কপাহী পেণ্টী নিপিন্ধিলে মহিলাৰ কি ক্ষতি হয়?

বহু মহিলাই ফেশ্বনৰ বাবে, দেখাত ধুনীয়া লগা বাবে ছিনথেটিক, লেচ, নাইলনৰ পেণ্টী পিন্ধে। কিন্তু দিনটো এইবোৰ পিন্ধি থাকিলে গোপন অংশৰ ডাঙৰ ক্ষতি হয়।

১. গৰমত খজুৱতি আৰু সংক্ৰমণ বাঢ়ে

ছিনথেটিক কাপোৰে বতাহ চলাচল কৰিব নিদিয়ে। ভিতৰত ঘাম, তিতা জমা হৈ থাকে। তিতা ঠাইত বীজাণু বেছি হয়। তাৰ বাবে খজুৱতি, বগা পানী, বেয়া গোন্ধ, ফোঁহা হয়।

কপাহী কাপোৰে ঘাম শুহি লয়, বতাহ চলাচল কৰে। সেয়ে সংক্ৰমণ কম হয়।

২. পেচাবত জ্বলা-পোৰা আৰু ফোঁহা হয়

টাইট, ছিনথেটিক পেণ্টী দিনটো পিন্ধিলে ছালত ঘঁহনি লাগে। তেতিয়া ৰঙা পৰা, ফোঁহা ওলোৱা, পেচাব কৰোঁতে জ্বলা-পোৰা কৰা আৰম্ভ হয়।

৩. বগা পানী বেছিকৈ ওলায়

ভিতৰ সদায় তিতা হৈ থাকিলে বগা পানী বেছিকৈ ওলায়। বহুতে ভাবে বেমাৰ হৈছে, কিন্তু কাৰণটো পেণ্টীটোৱেই হয়।

তেন্তে কি পেণ্টী পিন্ধিব?

সদায় কৰিব:
১. দিনৰ বাবে ১০০% কপাহী, ঢিলা পেণ্টী পিন্ধিব
২. দিনে ১ বাৰ পেণ্টী সলনি কৰিব, গৰমত ২ বাৰ
৩. পেণ্টী ৰ’দত শুকুৱাব, ভিতৰতে শুকুৱাই নাথাকিব
৪. ৰাতি শোওঁতে ঢিলা কাপোৰ পিন্ধিব

কেতিয়াও নকৰিব:
১. তিতা পেণ্টী বেছি সময় পিন্ধি নাথাকিব
২. বেছি টাইট জিন্সৰ তলত ছিনথেটিক পেণ্টী নিপিন্ধিব
৩. সুগন্ধি, ৰঙীণ পেণ্টী সদায় নিপিন্ধিব
৪. আনৰ পেণ্টী ব্যৱহাৰ নকৰিব

কেতিয়া ডাক্তৰৰ ওচৰলৈ যাব?

– ৭ দিনতকৈ বেছি খজুৱতি থাকিলে
– বেয়া গোন্ধ, জ্বলা-পোৰা থাকিলে
– ফোঁহা, ৰঙা পৰি বিষ হ’লে

Leave a Reply

Your email address will not be published. Required fields are marked *