ক্ষেত্ৰীত শোকাৱহ পথ দুৰ্ঘটনা! একেটা পৰিয়ালৰ ৩ জনৰ থিতাতে মৃত্যু, গুৰুতৰভাৱে আহত ৩ জন
গুৱাহাটীৰ পৰা নগাঁৱলৈ গৈ থকা অৱস্থাত ক্ষেত্ৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS-01DX-5663 নম্বৰৰ Hyundai বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ নোৱাগাঁও অঞ্চলত পথৰ দাঁতিৰ ৰেলিঙত খুন্দা মাৰে। ফলত বাহনখনত থকা ৩ গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন ৩ গৰাকী গুৰুতৰভাৱে আহত হয়।
নিহতসকল নগাঁৱৰ ননৈ অঞ্চলৰ বুলি জানিব পৰা গৈছে। তেওঁলোক ক্ৰমে ৰিবুল আলী (১৮), মণিমাই বেগম (৪০) আৰু আমিৰ উদ্দিন (৪০)। আহতসকল হৈছে পুতুমাই বেগম (৫৫), ১০ বছৰীয়া আনিচু চুলতানা আৰু ৰুস্তম আলী (৫০)।
জানিব পৰা মতে, ৰুস্তম আলীৰ পুত্ৰ কৰ্মসূত্ৰে কুৱেইটলৈ যোৱাৰ বাবে পৰিয়ালটোৱে তেওঁক গুৱাহাটী বিমানবন্দৰত থবলৈ আহিছিল। পুত্ৰক বিমানত তুলি দি ঘৰলৈ উভতি যোৱাৰ পথতেই এই অঘটন সংঘটিত হয়। বাহনখন ৰুস্তম আলীয়ে নিজে চলাই আছিল। দুৰ্ঘটনাত তেওঁ প্ৰাণে ৰক্ষা পৰে যদিও তেওঁৰ পত্নী, পুত্ৰ আৰু খুলশালীয়েকৰ মৃত্যু হয়।
দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ খবৰ পাই ক্ষেত্ৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
