ড° হীৰেন গোঁহাই ছাৰৰ গালি শুনিবলৈ, চৰ খাবলৈও যোগ্যতা লাগে, যিটো আমাৰ বহুতৰে নাই৷ তফিকউদ্দিন আহমেদৰ বিশেষ লেখাঃ

ড° হীৰেন গোঁহাই ছাৰৰ গালি শুনিবলৈ, চৰ খাবলৈও যোগ্যতা লাগে, যিটো আমাৰ বহুতৰে নাই৷
তফিকউদ্দিন আহমেদৰ বিশেষ লেখাঃ
আজি ড° হীৰেন গোঁহাই ছাৰক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছে, সেয়া অসমৰ ৰাজনৈতিক আৰু বৌদ্ধিক পৰিৱেশৰ বাবে শুভ লক্ষণ নহয়। জ্ঞানশ্ৰী বৰাই ছাৰক বানপানী চাবলৈ মাতি যি ধৃষ্টতা দেখুৱালে, সেয়া কেৱল এজন ব্যক্তিক উদ্দেশ্য কৰি কৰা মন্তব্য নহয়, ই জ্ঞান-অভিজ্ঞতা আৰু বৌদ্ধিক অৱদানৰ প্ৰতি দেখুওৱা এক অসন্মান।
অখিল গগৈৰ কথাবতৰাখিনিও ভাল হোৱা নাই। ৰাজনীতিত মতভেদ থাকিব পাৰে, সমালোচনা থাকিব পাৰে, আনকি তীব্ৰ বাক্যবাণো থাকিব পাৰে। কিন্তু যিজন বুদ্ধিজীৱিৰ চিন্তা, সাহস আৰু সহযোগিতাই আপোনাৰ ৰাজনৈতিক যাত্ৰাৰ কঠিন সময়ত আপোনাক শক্তি দিছিল, সেইজনৰ প্ৰতি কথা কওঁতে অন্ততঃ কৃতজ্ঞতাৰ এটা ক্ষীণ পোহৰ থাকিব লাগে।
অতীতৰ ঋণ পাহৰি বৰ্তমানৰ অহংকাৰ দেখুওৱাটো নেতৃত্বৰ লক্ষণ নহয়, এয়া ধ্বংসৰ লক্ষণ৷
ড° হীৰেন গোঁহাই ছাৰৰ দৰে বুদ্ধিজীৱিৰ সহযোগিতা আৰু সমৰ্থনে অসমৰ ৰাজনৈতিক পৰিৱেশত বহু কথা সলনি কৰাৰ ক্ষেত্ৰত ভূমিকা লৈছে। অখিল গগৈৰ ৰাজনৈতিক পৰিচয় গঢ়ি উঠাৰ সময়তো ছাৰৰ দৰে ব্যক্তিত্বৰ বৌদ্ধিক সহযোগিতা আৰু সমৰ্থনৰ কথা অসমৰ ৰাইজে পাহৰা নাই। সেয়েহে আজি সেইজন ছাৰৰ প্ৰতি সংযমহীন ভাষা ব্যৱহাৰ কৰাটো, মোৰ দৃষ্টিত কেৱল ব্যক্তিগত অসন্মান নহয়, ই নিজৰ অতীতৰ প্ৰতিও এক অসন্মান।
এই প্ৰসংগতে মোৰ এটা পুৰণি কথা মনত পৰিছে।
চনটো সম্ভৱতঃ ২০১২ মান হ’ব। সেই সময়ত জনপ্ৰিয় বাৰ্তালোচনী “অসমীয়া ৰিপৰ্টাৰ”ৰ মই নিয়মীয়া লেখক। একেখন আলোচনীত ড° হীৰেন গোঁহাই ছাৰৰ লগতে কেইবাগৰাকীও বুদ্ধিজীৱি, শীৰ্ষ আৰক্ষী বিষয়া আৰু জ্যেষ্ঠ সাংবাদিকে লিখামেলা কৰিছিল। আলোচনীখনত মোৰো ধাৰাবাহিক লিখনি প্ৰকাশ পাইছিল।
“শৰাইঘাটে ৰিঙিয়াই” আৰু “গান্ধী পৰিয়ালৰ কলংকিত ইতিহাস”এই দুয়োটা ধাৰাবাহিক লিখনিয়েই পাঠকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। বিভিন্ন প্ৰান্তৰ পৰা পাঠকে চিঠি লিখিছিল, ফোন কৰিছিল, ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছিল। সেই চিঠিবোৰ পৰৱৰ্তী সংখ্যাত প্ৰকাশো পাইছিল।
সম্পাদক মুকুট কুমাৰ চৌধুৰীয়ে প্ৰতিটো লিখনিৰ উপযুক্ত মাননি দিয়াৰ লগতে পাঠকৰ সঁহাৰিৰ কথাও মোক জনাইছিল। সেয়া আছিল মোৰ দৰে এজন লেখকৰ বাবে এক ডাঙৰ উৎসাহ।
কিন্তু এদিন সেই উৎসাহৰ মাজতে এটা অদৃশ্য বাধা আহি থিয় হ’ল।
“গান্ধী পৰিয়ালৰ কলংকিত ইতিহাস” ধাৰাবাহিক লিখনি গৈ যেতিয়া মহাত্মা গান্ধীৰ বিষয়ে লিখিবলৈ ল’লোঁ, তেতিয়াই কেনা লাগিল।
ড° হীৰেন গোঁহাই ছাৰে মোৰ প্ৰায়বোৰ লেখা পঢ়ি প্ৰশংসা কৰিছিল। কিন্তু মহাত্মা গান্ধীৰ বিষয়ে লিখা সেই লেখাটোৰ পৰৱৰ্তী অংশ প্ৰকাশ কৰাটো ছাৰে সমৰ্থন কৰা নাছিল। ছাৰে সম্পাদক মুকুট কুমাৰ চৌধুৰীক মাতি নি নিজৰ আপত্তিৰ কথা জনাইছিল।
এফালে পাঠকৰ দাবী, আনফালে ড° গোঁহাই ছাৰৰ দৰে বিদগ্ধ পণ্ডিত, বুদ্ধিজীৱিৰ অনুৰোধ।
মুকুট কুমাৰ চৌধুৰীও এক দোদুল্যমান অৱস্থাত পৰিছিল। অৱশেষত এদিন মোক মাতি ক’লে,
“তফিক, তোমাৰ লিখনিকেইটা যথেষ্ট ভাল হৈছে। পাঠকৰ চিঠি, ফোন যথেষ্ট আহিছে। কিন্তু সমস্যা এটা হ’ল ড° গোঁহাই ছাৰে এইটোৰ পাছৰখিনি লিখিবলৈ মানা কৰিছে। ছাৰে এখন চিঠি লিখিব বিচাৰিছিল, কিন্তু মই নিজেই দায়িত্ব ল’লো তোমাক কোৱাৰ। এইটো ইমানতে সমাপ্ত কৰা ভাল।”
সিদিনা মোৰ বেয়া লগা নাছিল, বৰং মনৰ ভিতৰত এক অদ্ভুত গৌৰৱ অনুভৱ কৰিছিলোঁ।
কাৰণ, আমাৰ দৰে নশিকাৰু লেখকৰ লিখনিকো অসমৰ বিবেক সদৃশ বুদ্ধিজীৱিয়ে গুৰুত্ব দিছে। মোৰ লিখনিৰ বিষয়বস্তুৰ সৈতে ছাৰৰ মতভেদ থাকিব পাৰে, কিন্তু সেই মতভেদৰ মাজতো মোৰ লেখাক গুৰুত্ব দিয়াটোৱেই মোৰ বাবে আছিল এক ডাঙৰ স্বীকৃতি, প্ৰাপ্তি।
ছাৰে মোক গালি নহয়, এচৰ মাৰিলেও মই আৰু এচৰ মাৰিবলৈ গালখন পাতি দিম।
এয়া ছাৰৰ প্ৰতি মোৰ অন্ধ ভক্তি নহয়, এয়া হৈছে জ্ঞানৰ প্ৰতি শ্ৰদ্ধা, অভিজ্ঞতাৰ প্ৰতি কৃতজ্ঞতা আৰু নিজৰ সীমাবদ্ধতা স্বীকাৰ কৰাৰ সাহস।
ড° হীৰেন গোঁহাই ছাৰৰ দৰে প্ৰজ্ঞাৰ অধিকাৰী, বুদ্ধিজীৱিৰ সৈতে মতভেদ হ’ব পাৰে। তেওঁৰ কোনো বক্তব্যৰ সমালোচনাও হ’ব পাৰে। কিন্তু সমালোচনা আৰু অপমান একে কথা নহয়। মতভেদ আৰু ধৃষ্টতা একে বস্তু নহয়।
ৰাজনীতিত জনপ্ৰিয়তা অৰ্জন কৰাটো সহজ হ’ব পাৰে, কিন্তু জ্ঞানীৰ সন্মুখত নিজৰ সীমাবদ্ধতা স্বীকাৰ কৰিব পৰাটোহে কঠিন।
আজি আমি যি সময়ৰ মাজেৰে পাৰ হৈছোঁ, সেই সময়ত ৰাজনীতিকৰ কণ্ঠস্বৰ ডাঙৰ হৈছে, কিন্তু জ্ঞানীৰ কণ্ঠস্বৰ শুনিবলৈ ধৈৰ্য কমিছে। ক্ষমতাৰ ওচৰলৈ যোৱা মানুহে কেতিয়াবা পাহৰি যায় যে তেওঁলোকৰ আগৰ পথটো বহুজনৰ চিন্তা আৰু ত্যাগেৰে নিৰ্মিত।
ড° হীৰেন গোঁহাই ছাৰৰ দৰে মানুহক সন্মান কৰা মানে কোনো ব্যক্তিক অন্ধভাৱে সমৰ্থন কৰা নহয়, ই হৈছে অসমৰ বৌদ্ধিক পৰম্পৰাক সন্মান কৰা, সেইসকল মহান ব্যক্তিক কৃতজ্ঞতা জনোৱা যিসকলে নিজৰ জীৱনটো সমাজৰ চিন্তা আৰু বিবেকৰ বাবে উৎসৰ্গা কৰিছে।
সেয়েহে মোৰ কথা স্পষ্ট—
ড° হীৰেন গোঁহাই ছাৰৰ গালি শুনিবলৈ, চৰ খাবলৈও যোগ্যতা লাগে।
সেই যোগ্যতা কেৱল বয়সে নিদিয়ে, ৰাজনৈতিক দলৰ বা বিধায়ক-মন্ত্ৰীৰ পদে নিদিয়ে, জনপ্ৰিয়তাই নিদিয়ে। সেই যোগ্যতা আহে জ্ঞানৰ পৰা, অধ্যয়নৰ পৰা, চিন্তাৰ পৰা, সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰা আৰু সেই যোগ্যতা সকলোৰে নাথাকে।
যিসকলে ছাৰৰ সৈতে মতভেদ কৰে, তেওঁলোকে নিশ্চয় সমালোচনা কৰক। কিন্তু ড° হীৰেন গোহাঁই ছাৰৰ দৰে বুদ্ধিজীৱিক অপমান কৰাৰ আগতে অন্ততঃ এবাৰ নিজলৈ, নিজৰ অতীতলৈ আৰু নিজৰ বৌদ্ধিক সীমাবদ্ধতাৰ বিষয়ে জুকিয়াই চাওক।
কাৰণ, জ্ঞানীৰ সৈতে মতভেদ কৰাটো সহজ, কিন্তু জ্ঞানীৰ সন্মুখত নিজৰ অজ্ঞতাক স্বীকাৰ কৰিব পৰাটোহে কঠিন।
— তফিকউদ্দিন আহমেদ

Leave a Reply

Your email address will not be published. Required fields are marked *