গুৱাহাটীৰ হোমষ্টে কাণ্ডত নতুন মোৰ! প্ৰেমিক আছিকৰ বাবেই সকলো কৰিছিল নিমিষাই

আৰক্ষী সূত্ৰে জানিব পৰা মতে, কোনো বৈধ নথি-পত্ৰ নোহোৱাকৈয়ে যুৱক-যুৱতী দুজনক হোমষ্টেত থকাৰ অনুমতি দিয়া হৈছিল। আধাৰ কাৰ্ডৰ দৰে পৰিচয় পত্ৰও তেওঁলোকৰ পৰা লোৱা হোৱা নাছিল।

তথ্য অনুযায়ী, এই যুৱক-যুৱতীহাল যোৱা এমাহৰ ভিতৰত প্ৰায় পাঁচবাৰ ৰুদ্ৰছ হোমষ্টেলৈ আহিছিল।

আনহাতে, আছিক আৰু মৃত যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্কক লৈও চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, প্ৰেমিক আছিকৰ বাবে সকলো কৰিবলৈ সাজু আছিল যুৱতীগৰাকী। দুয়ো একেলগে ঈদ উদযাপন কৰাৰ ফটোও ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ধৃত আছিক আলীৰ ঘৰ গাড়ীগাওঁ অঞ্চলত। ঘটনাৰ পিছৰে পৰা তেওঁৰ পিতৃ-মাতৃ পলাতক অৱস্থাত আছে। পৰিয়ালত পিতৃ-মাতৃৰ উপৰিও দুজন সৰু ভাতৃ আছে। আছিকৰ পিতৃ এজন দিন হাজিৰা কৰা শ্ৰমিক। আছিক আলীয়ে আগতে ৰং মিস্ত্ৰীৰ কাম কৰাৰ লগতে ৰেপিড’ বাইকো চলাইছিল।

তদন্তৰ স্বাৰ্থত এই ঘটনাৰ সৈতে জড়িত আন লোককো গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। যোৱা নিশা গড়ল হাস্পতালৰ পৰা আছিক আলীক আটক কৰা হৈছিল আৰু আজি আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়। লগতে হোমষ্টেৰ মালিক জয়ন্ত সাথীকো আটক কৰা হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *