ঘৰুৱা, যাদুকৰী শক্তিৰে নিমিষতে আঁতৰাওক প্ৰচণ্ড গৰমত শৰীৰৰ অৱসাদ

 

গৰমৰ এই দিনকেইটাত তাপ ইমানেই বেছি যে মানুহৰ লগতে সকলো জীৱৰ দেহ ভাগৰি পৰে। শৰীৰ দুৰ্বল হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। ছালৰ ৰোগৰ পৰা আৰম্ভ কৰি ৰক্তচাপ, বৃক্ক, হাওঁফাওঁ, যকৃত আৰু হৃদয়ৰ সমস্যা হোৱাৰো সম্ভাৱনা থাকে। এনেকি অতিপাত গৰমত হিটষ্ট্ৰোক হৈ ডাঙৰ বিপদো আহিব পাৰে।
গতিকে এই সময়ত দেহক ঠাণ্ডা আৰু সুস্থ ৰখাটো আটাইতকৈ দৰকাৰী।

প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠি মুকলি ঠাইত খালী ভৰিৰে খোজ কাঢ়ক। বিশেষকৈ দুবৰি বনত খোজ কঢ়াটো শৰীৰৰ বাবে বহুত ভাল। গৰমত পানীৰ অভাৱ যেন নহয়। দিনটোত সময়ে সময়ে পৰ্যাপ্ত বিশুদ্ধ পানী খাই থাকক। কিন্তু ঘামি বা ভাগৰি আহিয়েই কেতিয়াও ফ্ৰীজৰ পানী বা কোলড্ৰিংক নাখাব। প্ৰথমে গা মচি অলপ জিৰণি লওক, তাৰ পিছত স্বাভাৱিক ঠাণ্ডা পানী খাওক। ক’ৰবালৈ যাওঁতে ঘৰ পৰা বটলত পানী লৈ যোৱাটোৱেই নিৰাপদ।

শৰীৰ ভিতৰৰ পৰা ঠাণ্ডা ৰাখিবলৈ নাৰিকল পানী, নেমু-মৌচুমীৰ চৰবত, বেল-কৰ্দৈ-থেকেৰাৰ চৰবত, দৈ, বুতৰ পানী খাওক। লগতে তৰমুজ, আম, আনাৰসৰ দৰে ৰসাল ফল খাওক। বজাৰৰ ৰাসায়নিক কোলড্ৰিংকতকৈ এই প্ৰাকৃতিক পানীয় বহু বেছি উপকাৰী।

দিনত কমেও দুবাৰ গা ধুব লাগে। তিওৱা কাপোৰেৰে সময়ে সময়ে গা মচি থাকিলে গা ঠাণ্ডা থাকে। অতি গৰমত দৌৰাদৌৰিকৈ গা নোধুব। অলপ জুৰ লৈ দেহ শীতল হ’লেহে গা ধুব। গা ধুওতে কেতিয়াও প্ৰথমে মূৰত পানী নাঢালিব। ভৰিৰ পৰা লাহে লাহে ওপৰলৈ ঢালিব। এইটো বিশেষকৈ ৰক্তচাপৰ ৰোগীৰ বাবে বহুত গুৰুত্বপূৰ্ণ। গা ধোৱাৰ আগত নিমপাত, কেচাহালধি, বেচন বা এলোবিৰাৰ জেল সানিলে ছাল সুৰক্ষিত থাকে।

 

 

 

গৰমত পেট গৰম হৈ থাকে। সেয়েহে জলা-মছলা আৰু মাছ-মাংস কম খাব। গা ধোৱাৰ সময়ত তলপেটত চেঁচা পানী ঢালিব পাৰে বা তিতা কাপোৰ নাভীত ৰাখিব পাৰে। দুপৰটেঙাৰ পাতৰ ৰস প্ৰস্ৰাৱৰ সমস্যাৰ বাবে ঘৰুৱা ঔষধ হিচাপে ভাল।

বাহিৰলৈ ওলাওঁতে ছাতি, চান গ্লাচ, টুপী ব্যৱহাৰ কৰক। এ.চি. ৰ পৰা ওলাই লগে লগে ৰ’দলৈ নাযাব। বাৰী-পথাৰৰ কাম ৰাতিপুৱা বা আবেলি ঠাণ্ডা পৰত কৰক। ফেনৰ বতাহ, গছৰ ছা আৰু পুৱা-গধূলিৰ মুকলি বতাহ লওক। এই সময়ত শিশু আৰু বৃদ্ধৰ প্ৰতি বিশেষ মনোযোগ দিয়ক।

গৰমত বীজাণুৰ সংক্ৰমণ বেছি হয়। গতিকে পৰিষ্কাৰ-পৰিচ্ছন্ন থাকক আৰু বিশুদ্ধ পানীৰ লগতে লঘু খাদ্য খাওক। ধুমপান আৰু নিচা দ্ৰব্য এৰাই চলক। সদায় ঢিলা, নৰম কপাহী আৰু পাতল ৰঙৰ কাপোৰ পিন্ধক। উদং গাত নাথাকিব।

বাত-পিত্ত, কফ আৰু পাচনৰ সমস্যাৰ বাবে ত্ৰিফলা চুৰ্ণ গৰম পানীত তিয়াই খাব পাৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। গ্ৰীষ্মত টোপনি অলপ কম হয়। সেয়েহে ৰাতি সোনকালে আহাৰ খাই সোনকালে শুব। লগতে সহজ যোগাসন, ব্যায়াম আৰু প্ৰাণায়াম কৰিলে দেহ সুস্থ থাকে।

গৰম আহিব আৰু যাব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু আজিৰ দিনত আমি এ.চি. ফেনৰ অভ্যাসত ইমানেই অভ্যস্ত হৈ পৰিছোঁ যে আমাৰ দেহ স্পৰ্শকাতৰ হৈ পৰিছে। সেয়েহে অকাৰণত কৃত্ৰিম ঠাণ্ডাৰ পৰিৱৰ্তে প্ৰকৃতিৰ লগত মিলি চলিবলৈ চেষ্টা কৰক।

এটা কথা মনত ৰাখিব – ৰাসায়নিক কোলড্ৰিংকে সাময়িক তৃপ্তি দিলেও ই স্বাস্থ্যৰ বাবে অতি বেয়া। নিজেও নাখাব আৰু ঘৰ ল’ৰা-ছোৱালীকো খাবলৈ নিদিব।

পানী খাওক, ৰ’দ এৰক, সুস্থ থাকক

Leave a Reply

Your email address will not be published. Required fields are marked *