মানুহৰ জীৱনত এনেকুৱা কিছুমান ৰহস্যময় অন্ধকাৰ সত্য থাকে যিবোৰ বিশ্বাস কৰাটোও কঠিন হৈ পৰে। বাস্তৱ পৃথিৱীত কিছুমান কথা, বিষয় আমি আওকাণ কৰিলেও নেদেখা জনৰ বিচাৰ দেখি স্তম্ভিত হ’বলগীয়া হয়৷
এখন চিনাকি চহৰৰ এটি অত্যন্ত সম্ভ্ৰান্ত আৰু প্ৰতিপত্তিশালী চিকিৎসক পৰিয়ালৰ এক গাৰ নোম শিঁয়ৰি উঠা কাহিনী এয়া। বংশৰ একমাত্ৰ উত্তৰাধিকাৰী, নয়নৰ মণি ল’ৰাটোক পিতৃয়ে বুকুত সপোন বান্ধি চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষাৰ বাবে বিদেশলৈ পঠিয়াইছিল৷ পিতৃৰ সপোন আছিল এদিন পুত্ৰয়ো পিতৃ, বংশৰ ঐতিহ্য ধৰি ৰাখি সফল চিকিৎসক হৈ সমাজত নিজৰ নাম উজ্জ্বল কৰিব।
বিদেশৰ অচিনাকি চহৰত চিকিৎসা বিজ্ঞান পঢ়ি থকাৰ সময়তে ল’ৰাজনৰ চিনাকি হৈছিল এগৰাকী তুৰ্কী যুৱতীৰ সৈতে। একেটা বিভাগ, একেটা বিষয়ৰ অধ্যয়ন আৰু সমবয়সীয়া আৰু চঞ্চলা মন৷ লাহেলাহে দুয়োজৰ মাজত বন্ধুত্ব নিবিড় প্ৰেমলৈ ৰূপান্তৰিত হ’ল। যুৱতীগৰাকীও আছিল নিজৰ ঘৰখনৰ একমাত্ৰ আদৰৰ কন্যা। দুয়োজন মেধাৱীয়ে ভৱিষ্যতৰ এটি সুন্দৰ জীৱনৰ সপোন দেখিছিল আৰু একেলগে জীৱনটো আগবঢ়াই নিয়াৰ সংকল্প লৈছিল।
পাঠ্যক্ৰম শেষ হোৱাৰ পিছত পুত্ৰই নিজৰ এই ভালপোৱাৰ কথা ঘৰত জনালে। কিন্তু পিতৃয়ে আভিজাত্য আৰু বংশ মৰ্যাদাৰ অহংকাৰত মগ্ন হৈ এই সম্পৰ্কক অস্বীকাৰ কৰিলে। পুত্ৰৰ তীব্ৰ জেদ আৰু ভালপোৱাৰ ওচৰত অৱশেষত পিতৃয়ে মানুহে দেখাকৈ সন্মতি দিলে। সুদূৰ তুৰ্কীৰ পৰা নিজৰ শিপা, ভাষা, আপোন পৰিয়াল, চিনাকি পৃথিৱীখন চিৰদিনৰ বাবে এৰি এগৰাকী যুৱতীয়ে কেৱল প্ৰেমৰ বাবে অসমৰ ঘৰখনলৈ বোৱাৰী হৈ গুচি আহিল। সামাজিক নীতি-নিয়মেৰে দুয়োৰে বিবাহ সম্পন্ন হ’ল, আৰম্ভ হ’ল এখন সুখৰ সংসাৰ।
সময়বোৰ আগবাঢ়িল, দুই প্ৰেমিক-প্ৰেমিকাৰ সুখবোৰ যেন কাৰোবাৰ নজৰ লাগিল। বিয়াৰ কেইমাহমান পিছতেই ছোৱালীজনীৰ স্বাস্থ্য বেয়া হ’বলৈ আৰম্ভ কৰে। প্ৰথমে সাধাৰণ যেন লগা ক্লান্তি আৰু মাজে মাজে পেটৰ অসহ্য বিষে ক্ৰমে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল। শহুৰেক নিজেই এজন নামজ্বলা আৰু প্ৰভাৱশালী চিকিৎসক হোৱাৰ বাবে চিকিৎসা বিজ্ঞানৰ সকলো পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসা আগবঢ়োৱা হ’ল৷ কিন্তু আচৰিত কথা যে তেওঁৰ ৰোগ ধৰা নপৰিল। দেহাটো লাহেলাহে অৱশ হ’বলৈ আৰম্ভ কৰিলে। সুদূৰ তুৰ্কীৰ পৰা চিকিৎসক হোৱাৰ সপোন দেখা নিস্পাপ ছোৱালীজনীয়ে প্ৰেমৰ বাবে বিয়া হৈ তিল তিলকৈ যন্ত্ৰণাত ছটফটাবলৈ ধৰিলে৷ কৰুণ, অসহায় হৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ছোৱালীজনীয়ে চহৰখনৰ পৰিয়ালটোত নিথৰ দেহ হৈ পৰি থাকিল৷
একমাত্ৰ কন্যাৰ মৃত্যুৰ খবৰটো পৰিয়ালে লাভ কৰাৰ পাছত তুৰ্কীত থকা পিতৃ-মাতৃৰ হাহাকাৰ লাগিল৷ তুৰ্কীৰ পৰা পিতৃ-মাতৃয়ে হাহাকাৰ কৰি ঢাপলি মেলি আহিলে। কিন্তু সময় আৰু নিয়তি বৰ নিষ্ঠুৰ আছিল। তেওঁলোকে অসমৰ মাটিত ভৰি দিয়াৰ আগতে একমাত্ৰ কন্যাগৰাকীৰ জানাজা সম্পন্ন কৰা হৈছিল। যিখন ঘৰৰ চোতালত তেওঁলোকে নিজৰ একমাত্ৰ সন্তানটিক সুখেৰে সংসাৰ কৰি থকা চাবলৈ আশা পুহি ৰাখিছিল, সেইখন চোতালতে বুকুভঙা কান্দোনেৰে কেবল চিঞৰি চিঞৰি কান্দিছিল৷ বুকুৰ উমেৰে ডাঙৰদীঘল কৰা কলিজাৰ টুকুৰাটোৰ মুখখন এবাৰ চাবলৈ ব্যাকুল হৈ পাগলৰ নিচিনা হৈ পৰিল ।
অচিনাকি দেশৰ অচিনাকি মানুহৰ মাজত তেওঁলোক অসহায়! কেৱল উচুপি উচুপি দুহাত আকাশলৈ দাঙি সেই মাটিৰ চোতালতে আঁঠু কাঢ়ি আল্লাহৰ ওচৰত নিজৰ কন্যাৰ ন্যায় বিচাৰিলে৷ তাৰ পিছত এবুকু নীৰৱ যন্ত্ৰণা লৈ, বুকুত শিল বান্ধি তেওঁলোক উভতি গ’ল নিজ দেশলৈ।
দিন,মাহ,বছৰ পাৰ হ’ল! সময়ৰ গতিত বুকুৰ ঘা শুকাবলৈ আৰম্ভ কৰিলে৷ চিকিৎসক পিতৃয়ে নিজৰ অহংকাৰ আৰু বংশ মৰ্যাদা ৰক্ষা কৰি পুত্ৰক দ্বিতীয়বাৰৰ বাবে আড়ম্বৰপূৰ্ণভাৱে বিয়া পাতি দিলে। অতীতৰ সেই দুৰ্ভাগ্যজনক অধ্যায়টো যেন এক ধূসৰ স্মৃতি হৈ পাহৰণিৰ গৰ্ভত সোমাই পৰিল। নতুন সংসাৰ, নাম,টকা আৰু চিকিৎসা চৰ্চাৰ ব্যস্ততাৰে ঘৰখন পুনৰ হাঁহি-ধেমালিৰে ভৰি উঠিল। ল’ৰাজনেও লাহে লাহে প্ৰেয়সীৰ স্মৃতিৰ পৰা নিজক মুক্ত কৰি নতুন জীৱনত বিলীন হৈ পৰিল।
কিন্তু সময় আৰু প্ৰকৃতিৰ ন্যায় কোনে খণ্ডন কৰিব! নেদেখাজনৰ বিচাৰ হেনো ভয়ংকৰ হয়৷ ওপৰৱালাৰ কি পৰিহাস! সকলো ঠিকে-ঠাকে চলি থকা পৰিয়ালটোলৈ যেন ঘোৰ অমানিশা নামি আহিল৷ হঠাৎ একমাত্ৰ চিকিৎসক পুত্ৰজন গুৰুতৰভাৱে অসুস্থ হৈ পৰিল। সেই একেই লক্ষণ, পেটৰ অসহ্য বিষ৷
অসমৰ নামজ্বলা চিকিৎসালয়ৰ পৰা দেশৰ ডাঙৰ ডাঙৰ চিকিৎসালয়লৈ পুত্ৰক লৈ যোৱা হ’ল। পিতৃয়ে নিজৰ সমস্ত ধন খৰচ কৰি একমাত্ৰ পুত্ৰক বচাবলৈ আপ্রাণ চেষ্টা কৰিলে। কিন্তু আধুনিক চিকিৎসা বিজ্ঞান যে হাৰি গ’ল! ঠিক প্ৰেয়সীৰ দৰে দিনৰ পিছত দিন তিল তিলকৈ যন্ত্ৰণাত ছটফটাই থাকিল৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে পিতৃৰ চকুৰ সন্মুখতেই একমাত্ৰ পুত্ৰয়ো শেষ নিশ্বাস ত্যাগ কৰিলে।
একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত কথাবোৰ লাহে লাহে বুবুবাবা হ’বলৈ ধৰিলে৷ যিবোৰ কথা আছিল অতি গোপন আৰু গাৰ নোম শিঁয়ৰি উঠা সত্য৷ যিগৰাকী বিদেশী বোৱাৰীক পুত্ৰৰ জেদৰ বাবে আদৰি লোৱা হৈছিল, তেওঁক সেই অহংকাৰী চিকিৎসক পিতৃয়ে অন্তৰেৰে কেতিয়াও মানি লোৱা নাছিল। নিজৰ মান-সন্মান আৰু বংশ মৰ্যাদাৰ অহংকাৰত অন্ধ হৈ পুত্ৰৰ জীৱনৰ পৰা সেই বিদেশী ছোৱালীজনীক চিৰদিনৰ বাবে নিঃৰৱে আঁতৰাই নি ষড়যন্ত্ৰ ৰচিছিল৷ অভিযোগ আহিছিল আধুনিক চিকিৎসা বিজ্ঞানৰ আৱিষ্কাৰকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। বোৱাৰীগৰাকীক গোপনে দিয়া হৈছিল শ্ল’ পয়জন। হয়তো যাৰ বাবে কোনো চিকিৎসকেই তেওঁৰ ৰোগৰ নিৰ্ণয় কৰিব পৰা নাছিল আৰু ছোৱালীজনীৰ অকাল মৃত্যু ঘটিছিল।
কাৰোবাৰ বুকুৰ একমাত্ৰ সপোনটিক এনেদৰে এগৰাকী অহংকাৰী পিতৃয়ে চিৰদিনৰ বাবে আঁতৰাই পঠিওৱাৰ অভিযোগ উঠিছিল৷ আধুনিক চিকিৎসা বিজ্ঞান আৰু ক্ষমতাৰ বলত এক অপৰাধ সংঘটিত কৰি চিৰদিনলৈ এই কৰুণ ঘটনা ঢাকি পেলোৱা হৈছিল৷
মানুহৰ বিচাৰতকৈ ওপৰৱালাৰ বিচাৰ কঠোৰ আৰু ভয়ংকৰ! মানুহৰ আদালততকৈ প্ৰকৃতি আৰু সময়েহে উচিত বিচাৰ কৰে৷ সময়ৰ বিচাৰ কিমান নিখুঁত আৰু নিৰ্দয় হ’ব পাৰে সেয়া কোনেও বুজিব নোৱাৰে !
এজন অহংকাৰী পিতৃয়ে আধুনিক চিকিৎসা বিজ্ঞানৰ অপব্যৱহাৰ কৰি কাৰোবাৰ একমাত্ৰ সন্তানক কাঢ়ি নিয়াৰ এক অভিযোগ আৰু তাৰ পিছত এক কৰুণ, নিৰ্দয় বিচাৰ! বিদেশৰ সেই পিতৃ-মাতৃৰ বেদনা আৰু কান্দোন যেন ওপৰৱালাই শুনিলে! এখন অচিনাকি চহৰত এটি পৰিয়ালৰ চোতালত হিয়া ঢাকুৰি কান্দি কান্দি নিজ সন্তানৰ ন্যায় বিচৰা পৰিয়ালটি আজি বিদেশত কেনে আছে সেয়া কোনেও নাজানে! এইখন চহৰত কিন্তু এগৰাকী পিতৃয়ে একমাত্ৰ সন্তানক হেৰুৱাই ঘৰৰ এচুকত চকুলো টুকিছে! পুত্ৰক হেৰুৱাই পিতৃয়ে গোটেই পৃথিৱীখন হেৰুৱাৰ অনুভৱ কৰিছে৷৷
(এই বিশেষ লেখাটোৰ লগত বাস্তৱ কোনো কাহিনী বা ঘটনাৰ মিল নাই, এয়া সম্পূৰ্ণ কাল্পনিক)
তফিকউদ্দিন আহমেদ
৯৮৫৪৩১৮৭৩৪
