সাম্প্ৰদায়িক ৰাজনীতি ✍️তফিক উদ্দিন আহমেদৰ বিশেষ লেখা

নিজকে শিক্ষিত, উত্তৰ আধুনিক যুগৰ শ্ৰেষ্ঠ জীৱ বুলি দাবী কৰোঁ কিন্তু ধৰ্মীয় ৰাজনীতিত বিশ্বাস কৰোঁ। এয়া সচাঁকৈয়ে দুৰ্ভাগ্যজনক …

ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ স্বাধীন দেশ। ইয়াত সকলো ধৰ্মাৱলম্বী লোকে সম অধিকাৰ পোৱাটো তেওঁলোকৰ অধিকাৰ। এই অধিকাৰৰ পৰা তেওঁলোকক কোনোবাই বঞ্চিত কৰিব নোৱাৰে। ভাৰতবৰ্ষ স্বাধীনতাৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সময়ত একাংশ ধৰ্মান্ধ লোক আৰু ৰাজনৈতিক দলে দেশৰ মানুহক ধৰ্মৰে ভাগাই ৰাজনীতি কৰি সম্প্ৰীতিৰ বান্ধোন চিঙিবলৈ চেষ্টা কৰিছিল। আজিও সেই প্ৰচেষ্টা অব্যাহত ৰাখিছে এচাম ধৰ্মান্ধ লোক আৰু ৰাজনৈতিক দলে। সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোনত ক্ষোভ, ঘৃণা বিয়পাই ৰাজনৈতিক লাভালাভৰ অংক কৰিছে।

যোৱা কেইবা দশক ধৰি দেশখনত কোনো ধৰ্মৰ (২০০২ৰ গুজৰাটৰ গোষ্ঠী সংঘৰ্ষৰ বাহিৰে) বৃহৎ ধৰ্মৰ নামত তেজৰ নৈ বোৱা নিচিনা ঘটনা সংঘটিত হোৱা নাই। কিন্তু বিজেপি দলে দেশৰ শাসনৰ নেতৃত্ব লোৱাৰ পিছতে দেশখন পুনৰ অশান্ত হৈ উঠিছে। উগ্ৰ সাম্প্ৰদায়িক দল-সংগঠনবোৰ সাৰ পাই উঠিছে। তেওঁলোকক দেশখন অশান্ত কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে।

অকল যে বিজেপি দলটোৱে সাম্প্ৰদায়িক দল, সেইটো নহয়, কংগ্ৰেছ দলটোও সমানেই সাম্প্ৰদায়িক দল। কংগ্ৰেছ দলটোৱেও সময়ে সময়ে সাম্প্ৰদায়িক দল হিচাপে নিজৰ স্বৰূপ উদঙাই দি আহিছে। ধৰ্মনিৰপেক্ষতাৰ শ্ল’গান আওৰাই কংগ্ৰেছ দলটোৱে ৰাজনীতি দুটা কৰিছিল। এই দুটা দলৰ কেতিয়াবা সংখ্যালঘুকৰ জনকত্বাৰ ৰূপত আন কেতিয়াবা বিদ্বেষীৰ ৰূপত আত্মপ্ৰকাশ কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে।

১৯৩৭ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ পিছত কংগ্ৰেছৰ সাম্প্ৰদায়িক চৰিত্ৰ প্ৰথমবাৰৰ বাবে প্ৰকট হৈ পৰিছিল। সেই সময়ত ভাৰতত কংগ্ৰেছৰ একচেটীয়া অধিকাৰ দেখা পোৱা গৈছিল। কংগ্ৰেছ দলে তেতিয়াই অন্য দলৰ প্ৰাসংগিকতা নস্যাৎ কৰিছিল। জৱাহৰলাল নেহৰুৱে সদম্ভে ঘোষণা কৰিছিল “There are two parties in India. one British Government other Congress the rest must line up” ১৯৩৭ চনৰ নিৰ্বাচনৰ পিছতে ছয়টা প্ৰদেশত কংগ্ৰেছৰ মন্ত্ৰীসভা গঠন হৈছিল। সংখ্যাগৰিষ্ঠ হিন্দু ধৰ্মাৱলম্বী বাস কৰা এই প্ৰদেশ কেইখনত কংগ্ৰেছ দলে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল। উগ্ৰ ধৰ্মান্ধ লোক আৰু কংগ্ৰেছ দলৰ যৌথ প্ৰচেষ্টাত বিভিন্ন ঠাইত মুছলিম বিদ্বেষী কাম-কাজ আৰম্ভ হৈছিল। বিভিন্ন আইন জাপি দি গো হত্যা বন্ধ কৰি দিয়া হৈছিল। আনকি কোৰবানীৰ সময়তো কোৰবানী দিব পৰা নাছিল মুছলমানসকলে।

১৯৩৯-৪০ চনত নাগপুৰৰ ‘বিশ্বহিন্দু’ ঘটনাৰ ৰিপ’ৰ্টত কংগ্ৰেছৰ পৈশাচিক অত্যাচাৰৰ কথা স্পষ্ট হৈ আছে। এতিয়া শেহতীয়াকৈ দেশখনত সাম্প্ৰদায়িক শক্তিসমূহ পুনৰ ঠন ধৰি উঠিছে। বিজেপি চৰকাৰে ১৯৩৭ চনত কংগ্ৰেছে কৰা কামকেই আৰম্ভ কৰিছে। বৰ্তমান বিজেপি চৰকাৰৰ চৰম অহংকাৰী হৈ পৰা পৰিলক্ষিত হৈছে। দলটোৱে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে দেশ আৰু জনগণৰ বিৰোধী কিছুমান কাৰ্য-কলাপ হাতত লোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ আগত থকা মোদীৰ জনপ্ৰিয়তাও বৰ্তমান লাহে লাহে নোহোৱা হৈ ধৰিছে। বিজেপিৰ জনগণ বিৰোধী কিছুমান কাম-কাজ দলটোৰ বাবে আত্মঘাতী হৈ পৰিছে। দেশৰ মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, জম্মু-কাশ্মীৰ, হাৰিয়ানা, আহমেদাবাদ আদিকে ধৰি কেইবাখন ঠাইত গো মাংস নিষিদ্ধকৰণ কৰিছে। বিজেপি চৰকাৰে অন্য ধৰ্মাৱলম্বী লোকৰ প্ৰতি অন্যায় কৰি নিজৰ ফেচিষ্ট ৰূপ উদঙাই দিছে। বাংলাদেশৰ হিন্দু শৰণাৰ্থীক অসমত আশ্ৰয় দিয়াৰ বাবে যি অধিসূচনা জাৰি কৰিছে ইয়াৰ দ্বাৰা বিজেপিয়ে নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈহে বিদেশীক ধৰ্মৰে ভাগাই স্বদেশী সজোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

এখন ধৰ্মনিৰপেক্ষ দেশত বিজেপি দলে সাম্প্ৰদায়িক ৰাজনীতি কৰি যি বিভাজন বিয়পাইছে ইয়াৰ ফল ভয়াবহ হ’ব। দেশৰ সংবিধান ভবিষ্যতে মৌলবাদী দলটোৱে অৱমাননা কৰিব। দেশৰ সংবিধানৰ ভৱিষ্যৎ যি দলটোৱে আৰম্ভ কৰা বিভাজনৰ ফলত ধ্বংস হ’ব। দেশৰ সংবিধান ভবিষ্যতে মৌলবাদী দলটোৱে অৱমাননা কৰিব। সকলোকে সতৰ্ক হ’বলৈ আহ্বান জনালোঁ। উত্তৰ আধুনিকতাৰ যুগত ধৰ্মৰ ৰাজনীতিত আমি সকলোৱে জগৰীয়া। নিজৰ হৃদয়ৰ শিল কৰি তুলিছোঁ। নিজকে শিক্ষিত, উত্তৰ আধুনিক যুগৰ শ্ৰেষ্ঠ জীৱ বুলি দাবী কৰোঁ কিন্তু ধৰ্মীয় ৰাজনীতিত বিশ্বাস কৰোঁ। এয়া সচাঁকৈয়ে দুৰ্ভাগ্যজনক৷

তফিকউদ্দিন আহমেদ৷
৯৮৫৪৩১৮৭৩৪
(অনুগ্ৰহ কৰি লিখনি কপী কৰি ব্যৱহাৰ নকৰিব)

Leave a Reply

Your email address will not be published. Required fields are marked *