নিমিষা হত্যাৰ মূল অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ! কি ক’লে GMCHৰ অধীক্ষকে?

Screenshot

 

গুৱাহাটীক জোকাৰি যোৱা চাঞ্চল্যকৰ নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক অৱশেষত এনকাউণ্টাৰ। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, আজি পুৱা আছিক আলীক ঘটনাৰ পুনৰ নিৰ্মাণৰ বাবে লৈ যোৱা হৈছিল। সেই সময়তে আৰক্ষীক ঠেলা মাৰি পলায়নৰ চেষ্টা কৰে আছিকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি সকীয়াই দিয়ে যদিও আছিকে পলায়নৰ চেষ্টা অব্যাহত ৰখাত লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয়।

গুলীবিদ্ধ অৱস্থাত আছিক আলীক ততাতৈয়াকৈ পুৱা ৫.৩৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত ভৰ্তি কৰোৱা হয়।

GMCHৰ অধীক্ষকে কি ক’লে?
GMCHৰ অধীক্ষকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, আছিক আলীৰ সোঁ ভৰিৰ আঁঠুৰ তলত এটা আৰু কলাফুলত এটা গুলী লাগিছে। দুয়োটা গুলীয়েই ভৰিখন ইপাৰ-সিপাৰ কৰি ওলাই গৈছে। শৰীৰৰ আন কোনো স্থানত গুৰুতৰ আঘাতৰ চিন পোৱা হোৱা নাই। বৰ্তমানে তেওঁৰ অৱস্থা সুস্থিৰ আৰু GMCHত চিকিৎসাধীন হৈ আছে।

আজি আছিল জিম্মাৰ অন্তিম দিন

উল্লেখ্য, আজি আছিক আলীৰ ৮ দিনীয়া আৰক্ষীৰ জিম্মাৰ অন্ত পৰাৰ কথা আছিল। আৰক্ষীৰ জিম্মা শেষ হোৱাৰ পাছত তেওঁক আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ (CJM) আদালতত হাজিৰ কৰোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা।

এই ঘটনাৰ পাছত সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *