অযোগ্য পিতৃ-মাতৃ আৰু স্খলিত সমাজ তফিকউদ্দিন আহমেদৰ বিশেষ লেখা

 

এখন সমাজৰ নৈতিক অৱক্ষয়ৰ কথা কওঁতে আমি সাধাৰণতে অবাধ্য সন্তানৰ কথা কওঁ। সন্তান বিপথে গ’ল, সন্তান মদ্যপায়ী হ’ল, ড্ৰাগছৰ প্ৰতি আসক্ত হ’ল, অপৰাধত জড়িত হ’ল, সন্তানে কথা নুশুনে, নৈতিকতা হেৰুৱালে,ৰসাতলে গ’ল আদিৰে আমি তৎক্ষণাৎ আঙুলি টোঁৱাওঁ সন্তানজনৰ ফালে। কিন্তু কেতিয়াবা আমি নিজকে জুকিয়াই চাইছোঁনে এই সন্তানজনক গঢ়ি তোলাৰ দায়িত্বত থকা অভিভাৱক,সমাজৰ দায়বদ্ধতা কিমান?

মহাত্মা গান্ধীৰ Women and Social Injustice গ্ৰন্থখন মূলত নাৰী, বিবাহ আৰু সামাজিক অন্যায় অবিচাৰক লৈ ৰচিত। গান্ধীৰ সামাজিক চিন্তাৰ মূল দায়িত্ব, আত্মসংযম, নৈতিকতা আৰু মানৱীয় কৰ্তব্যৰ প্ৰশ্নবোৰ আজিও সমানেই প্ৰাসংগিক।

মোৰ নিজৰ বিশ্বাসো তাতেই, পৃথিৱীত যিদৰে অবাধ্য সন্তান আছে, ঠিক একেদৰে অযোগ্য পিতৃ-মাতৃও আছে। বহু সময়ত অযোগ্য পিতৃ-মাতৃৰ নীৰৱ সমৰ্থন, ভুলক ঢাকি ৰখাৰ মানসিকতা আৰু সন্তানৰ স্খলনক আধুনিকতাৰ নাম দিয়াটোৱেই এটা পৰিয়ালৰ পৰা আৰম্ভ কৰি সমগ্ৰ সমাজখনলৈকে বিষ বিয়পাই দিয়ে।

সন্তান জন্ম দিয়াটো কোনো অসাধাৰণ কৃতিত্ব নহয়, নহয় এক মহৎ কৰ্ম, মানুহে সন্তান জন্ম দিয়ে প্ৰকৃতিৰ জৈৱিক তাড়নাত। ইয়াৰ বাবে কোনোবাই হিমালয়ত তপস্যা কৰিব নালাগে, জীৱনজোৰা সাধনা কৰিব নালাগে। কিন্তু এজন সন্তানক মানুহ হিচাপে গঢ়ি তোলাটোহে কঠিন সাধনা, জীৱনজোৰা পৰিশ্ৰম লাগে৷

সন্তান জন্ম দিয়াৰ অধিকাৰ প্ৰকৃতিয়ে দিয়ে, কিন্তু সন্তানক মানুহ কৰি তোলাৰ দায়িত্ব সমাজে, বিশেষকৈ পিতৃ-মাতৃয়ে বহন কৰে।

এটি শিশুৰ পৰা আৰম্ভ হয় মূল্যবোধৰ শিক্ষা। কেৱল বিদ্যালয়লৈ পঠিয়ালে,পঢ়ুৱালে দায়িত্ব শেষ নহয়, শিশুটিক সৰুৰেপৰা জীৱনক বুজিবলৈ শিকাব লাগে। আপোনাৰ সন্তানটিক কেৱল ভাল কাপোৰ নিপিন্ধাব, ভাল চৰিত্ৰ গঢ়িবলৈ শিকাওক। কেৱল সফল হ’বলৈ নক’ব, সৎ আৰু প্ৰকৃত সংবেদনশীল মানৱ হ’বলৈও শিকাওক।

শিক্ষা আৰু সংস্কাৰ একে বস্তু নহয়, শিক্ষিত মানুহ এজনো কুৰুচিসম্পন্ন হ’ব পাৰে, বিশৃংখল হ’ব পাৰে৷

এজন মানুহ উচ্চশিক্ষিত হ’ব পাৰে, ডাঙৰ চাকৰি কৰিব পাৰে, বহুত টকা উপাৰ্জন কৰিব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ ভাল মানুহ। এখন ডাঙৰ গাড়ী, এটি সুন্দৰ ঘৰ, দামি পোছাক অথবা সামাজিক প্ৰতিষ্ঠাই সন্তানৰ চৰিত্ৰৰ গেৰাণ্টি নিদিয়ে। চৰিত্ৰ গঢ়ে ঘৰৰ পৰিৱেশ, পিতৃ-মাতৃৰ আচৰণ আৰু সৰুৰে পৰা লাভ কৰা মূল্যবোধে।

এটি সন্তানৰ স্খলন আৰম্ভ হয় বহু আগতেই, একমাত্ৰ অপৰাধ সংঘটিত হোৱাৰ দিনাই তেওঁৰ স্খলন হয়তো আমি দেখা পাওঁ৷

বন্ধুৰ সংগ সলনি হোৱা, আপোনাৰ সন্তানটিক আপুনি আওকাণ কৰিলে বা গভীৰভাৱে অধ্যয়ন নকৰিলে তেওঁৰ বিশৃংখল জীৱন ধৰিব নোৱাৰে৷ সন্তানটিৰ আচৰণ সলনি হোৱা, ঘৰত মিছা কোৱা, হঠাৎ গোপনীয়তা অৱলম্বন কৰা, পঢ়া-শুনাৰ প্ৰতি অনীহা, নিশাৰ ৰঙীন জীৱনৰ প্ৰতি আকর্ষণ, অশালীন আচৰণ, দায়িত্বজ্ঞানহীনতা এইবোৰ বহু সময়ত সতৰ্ক সংকেত। বহুসময়ত কিছুমান পিতৃ-মাতৃয়ে এই সংকেতবোৰ দেখা সত্ত্বেও আওকাণ কৰে৷ তেওঁলোকে ভাবে আজিকালি সকলো ল’ৰা-ছোৱালীয়েই এনেকুৱাই৷

এই সকলো এনেকুৱাই বুলি ভুলক জেনেৰেলাইজ কৰি তোলাটোৱেই বিপদৰ আৰম্ভণি।

সন্তানক স্বাধীনতা দিব লাগে, কিন্তু স্বাধীনতা আৰু বিশৃংখলতা একে বস্তু নহয়।

আধুনিক মানে পিতৃ-মাতৃৰ প্ৰতি দায়িত্বহীন হোৱা নহয়। আধুনিকতা মানে নৈশজীৱন, মদ্যপান, ধূমপান, মাদকদ্ৰব্য, অবাধ যৌনতা অথবা যিকোনো সামাজিক আচৰণক অন্ধভাৱে গ্ৰহণ কৰা নহয়। নিজৰ জীৱনৰ সিদ্ধান্ত নিজে লোৱাৰ ক্ষমতাই স্বাধীনতা, কিন্তু সেই সিদ্ধান্তৰ পৰিণতি বহন কৰাৰ নৈতিক সাহস নথকাটো স্বাধীনতা নহয়।

যৌৱন উদযাপনৰ হাবিয়াস সকলোৰে থাকে। জীৱনটোক নতুনকৈ চোৱাৰ, সীমাৰ পৰিধি ভাঙি বন্ধুত্বৰ আনন্দ লোৱাৰ, নতুন অভিজ্ঞতা আহৰণ কৰাৰ আকাংক্ষা স্বাভাৱিক। কিন্তু জীৱন উদযাপন আৰু জীৱন ধ্বংস কৰাৰ মাজত থকা অদৃশ্য সীমাৰেখা থাকে, সেই সীমাৰেখাডাল চিনাক্ত কৰি সন্তানক সঠিক সময়ত সতৰ্ক কৰাটোহে পিতৃ-মাতৃৰ দায়িত্ব।

এজন পিতৃয়ে যদি সন্তানৰ প্ৰতিটো ভুলক ল’ৰা মানুহ, ভুল হ’বই বুলি এৰি দিয়ে, আৰু এগৰাকী মাতৃয়ে যদি সন্তানৰ অপকৰ্মক মানুহে কি ক’ব? বুলি ঢাকি ৰাখে, তেন্তে তেওঁলোকে সন্তানক ৰক্ষা নকৰে, বৰং সন্তানক ধ্বংসৰ মুখলৈ ঠেলিহে দিয়ে৷

সন্তানৰ ভুল ঢাকি ৰখা আৰু সন্তানক সুৰক্ষা দিয়া একে কথা নহয়। বৰং কেতিয়াবা সন্তানক ৰক্ষা কৰাৰ আটাইতকৈ কঠিন পদ্ধতিটো হ’ল, তাক নিজৰ ভুলৰ অনুশোচনা কৰিবলৈ মানসিকভাৱে প্ৰস্তুত কৰা।

আজিৰ সমাজত আন এটা ভয়ংকৰ প্ৰৱণতা দেখা যায়। পিতৃ-মাতৃয়ে সন্তানৰ বাহ্যিক সফলতাক লৈ গৌৰৱ কৰে, কিন্তু সন্তানৰ অন্তৰ্জগতখনক জানিবলৈ চেষ্টা নকৰে। সন্তান ক’লৈ যায়, কাৰ সৈতে সময় কটায়, কি ধৰণৰ জীৱন যাপন কৰে, কি মানসিকতাৰ মানুহৰ সৈতে ঘূৰাফুৰা কৰে এই প্ৰশ্নবোৰ বহু পৰিয়ালে আওকাণ কৰে৷

আকৌ কিছুমান পৰিয়ালত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা যায়। সন্তানৰ সাজ-পোছাক, আচৰণ, বন্ধুত্ব, জীৱনধাৰা সকলোতে এক নৈতিক সীমাৰেখা অংকন কৰা থাকে। সেই পৰিয়ালৰ সংস্কাৰ কেতিয়াবা সন্তানৰ ভিতৰত এক অদৃশ্য নিয়ন্ত্ৰক হৈ থাকে।

সন্তানৰ মনত এটা ভয় থাকে মই এই কামটো কৰিলে মোৰ পিতৃ-মাতৃয়ে কষ্ট পাব নেকি?

এই ভয়টোৱে সদায় নেতিবাচক নহয়,কেতিয়াবা এই ভয়েই মানুহক অপৰাধৰ পৰা আঁতৰাই ৰাখে। এক নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত ৰাখে৷

কেতিয়াবা সন্তানে বন্ধুৰ প্ৰৰোচনাত মদ খাবলৈ গৈও ৰৈ দিয়ে। কোনোবাই নিশাৰ প্ৰস্তাৱ পাইও নাকচ কৰে। কোনোবাই অনৈতিক সম্পৰ্কৰ প্ৰলোভন পাইও পিছলৈ ঘূৰি আহে। কিয়? এয়া কেৱল আইনৰ ভয় নহয়, এয়া পৰিয়ালে দিয়া সংস্কাৰ, যিয়ে তাৰ বিবেকক বাধা দিয়ে ।

সকলো সন্তানৰ চৰিত্ৰ কেৱল পিতৃ-মাতৃৰ হাততেই গঢ় নলয়। পৰিৱেশ, বন্ধু, শিক্ষা, সামাজিক মাধ্যম, ব্যক্তিগত সিদ্ধান্ত, মানসিক অৱস্থা এইবোৰো কাৰক হৈ পৰে । কিছুমান সন্তান অত্যন্ত বিশৃংখল পৰিয়ালৰ পৰাও ওলাই আহি অসাধাৰণ মানুহ হয়। মই নিজেই এনে মানুহ দেখিছো, যাৰ ঘৰত নৈতিক শৃংখলা নাছিল, অথচ সন্তানে নিজৰ আত্মবিশ্বাস আৰু বিবেকৰ শক্তিৰে নিজকে গঢ়ি তুলিছে।

মদ্যপান কৰা পিতৃৰ অত্যাচাৰ, পৰিয়ালৰ অশান্তি, অৰ্থনৈতিক অভাৱ অথবা সংস্কাৰৰ সংকটৰ মাজতো কিছুমান সন্তান নিজৰ জীৱনক অন্য দিশলৈ লৈ যাবলৈ সক্ষম হয়।

আকৌ ইয়াৰ বিপৰীত ছবিও আমাৰ সমাজত দেখা পোৱা যায়৷ সুশিক্ষিত, ধনী, সামাজিকভাৱে প্ৰতিষ্ঠিত পৰিয়ালৰ সন্তানেও কেতিয়াবা ভয়ংকৰ পথ বাছি লয়, পথভ্ৰষ্ট হৈ পৰিয়াল, সমাজলৈ গ্লানি কঢ়িয়াই আনে৷ সন্তানৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ যদিও ই একমাত্ৰ নিৰ্ণায়ক নহয়
কিন্তু যেতিয়া পিতৃ-মাতৃয়ে সন্তানৰ ভুল দেখিও জানি-শুনি তাক সমৰ্থন কৰে, তেতিয়া কথাটো বেলেগ হৈ পৰে। সেই সমৰ্থন এদিন পৰিয়ালৰ বাবে লজ্জাৰ কাৰণ হয় আৰু সমাজৰ বাবে বিপদৰ কাৰণ হয়।

শেহতীয়াকৈ গুৱাহাটীত সংঘটিত ৰিয়া তালুকদাৰ গোস্বামী হ/ত্যা/কাণ্ডই সমগ্ৰ সমাজ ব্যৱস্থাক জোকাৰি গৈছে। আৰক্ষীয়ে স্বামী ৰামানুজ গোস্বামীক পত্নী হ/ত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ ঘৰৰ ফ্ৰীজৰ পৰা ৰিয়াৰ বিচ্ছিন্ন মূৰ উদ্ধাৰ কৰিছে । এই জঘন্য ঘটনাটোৰ তদন্ত চলি আছে, হত্যাৰ কাৰণ সম্পৰ্কে অভিযুক্তই কৰা কিছুমান দাবী এতিয়াও তদন্তৰ আওতালৈ আহিছে৷

এই ঘটনা জঘন্য নাৰকীয় এটা হত্যাকাণ্ডই নহয়, এই ঘটনাই আমাৰ সন্মুখত আৰু এটা ডাঙৰ সামাজিক প্ৰশ্ন উত্থাপন কৰিছে৷ এজন মানুহৰ চৰিত্ৰ, মানসিকতা আৰু জীৱনধাৰাৰ বিপজ্জনক দিশবোৰ পৰিয়ালে কেতিয়ালৈকে লুকুৱাই ৰাখিব?

যদি কোনো যুৱকৰ জীৱনত বিশৃংখল, হিংসা, অসংযম, দায়িত্বহীনতা বা ভয়ংকৰ আচৰণ স্পষ্ট লক্ষণ থাকে, তেন্তে বিবাহক তাৰ চিকিৎসা হিচাপে ব্যৱহাৰ কিয় কৰা হয়৷ বিয়া পাতি দিলে ঠিক হ’ব এই মানসিকতাৰ বাবে বহুতৰ জীৱন ধ্বংস হৈছে, মৃ/ত্যু হৈছে আৰু বহুতৰ জীৱন নৰক হৈছে৷

এজনী নিৰ্দোষী যুৱতীৰ জীৱনক এজন মানসিক বিকাৰগ্ৰস্ত যুৱকৰ হাতত ব্জীৱন ঠিক কৰি দিয়াৰ ভয়ংকৰ দায়িত্ব কিয় দিয়া হয়! এয়া দেখোন সমস্যা সমাধানৰ বাবে আনক বলি দিয়াৰ ব্যৱস্থাৰ লেখিয়া হৈছে,যিটো অধিকাৰ কোনো পৰিয়ালৰ নাই।

বিবাহ কাৰো বাবে ৰিহেবিলিটেচন কেন্দ্ৰ নহয়, বিবাহ কোনো চিকিৎসা নহয়, বিবাহ কোনো পৰিয়ালৰ সামাজিক সমস্যা লুকুৱাই ৰখাৰ পৰ্দা হ’ব নোৱাৰে ।

এজন পুৰুষ বা এগৰাকী মহিলাৰ গুৰুতৰ সমস্যা থাকিলে প্ৰথম দায়িত্ব হ’ল চিকিৎসা, পৰামৰ্শ আৰু প্ৰয়োজনীয় সহায় নিশ্চিত কৰা। তাৰ পিছতহে বিবাহৰ দৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা আহিব লাগে। যদিও অপৰাধ সংঘটিত হ’লে আইনৰ দৃষ্টিত অপৰাধ কৰা ব্যক্তিজনে বহন কৰিব লাগিব কিন্তু সামাজিকভাৱে এক গ্লানি আৰু অপযশ পিতৃ-মাতৃ আৰু পৰিয়ালে বহন কৰিবলগীয়া হয়৷

যদি পিতৃ-মাতৃয়ে সন্তানৰ ভয়ংকৰ আচৰণ জানিও তাক লুকুৱাই ৰাখে, যদি আন এজন নিৰ্দোষী মানুহৰ জীৱন বিপদত পৰিব পাৰে বুলি জানিও সত্য গোপন কৰে, তেন্তে সেই নৈতিক দায়ৰ পৰা তেওঁলোকে নিজকে সম্পূৰ্ণ মুক্ত বুলি ক’ব নোৱাৰে৷ এখন সমাজ কেৱল আদালতৰ ৰায়ৰ ওপৰত সুস্থিৰ হৈ নাথাকে, সমাজ এখন সুস্থ থাকে মানুহৰ বিবেক আৰু চিন্তাৰ ধাৰণাৰ ওপৰত।

মই বহু পিতৃ-মাতৃ দেখিছো, যিয়ে সন্তানৰ অপৰাধ ঢাকি নিজৰ পৰিয়ালৰ মান-সম্মান ৰক্ষা কৰিব বিচাৰে। কিন্তু তেওঁলোকে এটা কথা বুজি নাপায় যে সত্য লুকুৱাই পৰিয়ালৰ সন্মান ৰক্ষা কৰিব নোৱাৰি। বৰং সেই লুকুৱাই ৰখা সত্যই এদিন পৰিয়ালটোৰ সন্মানকেই ধ্বংস কৰিব আৰু সমাজলৈ ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিব৷
সন্তানৰ ভুল ঢাকি ৰাখিলে ভুলটো নোহোৱা হৈ নাযায় বৰং কেতিয়াবা ই এক ডাঙৰ অপৰাধলৈ ৰূপান্তৰিত হয়।

সন্তানক ভালপোৱা মানে তাৰ প্ৰতিটো কামক সমৰ্থন কৰা উচিত নহয়, কেতিয়াবা নাই ক’ব পৰাটোৱেই পিতৃ-মাতৃৰ আটাইতকৈ ডাঙৰ মৰম।

কেতিয়াবা সন্তানৰ ক্ষেত্ৰত গ কঠোৰ হ’ব লাগে আন কেতিয়াবা বন্ধুত্বসুলভভাৱে বুজাব লাগে, কথা পাতিব লাগে । হয়তো কেতিয়াবা মনোবিজ্ঞানীৰ সহায়ো ল’ব লগীয়া হ’ব পাৰে! প্ৰয়োজনত সন্তানৰ ব্যৱহাৰ আদিৰ বাবে চিকিৎসকৰ ওচৰলৈ নিব লাগে৷ আমি মনত ৰখা উচিত যে সন্তানক জন্ম দিয়াৰ পিছতে দায়িত্ব শেষ নহয়,বৰং পিছৰখিনিহে মূল দায়িত্ব৷

এটি সন্তানৰ সফলতাত পিতৃ-মাতৃয়ে গৌৰৱ কৰে। কিন্তু সন্তানৰ স্খলন আৰু ব্যৱহাৰ, জীৱন, আচৰণে প্ৰমাণ কৰিব পিতৃ-মাতৃ কিমান দায়িত্বশীল আছিল৷

সন্তানক অকল শিক্ষিত, সফল আৰু হাতত সম্পত্তি এৰি যোৱাতকৈ মূল্যবোধ এৰি যোৱাটোহ ডাঙৰ সম্পদ।

সন্তানক ভোগবাদী আদৰ্শত উটি যাবলৈ দি ডাঙৰ ঘৰ, অকল উচ্চ শিক্ষা দিয়াতকৈ মানুহ হ’বলৈ শিকোৱা উচিত৷
সত্য আৰু অসত্য ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য কৰিবলৈ শিকাব পাৰিলে সেয়াই হ’ব সন্তানৰ বাবে প্ৰকৃত শিক্ষা। সন্তানক সমাজৰ আগত সফল মানুহ হিচাপে প্ৰতিষ্ঠা কৰাতকৈ অন্ধকাৰৰ মাজতো সঠিক পথ বাছি ল’ব পৰা মানুহ হিচাপে গঢ়ি তুলিব পাৰিলেহে পিতৃ-মাতৃ হিচাপে নিজৰ কৰ্তব্য সম্পূৰ্ণ হোৱা বুলি ক’ব পাৰি।

শেষত কও এই বিষয়টো অকল সন্তান বা পিতৃ-মাতৃৰো নহয়, এই সমগ্ৰ বিষয়টো কথাটো আমাৰ সমাজৰ৷ আমি কেনেকুৱা সন্তান বিচাৰো? যদি আমি সৎ, সংযমী, দায়িত্বশীল, মানৱীয় সন্তান বিচাৰো, তেন্তে প্ৰথমে সেই মূল্যবোধৰ পৰিৱেশটো আমি ঘৰতে সৃষ্টি কৰিব লাগিব। সন্তানক আমি যি কওঁ, তাতকৈ সন্তানটোৱে আমি কি কৰোঁ সেইটোৰ প্ৰতিহে বেছি আকৰ্ষিত হয়।

পিতৃয়ে যদি সন্তানক সততাৰ পাঠ পঢ়াই নিজে অসৎ আৰু বিপথগামী হয়, সন্তান বিভ্ৰান্ত হ’বই, মাতৃয়ে যদি সন্তানক নৈতিকতাৰ কথা কৈ নিজে অনৈতিকতাক সমৰ্থন কৰে, সন্তান দ্বিধাগ্ৰস্ত হ’বই।

পিতৃ-মাতৃয়ে যদি সন্তানৰ সকলো ভুলক আমাৰ সন্তান বুলি ঢাকি ৰাখে, তেন্তে এদিন সেই সন্তানেই সমাজৰ বাবে ভয়ংকৰ প্ৰত্যাহ্বান হৈ থিয় দিবই৷

সেইবাবেই মই বিশ্বাস কৰোঁ, পৃথিৱীত অবাধ্য সন্তানৰ অভাৱ নাই। কিন্তু অযোগ্য পিতৃ-মাতৃৰ কথাও আমি ক’ব লাগিব। কাৰণ সন্তানৰ স্খলনক যি পিতৃ-মাতৃয়ে বাধা নিদিয়ে, ভুলক যি পিতৃ-মাতৃয়ে মৰমৰ নাম দিয়ে, অপৰাধক যি পৰিয়ালে গোপনীয়তাৰ আৱৰণেৰে ঢাকি ৰাখে, তেওঁলোকে অজানিতে নিজৰ ঘৰৰ ভিতৰতে এখন সৰু নৰক গঢ়ি তোলে আৰু সেই নৰকৰ জুই এদিন ঘৰৰ চাৰিবেৰৰ বাহিৰলৈ ওলাই আহে।
জুইৰ কোনো নিৰ্দিষ্ট পৰিসীমা নাথাকে, এই বিশৃংখল জীৱন আৰু জুইত লাঞ্ছিত হয় এটি পৰিয়াল, ক্ষতিগ্ৰস্ত হয় এখন সমাজ, কলংকিত হয় মানৱতা, আৰু ভূলুণ্ঠিত হয় সভ্যতাৰ বিবেক।

—তফিক উদ্দিন আহমেদ

 

Leave a Reply

Your email address will not be published. Required fields are marked *