কাণত হেডফোন, মগজুত বিপদ! দিনে ২ ঘণ্টাতকৈ বেছি লগায় নেকি? তেন্তে আজিয়েই সাৱধান হওক

Screenshot

আজিকালি গান শুনক, ভিডিঅ’ চাওক, অনলাইন ক্লাছ কৰক, গেম খেলক – সকলোতে হেডফোন। স্কুল-কলেজৰ ছাত্ৰৰ পৰা অফিচৰ মানুহলৈ সকলোৱে দিনটোৰ বেছিভাগ সময় কাণত হেডফোন লগাই থাকে।

কিন্তু আপুনি জানেনে? এই সৰু হেডফোনটোৱেই আপোনাৰ কাণ, মগজু আৰু স্বাস্থ্য লাহে লাহে শেষ কৰি আছে। আপুনি গমেই নোপোৱাকৈ আপোনাৰ শুনা শক্তি কমি গৈ আছে।

১. কাণ কলা হৈছে নেকি?

দিনে ২ ঘণ্টাতকৈ বেছি Full Volume ত হেডফোন লগালে কাণৰ ভিতৰৰ সৰু সৰু শিৰাবোৰ মৰি যায়। এবাৰ মৰিলে আৰু ভাল নহয়।

এতিয়া বহু ২০-২৫ বছৰীয়া যুৱকে কাণত কম শুনা, কাণত ভো ভো শব্দ হোৱা বুলি কয়। আগতে এই বেমাৰ ৬০ বছৰৰ মানুহৰ হৈছিল, এতিয়া ২০ বছৰতে হৈছে। ইয়াৰ আচল কাৰণ হেডফোন।

২. মগজুত কি ক্ষতি হয়?

একেলেথাৰিয়ে বহু সময় হেডফোন লগাই থাকিলে মূৰৰ বিষ, মূৰ ঘূৰোৱা, টোপনি নহা, মনত নথকা, খিংখিঙীয়া হোৱা – এইবোৰ হয়।

বহু ছাত্ৰ-ছাত্ৰীয়ে কয়, পঢ়াত মন নবহে। ইয়াৰ আচল কাৰণো হেডফোন হ’ব পাৰে। মগজুৱে জিৰণি নাপালে মনোযোগ কমি যায়।

৩. হেডফোন লগাই শুৱে নেকি?

এইটো আটাইতকৈ ডাঙৰ ভুল। বহুতে ৰাতি গান শুনি শুনি শোৱে। ৰাতি হেডফোন লগাই শুলে কাণত ঘাম জমা হয়, Infection হয়, কাণ পকিব পাৰে। কেতিয়াবা কাণত ইমান বিষ হয় যে ডাক্তৰৰ ওচৰলৈ যাব লগা হয়।

তদুপৰি ৰাতি কাণত তাৰ মেৰিয়াই থাকিলে ডিঙিতো বিষ হয়।

৪. ৰাস্তাত হেডফোন লগাই খোজ কঢ়া কিমান বিপদজনক?

ৰাস্তাত, ৰেল লাইনৰ ওচৰত, গাড়ী চলাওঁতে হেডফোন লগালে গাড়ীৰ হৰ্ণ শুনা নাযায়। যাৰ বাবে এতিয়া প্ৰতিদিনে দুৰ্ঘটনা হৈ আছে। আপোনাৰ এটা ভুলে জীৱন লৈ যাব পাৰে।

৫. তেন্তে কি কৰিব? ডাক্তৰৰ ৪টা নিয়ম

ক) Volume ৬০% তকৈ বেছি নকৰিব। ৬০/৬০ নিয়ম মানক – ৬০% Volume ত ৬০ মিনিট।

(খ) ১ ঘণ্টাৰ পিছত ১০ মিনিট কাণক জিৰণি দিয়ক। হেডফোন খুলি থওক।

গ) Earbuds তকৈ ওপৰত পিন্ধা Headphone অলপ ভাল। কাণৰ ভিতৰত সোমোৱা Earbuds বেছি বেয়া।

ঘ)ৰাতি শোৱাৰ সময়ত আৰু ৰাস্তাত কেতিয়াও হেডফোন নলগাব।

 

গান শুনক, কিন্তু কাণ বচাই শুনক। কাণ গ’লে গান শুনিবলৈও কাণ নাথাকিব। আজিৰ পৰাই Volume কমাই দিয়ক।

Leave a Reply

Your email address will not be published. Required fields are marked *