ৰঙা কাপোৰ দি গণেশক সজাওক। ৰঙা ৰঙ শক্তি আৰু সৌভাগ্যৰ প্ৰতীক। এনে কৰিলে মনৰ ইচ্ছা সোনকালে পূৰণ হয় বুলি বিশ্বাস আছে। কিন্তু মনত ৰাখিব, গণেশক কেতিয়াও তুলসী পাত দিব নালাগে।
৪. দৰিদ্ৰ আৰু জীৱ-জন্তুক দান কৰক:
গণেশ চতুৰ্থী কেৱল পূজাৰ দিন নহয়, দানৰো দিন।গণেশ চতুৰ্থীৰ দিনা গৰীব-দুখীয়াক অন্ন দান, কাপোৰ দান বা লাডু বিতৰণ কৰক। গৰুক ঘাঁহ আৰু কুকুৰক খাদ্য দিলেও গণেশ সন্তুষ্ট হয়। কাৰণ গণেশে সকলো জীৱকে ভাল পায়।
৫. পিতৃ-মাতৃৰ সেৱা আৰু আশীৰ্বাদ লওক:
এইটোৱে আটাইতকৈ ডাঙৰ উপায়। গণেশে পিতৃ-মাতৃক ব্ৰহ্মাণ্ড জ্ঞান কৰি প্ৰথম পূজ্য হৈছিল। সেয়ে আজিৰ দিনটোত নিজৰ মা-দেউতাৰ চৰণ চুই আশীৰ্বাদ লওক আৰু তেওঁলোকৰ সেৱা কৰক। মা-দেউতা সন্তুষ্ট হ’লে গণপতি বাপ্পা নিজে সন্তুষ্ট হয়।
আজিৰ এই শুভ ক্ষণত মনৰ পৰা এবাৰ কওক – গণপতি বাপ্পা মৰিয়া!
মঙ্গল মূৰ্তি মৰিয়া
