ম’বাইল ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ। ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ প্ৰাধিকৰণ TRAI-এ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।
এতিয়াৰে পৰা ডাটা অবিহনে কেৱল Voice Call আৰু SMS ৰ বাবে ৰিচাৰ্জ কৰিব পাৰিব। অৰ্থাৎ আপুনি ইন্টাৰনেট ব্যৱহাৰ নকৰিলেও এতিয়াৰ পৰা ডাটা পেকৰ বাবে অতিৰিক্ত টকা দিব নালাগে।
TRAI-এ Telecom Consumer Protection (Thirteenth Amendment) Regulations, 2026 জাৰি কৰিছে। এই নতুন নিয়ম অনুসৰি Jio, Airtel, Vi আদি সকলো টেলিকম কোম্পানীয়ে Voice আৰু SMS Only প্লেন দিব লাগিব।
নতুন নিয়মত কি আছে?
১. ৩০ দিন বা তাতকৈ কম ম্যাদৰ যিমানবোৰ Data যুক্ত প্লেন আছে, প্ৰতিটোৰে বাবে এটা Voice+SMS Only প্লেন দিব লাগিব আৰু দাম কম হ’ব লাগিব।
২. মাহেকীয়া ৰিচাৰ্জৰ বাবে Same Date ত Renew কৰিব পৰা প্লেন দিব লাগিব।
৩. ৩০ দিনতকৈ বেছি ম্যাদৰ বাবেও কমেও এটা Voice+SMS Only প্লেন দিব লাগিব।
এই নিয়ম ২১ ছেপ্তেম্বৰ ২০২৬ ত জাৰি কৰা হৈছে আৰু Gazette ত প্ৰকাশৰ ৩০ দিনৰ পাছৰ পৰা অৰ্থাৎ ২১ অক্টোবৰ ২০২৬ ৰ পৰা কাৰ্যকৰী হ’ব।
এই সিদ্ধান্তৰ ফলত প্ৰায় ২৫-৩০ কোটি ফিচাৰ ফোন ব্যৱহাৰকাৰী, জ্যেষ্ঠ নাগৰিক আৰু কম আয়ৰ লোকসকল আটাইতকৈ বেছি উপকৃত হ’ব।
