ভাৰতৰ ৰাজহুৱা জীৱনত পৰিচিত অন্যতম সুন্দৰী নাৰী আছিল তেওঁ। যাৰ বাবে ইন্দিৰা গান্ধীয়েও ঈৰ্ষা কৰিছিল এইগৰাকী সুন্দৰী নাৰীক।
কোচবিহাৰৰ ৰাজকুমাৰী তথা পৰৱৰ্তী সময়ত জয়পুৰৰ ৰাজমাতা হিচাপে পৰিচিত গায়ত্ৰী দেৱী আছিল আধুনিক ভাৰতৰ অন্যতম আকৰ্ষণীয় ব্যক্তিত্ব। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আলোচনী ‘Vogue’এ প্ৰস্তুত কৰা বিশ্বৰ দহগৰাকী শীৰ্ষ সুন্দৰীৰ তালিকাতো স্থান পাইছিল তেওঁ। অপৰূপ সৌন্দৰ্য, আভিজাত্য আৰু প্ৰগতিশীল চিন্তাৰ অধিকাৰী এইগৰাকী ৰাজকুমাৰীক আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। জনশ্ৰুতি তথা ৰাজনৈতিক মহলৰ চৰ্চা অনুসৰি, গায়ত্ৰী দেৱীৰ অনন্য সৌন্দৰ্য আৰু প্ৰভাৱশালী ব্যক্তিত্বই ইন্দিৰা গান্ধীৰ মনত তীব্ৰ ঈৰ্ষাৰ সৃষ্টি কৰিছিল। বহু বিশ্লেষকৰ মতে, সেই পুঞ্জীভূত বিদ্বেষৰ পৰিণতিতেই ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাত ইন্দিৰা গান্ধীয়ে গায়ত্ৰী দেৱীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।
ফেশ্বন আৰু ৰুচিবোধৰ ক্ষেত্ৰত গায়ত্ৰী দেৱী আছিল অনন্য। সুন্দৰ পেষ্টেল ৰঙৰ চিফন শাৰী, ডিঙিত মুকুতাৰ মালা আৰু চকুত ছানগ্লাছ— এয়াই আছিল তেওঁৰ চিৰপৰিচিত ষ্টাইল। উল্লেখযোগ্য যে তেওঁৰ মাতৃয়েই আছিল ভাৰতত প্ৰথম চিফন শাৰীক জনপ্ৰিয় কৰি তোলা মহিলাসকলৰ এগৰাকী। চিগাৰ হুপা, দ্ৰুতবেগী বিলাসী বাহন আৰু উৎকৃষ্ট জোতাৰ প্ৰতিও তেওঁৰ আছিল বিশেষ ৰাপ।
১৯১৯ চনত কোচবিহাৰৰ মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ আৰু মহাৰাণী ইন্দিৰা ৰাজেৰ কোলা শুৱনি কৰি জন্ম হৈছিল গায়ত্ৰী দেৱীৰ। ঘৰুৱাভাৱে তেওঁক ‘আয়েশা’ বুলি মতা হৈছিল। প্ৰায় পাঁচ শতাধিক দাস-দাসীৰে পৰিবেষ্টিত হৈ অতি ঐশ্বৰ্যশালী পৰিৱেশত ডাঙৰ-দীঘল হ’লেও ৰাজপ্ৰসাদৰ চাৰিবেৰ আৰু ৰক্ষণশীলতাই তেওঁক আৱদ্ধ কৰি ৰাখিব পৰা নাছিল। আধুনিক পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈ তেওঁ এক মুক্ত আৰু আত্মনিৰ্ভৰশীল জীৱন বাচি লৈছিল। পৰৱৰ্তী সময়ত তেওঁ জয়পুৰৰ মহাৰাজা দ্বিতীয় মান সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু জয়পুৰৰ তৃতীয় মহাৰাণী হিচাপে অধিষ্ঠিত হয়।
ৰাজপ্ৰাসাদৰ পৰা ওলাই আহি তেওঁ নামি পৰিছিল সংসদীয় ৰাজনীতিত। ১৯৬২ চনৰ লোকসভা নিৰ্বাচনত ‘স্বতন্ত্ৰ পাৰ্টী’ৰ প্ৰাৰ্থীৰূপে জয়পুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ অভিলেখ সৃষ্টি কৰে। সমষ্টিটোৰ মুঠ ২,৪৬,৫১৬ টা ভোটৰ ভিতৰত তেওঁ এককভাৱেই লাভ কৰিছিল ১,৯২,৯০৯ টা ভোট (প্ৰায় ৭৮ শতাংশ)। এয়া আছিল বিশ্ব গণতন্ত্ৰৰ ইতিহাসতেই এক অভূতপূৰ্ব জয়। ইয়াৰ পিছতো ১৯৬৭ আৰু ১৯৭১ চনৰ নিৰ্বাচনত বিপুল জনসমৰ্থনেৰে তেওঁ বিজয় সাব্যস্ত কৰে।
ইন্দিৰা গান্ধী আৰু গায়ত্ৰী দেৱীৰ মতানৈক্যৰ কাৰণ:
ইন্দিৰা গান্ধী আৰু গায়ত্ৰী দেৱী শৈশৱৰ পৰাই পৰস্পৰৰ পৰিচিত আছিল। দুয়োগৰাকীয়ে শান্তিনিকেতনত অধ্যয়ন কৰিছিল। বিখ্যাত সাংবাদিক তথা লেখক খুশৱন্ত সিঙৰ মতে, সংসদত গায়ত্ৰী দেৱীৰ স্বাভাৱিক সৌন্দৰ্য আৰু উপস্থিতিয়ে ইন্দিৰা গান্ধীক অস্বস্তিত পেলাইছিল; আনকি ইন্দিৰাৰ এই সুপ্ত ঈৰ্ষা কেতিয়াবা ৰাজহুৱা বাক-বিতণ্ডা বা সংসদীয় অপমানৰ ৰূপতো প্ৰকাশ পাইছিল।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘The Independent’ৰ এক প্ৰতিবেদন অনুসৰি, সংসদৰ মজাত গায়ত্ৰী দেৱীৰ আত্মবিশ্বাসী উপস্থিতিয়ে ইন্দিৰা গান্ধীক সঘনে ব্যতিব্যস্ত কৰি তুলিছিল। শান্তিনিকেতনৰ দিনবোৰৰ পৰাই গায়ত্ৰীৰ জন্মগত আভিজাত্য আৰু উজ্জ্বলতা ইন্দিৰাৰ বাবে যেন এক নীৰৱ প্ৰত্যাহ্বান আছিল। তদুপৰি, ১৯৬২ চনত ৰাজকুমাৰীগৰাকীৰ ঐতিহাসিক নিৰ্বাচনী বিজয়ে ইন্দিৰা গান্ধীক ৰাজনৈতিকভাৱেও শংকিত কৰি তুলিছিল। এই ব্যক্তিগত আৰু ৰাজনৈতিক সংঘাতৰ চৰম পৰিণতিতেই ইন্দিৰা চৰকাৰে জৰুৰীকালীন অৱস্থাত গায়ত্ৰী দেৱীক প্ৰায় ছমাহ তিহাৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল বুলি ইতিহাসবিদসকলে উল্লেখ কৰে।
শিখামণি কলিতা
