গুৱাহাটীৰ ৰিয়া হত্যাকাণ্ড! নৱবিবাহিতাৰ ছিন্নমুণ্ড ফ্ৰীজত, কি কৰিলে ৰামানুজে?
গুৱাহাটীৰ বশিষ্ঠপুৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ মহানগৰী জোকাৰি গৈছে। নৱবিবাহিতা পত্নী ৰিয়া তালুকদাৰ গোস্বামীক অতি নৃশংসভাৱে হত্যা কৰি ফ্ৰীজত ভৰাই থোৱাৰ অভিযোগ উঠিছে স্বামী ৰামানুজ গোস্বামীৰ বিৰুদ্ধে।
ক’ত কেনেকৈ উদ্ধাৰ হ’ল মৃতদেহ?
বেলতলা বশিষ্ঠপুৰৰ ৪ নম্বৰ বাইলেনৰ ১৪ নম্বৰ ঘৰ, ‘অঞ্জলি গৃহ’ নামৰ অট্টালিকাৰ তৃতীয় মহলাৰ ফ্লেটৰ পৰা দেওবাৰে বিয়লি উদ্ধাৰ হয় ৰিয়াৰ মৃতদেহ। ফ্লেটৰ পৰা দুৰ্গন্ধ ওলোৱাত ওচৰ-চুবুৰীয়াই হাতীগাঁও আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি দুৱাৰ ভাঙি সোমাই যি দৃশ্য দেখিলে তাতে আৰক্ষীৰো চকু থৰ লাগিল।
আৰক্ষীৰ তদন্তত কি পোহৰলৈ আহিল?
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি ৰিয়াক শিৰচ্ছেদ কৰা হৈছিল। তাইৰ ছিন্নমুণ্ডটো ক’লা পলিথিনত মেৰিয়াই ফ্ৰীজৰ ভিতৰত ৰখা হৈছিল আৰু হাতৰ আঙুলিও কাটি পেলোৱা হৈছিল বুলি অভিযোগ। বিচনাৰ কাষতে পৰি আছিল শৰীৰৰ বাকী অংশ। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন দা, কেইবাটাও সুৰাৰ বটল আৰু ধূপৰ পেকেট উদ্ধাৰ কৰিছে। ফৰেনছিক দলে আঙুলিৰ চাপ সংগ্ৰহ কৰিছে। আৰক্ষীৰ সন্দেহ, হত্যাকাণ্ডটো উদ্ধাৰৰ ৪৮ ঘণ্টা আগতেই সংঘটিত হৈছিল।
হত্যাৰ পিছত ভয়ংকৰ কাণ্ড!
এইখিনিতে শেষ হোৱা নাই। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত ৰামানুজে হত্যাৰ পিছত মৃতদেহৰ কাষতে বহি সুৰাপান আৰু খাদ্য গ্ৰহণ কৰিছিল। আনকি মৃতদেহৰ অংশ কুকুৰক খুৱাই প্ৰমাণ নষ্ট কৰাৰ পৰিকল্পনাও কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। প্ৰমাণ নষ্ট কৰিবলৈ তেওঁ নিজৰ আৰু পত্নীৰ দুয়োৰে ম’বাইল ফোন ভাঙি পেলাইছিল।
কোন এই ৰামানুজ?
ৰামানুজ গোস্বামী পেছাত এজন Uber চালক। তেওঁৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰত। ৰিয়া আৰু ৰামানুজৰ বিয়া হৈছিল মাত্ৰ ৬ মাহ আগতে। ৰিয়া ফাঁচীবজাৰৰ এখন বুটিকত কাম কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি ৰামানুজ পূৰ্বে ড্ৰাগছত আসক্ত আছিল আৰু ৩ মাহ ৰিহেব চেন্টাৰতো আছিল।
বৰ্তমান কি স্থিতি?
দেওবাৰে নিশা দিশপুৰ থানাত তেজ লগা কাপোৰ পিন্ধি আত্মসমৰ্পণ কৰে ৰামানুজে। বৰ্তমান তেওঁ হাতীগাঁও আৰক্ষীৰ জিম্মাত আছে। মৃতদেহ পলিথিনৰ টোপোলাত GMCH লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে। CID আৰু ফৰেনছিক দলে তদন্ত অব্যাহত ৰাখিছে।
এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে নিচা আৰু সন্দেহে কেনেকৈ এখন সুখৰ সংসাৰক ৬ মাহতে শেষ কৰি দিব পাৰে।
