ৰান্ধনী ঘৰৰ আটাইতকৈ দৰকাৰী আৰু সময় বচোৱা বস্তুটোৱেই হৈছে প্ৰেচাৰ কুকাৰ। কম সময়ত সোৱাদযুক্ত খাদ্য ৰান্ধিবলৈ প্ৰায় প্ৰতিঘৰতে ইয়াৰ ব্যৱহাৰ হয়। দাইল, ভাত, মাংস সকলো কম সময়তে সিজি যায়। কিন্তু জানেনে আপোনাৰ এটা সৰু ভুলৰ বাবে এই প্ৰেচাৰ কুকাৰটোৱেই বোমাৰ দৰে বিস্ফোৰণ হৈ আপোনাৰ গোটেই ঘৰখন উৰুৱাই দিব পাৰে?
বহু সময়ত বাতৰিত শুনা যায় প্ৰেচাৰ কুকাৰ ফুটি মানুহ আহত হোৱাৰ, আনকি মৃত্যু হোৱাৰ খবৰ। ইয়াৰ আঁৰত কোনো যান্ত্ৰিক বিজুতি নহয়, ইয়াৰ আঁৰত আছে আমি কৰা এই ৩ টা ডাঙৰ ভুল, যিটো আমি প্ৰায়ে আওকাণ কৰোঁ।
১. কুকাৰৰ ৰবৰৰ ৰিং আৰু চেফটি ভালভ চাফা নকৰা –
এইটোৱেই আটাইতকৈ ডাঙৰ আৰু Common ভুল। প্ৰেচাৰ কুকাৰৰ ঢাকনৰ সৰু ফুটা দুটাৰে ভাপ ওলাই যায়। যদি আপুনি ৰন্ধাৰ পিছত ৰবৰৰ গেছকেট আৰু ওপৰৰ সৰু চিটি মৰা ভালভটো ভালদৰে চাফা নকৰে, তাত দাইল, ভাত বা মাংসৰ টুকুৰা লাগি ধৰে।
ইয়াৰ ফলত ভিতৰৰ ভাপ ওলাব নোৱাৰে আৰু ভিতৰত প্ৰেচাৰ বাঢ়ি গৈ থাকে। শেষত কুকাৰটোৱে প্ৰেচাৰ সহ্য কৰিব নোৱাৰি বোমাৰ দৰে ফুটি যায়।
কি কৰিব:সেয়ে প্ৰতিবাৰ ৰন্ধাৰ পিছত ৰিং আৰু ভালভ খুলি গৰম পানীৰে চাফা কৰক। যদি ৰবৰডাল ঢিলা হৈ গৈছে বা ফাটিছে তেন্তে লগে লগে ৩০-৪০ টকাৰে নতুন এটা সলনি কৰক। ১ বছৰত এবাৰ ৰবৰ সলনি কৰাটো বাধ্যতামূলক।
২. কুকাৰত অতিমাত্ৰা পানী আৰু খাদ্য ভৰাই থোৱা –
বহুতে সময় বচাবলৈ বা খৰখেদাকৈ কুকাৰটোৰ একেবাৰে ওপৰলৈকে দাইল বা ভাত ভৰাই দিয়ে। এইটো অতি বিপদজনক। কুকাৰত সদায় ২/৩ অংশতকৈ বেছি খাদ্য ভৰাব নালাগে।
কাৰণ উতলাৰ সময়ত খাদ্য ফুলি ওপৰলৈ আহে আৰু ভালভৰ ফুটা বন্ধ কৰি দিয়ে। যেতিয়া ভাপ ওলোৱাৰ বাট বন্ধ হৈ যায়, তেতিয়া বিস্ফোৰণ হোৱাটো নিশ্চিত। বিশেষকৈ মটৰ, দাইলৰ দৰে ফুলি উঠা বস্তু বেছিকৈ ভৰালে বেছি বিপদ।
কি কৰিব:মনত ৰাখিব, কুকাৰত সদায় খালী ঠাই থাকিবই লাগিব ভাপৰ বাবে। আধাতকৈ অলপ বেছি ভৰাওক, কিন্তু একেবাৰে ভৰ্তি নকৰিব।
৩. গেছৰ জুই কম নকৰা আৰু জোৰকৈ ঢাকন খুলিবলৈ চেষ্টা কৰা –
কুকাৰত উকি উঠাৰ পিছতো বহুতে গেছৰ জুই কম নকৰে। একেৰাহে হাই ফ্লেমত ৰাখিলে ভিতৰৰ প্ৰেচাৰ অস্বাভাৱিকভাৱে বাঢ়ি যায় আৰু চেফটি ভালভ ফেইল হ’ব পাৰে।
দ্বিতীয়তে, ৰন্ধা হৈ যোৱাৰ লগে লগে জোৰকৈ ঢাকন খুলিবলৈ চেষ্টা কৰে। কেতিয়াও এই ভুল নকৰিব। ভিতৰত তেতিয়াও প্ৰচণ্ড গৰম ভাপ থাকে।
কি কৰিব:উকি বন্ধ হোৱাৰ পিছত অন্তত ১০-১৫ মিনিট ৰাখি ভিতৰৰ সকলো ভাপ নিজে নিজে ওলাই যাবলৈ দিয়ক। গেছ বন্ধ কৰি কুকাৰটো ঠাণ্ডা হ’বলৈ দিয়ক। তাৰ পিছতহে ঢাকন খুলক। জোৰকৈ খুলিলে গৰম ভাপে আপোনাৰ মুখ, হাত জ্বলাই দিব পাৰে আৰু ভাত-দাইল চিটিকি আহিব।
মনত ৰাখিব, এটা সৰু সাৱধানতাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱন ৰক্ষা কৰিব পাৰে। আজিৰ পৰাই এই ৩ টা নিয়ম মানি চলক।
