ডাক্তৰ স্বামীয়ে কৰিলে পত্নীক হত্যা! লাখ টকাৰ বেজীত মৃত্যুৰ ষড়যন্ত্ৰ
ডাঃ ক্ৰুটিকা ৰেড্ডী হত্যাকাণ্ড: মৰমৰ আঁৰত লুকাই আছিল মৃত্যুৰ ষড়যন্ত্ৰ
ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ মুনি ৰেড্ডী আৰু অধিবক্তা সৌজন্যা ৰেড্ডীৰ কনিষ্ঠ কন্যা আছিল ডাঃ ক্ৰুটিকা ৰেড্ডী। তেওঁ এগৰাকী ছাল আৰু চুলিৰ বিশেষজ্ঞ Dermatologist। বায়েক নিকিতা এগৰাকী Radiologist। পৰিয়ালটো চহৰৰ আঢ্যৱন্ত পৰিয়াল আছিল।
ক্ৰুটিকাৰ বাবে ঘৰৰ মানুহে উপযুক্ত পাত্ৰ বিচাৰি আছিল। ক্ৰুটিকাই কাম কৰা হস্পিটেলতে এজন Gastrologist ডাঃ মহেন্দ্ৰ ৰেড্ডীৰ লগত তেওঁৰ বন্ধুত্ব হয় আৰু সেই বন্ধুত্বই প্ৰেমলৈ ৰূপান্তৰ হয়।
জাকজমক বিয়া আৰু ৫ কোটিৰ উপহাৰ
২৬ মে’ ২০২৪ ত দুয়োৰে জাকজমকভাৱে বিয়া হয়। বিয়াখনত ক্ৰুটিকাৰ পৰিয়ালে প্ৰায় ২ কোটি টকা খৰচ কৰে। ক্ৰুটিকাক উপহাৰ হিচাপে দিয়ে ৩ কোটি টকাৰ এটা ধুনীয়া ঘৰ। ইমানেই নহয়, প্ৰথম বিবাহ বাৰ্ষিকীত উপহাৰ দিবলৈ দেউতাকে এখন নতুন ক্লিনিকো নিৰ্মাণ কৰি আছিল। কিন্তু সেই বাৰ্ষিকীৰ এমাহ আগতেই সকলো সলনি হৈ গ’ল।
বিয়াৰ পিছত ক্ৰুটিকাই সংসাৰৰ আনন্দ লবলৈ কামত Join কৰা নাছিল। তেওঁৰ আগৰে পৰা ব্লাড প্ৰেছাৰ, গেষ্ট্ৰিক, পেটৰ বিষৰ সমস্যা আছিল। স্বামী নিজে Gastrologist হোৱাৰ বাবে তেওঁ স্বামীৰ ওপৰতেই ভৰসা কৰি টেবলেট, বেজী লৈ আছিল।
মৃত্যুৰ ৩ দিনৰ কাহিনী
২১ এপ্ৰিল ২০২৫ – পেটত প্ৰচণ্ড বিষ উঠাত স্বামীক ফোন কৰে, স্বামীয়ে এটা বেজী লবলৈ দিয়ে, আৰাম পায়।
২২ এপ্ৰিল – মাকৰ ঘৰত থাকোতেও একে বিষ, একে বেজী লয়, ঠিক হৈ যায়।
২৩ এপ্ৰিল – আকৌ গা বেয়া, স্বামীয়ে আকৌ এটা বেজী দিয়ে, টোপনি যায়।
২৪ এপ্ৰিল পুৱা মহেন্দ্ৰই পত্নীক উঠাবলৈ যায়, কিন্তু ক্ৰুটিকা আৰু নুঠিল। হস্পিটেলত মৃত বুলি ঘোষণা কৰা হয়।
ঘৰৰ মানুহে ভাবিলে গেষ্ট্ৰিক আৰু বি.পি.ৰ বাবেই স্বাভাৱিক মৃত্যু হ’ল। মহেন্দ্ৰই Post Mortem কৰিবলৈ দিব বিচৰা নাছিল, পত্নীৰ শৰীৰ কটা-চিঙা কৰাটো তেওঁ বিচৰা নাছিল। কিন্তু বায়েক নিকিতাই জোৰ দি Post Mortem আৰু Forensic পৰীক্ষাৰ দাবী কৰে। আনকি Post Mortem ৰুমতো মহেন্দ্ৰই বাৰে বাৰে সোমাই ডাক্তৰক বাধা দিছিল।
প্ৰথম Post Mortem ৰিপ’ৰ্টত স্বাভাৱিক মৃত্যু বুলি ওলাল।
৬ মাহ পিছত ওলাল ভয়ংকৰ সত্য
মৃত্যুৰ ৬ মাহ পিছত Viscera Report আহিল। ৰিপ’ৰ্ট দেখি সকলোৰে চকু কপালত উঠিল। এয়া স্বাভাৱিক মৃত্যু নহয়, পৰিকল্পিত হত্যাকাণ্ড আছিল। Anesthesia ৰ Overdose দি হত্যা কৰা হৈছিল।
তদন্তত পোহৰলৈ আহিল – বিয়াৰ পিছত সঘনাই অসুস্থ হৈ থকা পত্নীৰ পৰা মহেন্দ্ৰ অতিষ্ঠ হৈ পৰিছিল। বন্ধু মহলে “বেমাৰী ছোৱালী বিয়া কৰালি” বুলি ধেমালি কৰা কথাই তেওঁৰ Ego ত আঘাত কৰিছিল। বিবাহ বিচ্ছেদ দিলে সামাজিক সন্মান আৰু টকা-পইচাৰ সমস্যা হ’ব বুলি ভাবি তেওঁ মৰম আৰু কেয়াৰৰ মুখা পিন্ধি পত্নীক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিলে।
ক্ৰুটিকাই গমেই নাপালে, যাক তাই জীৱনৰ সকলো বুলি বিশ্বাস কৰিছিল, তেৱেঁই তাইৰ জীৱন কাঢ়ি নিলে।
