আপুনিও মাহেকীয়াৰ সময়ত পেটৰ বিষত ছটফটাইছে নেকি? ঔষধ নহয়, এই ৫টা ঘৰুৱা উপায়ে দিব মিনিটতে সকাহ

প্ৰতিমাহে সেই বিশেষ দিন কেইটা বহু মহিলাৰ বাবে এক দুঃস্বপ্নৰ দৰে। পেটৰ বিষ, কঁকালৰ বিষ, ভাগৰ, খিংখিঙীয়া মেজাজ – এইবোৰৰ বাবে স্কুল, কলেজ বা অফিচলৈ যোৱাটোও কঠিন হৈ পৰে। বহুতে লগে লগে পেইনকিলাৰ খাই লয়, কিন্তু প্ৰতিমাহে ঔষধ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। কেইটামান সহজ আৰু প্ৰাকৃতিক ঘৰুৱা উপায়েৰে আপুনি এই বিষৰ পৰা সহজে মুক্তি পাব পাৰে।
মাহেকীয়াৰ সময়ত পেটৰ বিষ কিয় হয় জানেনে?
চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ডিছমেনৰিয়া বোলা হয়। ঋতুস্ৰাৱৰ সময়ত আমাৰ শৰীৰে প্ৰষ্টাগ্লেণ্ডিন নামৰ এবিধ হৰমন নিৰ্গত কৰে। এই হৰমনে জৰায়ুৰ পেশীসমূহক সংকুচিত কৰে যাতে ৰক্তক্ষৰণ সহজ হয়। এই সংকোচনৰ বাবেই তলপেটত বিষ, কঁকালত বিষ আৰু কেতিয়াবা বমি ভাৱো হয়।

তৎক্ষণাৎ সকাহ পাবলৈ ৫ টা পৰীক্ষিত ঘৰুৱা উপায়:
১. গৰম পানীৰ সেক – আটাইতকৈ ফলপ্ৰসূ ঔষধ
এইটো আটাইতকৈ পুৰণি আৰু আটাইতকৈ কাৰ্যকৰী উপায়। এটা হট ৱাটাৰ বেগ বা গৰম পানীত তিয়াই লোৱা টাৱেল তলপেট আৰু কঁকালত ১৫-২০ মিনিটকৈ দিনে ২-৩ বাৰ ৰাখক। গৰমে তেজৰ সোঁত বৃদ্ধি কৰে আৰু জৰায়ুৰ টান হৈ থকা পেশীসমূহ শিথিল কৰি লগে লগে বিষ কমাই দিয়ে।
২. আদা-হালধি আৰু দালচেনিৰ জাদুকৰী চাহ
আদা আৰু হালধি হৈছে প্ৰাকৃতিক এন্টি-ইনফ্লেমেটৰী আৰু পেইনকিলাৰ।
বনোৱাৰ পদ্ধতি: ১ কাপ পানীত অলপ আদা থেতেলিয়াই, অকণমান হালধি, এডোখৰ দালচেনি আৰু ৪-৫ টা তুলসী পাত দি ৫ মিনিট উতলাওক। অলপ মৌ মিহলাই দিনে ২ বাৰ খাওক।
৩. খাদ্যাভ্যাসত এইখিনি কথা মনত ৰাখক
এই সময়ত শৰীৰক হাইড্ৰেটেড কৰি ৰখাটো খুব জৰুৰী। বেছিকৈ সাধাৰণ পানী, ডাবৰ পানী, ফলৰ ৰস খাওক। কল, কমলা, সেউজীয়া শাক-পাচলি, বাদামত প্ৰচুৰ মেগনেছিয়াম থাকে যিয়ে বিষ কমায়। আনহাতে চাহ, কফি, ক’ল্ড ড্ৰিংকছ, অতিমাত্ৰা তেল-মছলা, জাংক ফুড আৰু নিমখীয়া খাদ্যৰ পৰা আঁতৰি থাকক।

৪. শুই নাথাকি অলপ লৰচৰ কৰক
বিষ হলে বহুতে গোটেই দিন শুই থাকে, কিন্তু লঘু ব্যায়াম কৰিলে সোনকালে আৰাম পোৱা যায়। ১৫-২০ মিনিট খোজ কঢ়া, লঘু ষ্ট্ৰেচিং বা যোগাসনে শৰীৰত এন্ডৰফিন নামৰ হৰমন বৃদ্ধি কৰে যিয়ে নেচাৰেল পেইনকিলাৰ হিচাপে কাম কৰে। শিশু আসন, ভুজংগাসন আৰু মাৰ্জাৰী আসন এই সময়ৰ বাবে অতি উপকাৰী।
৫. মানসিক চাপ আৰু টোপনিৰ যত্ন লওক
মানসিক চাপ আৰু টোপনিৰ অভাৱত বিষ দুগুণে বাঢ়ে। এই কেইদিনত ৭-৮ ঘণ্টা ভালকৈ শুবলৈ চেষ্টা কৰক। শোৱাৰ আগত গৰম গাখীৰ, অলপ ডাৰ্ক চকলেট খাব পাৰে।
কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?
যদি প্ৰতিমাহে বিষ অসহ্য হয়, ৩ দিনতকৈ বেছি থাকে, অত্যধিক ৰক্তক্ষৰণ হয়, জ্বৰ, বমি বা অজ্ঞান হোৱাৰ দৰে হয়, তেন্তে ই পিচিঅ’এছ, এন্ডোমেট্ৰিঅ’ছিছৰ দৰে ৰোগৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত ঘৰতে ঔষধ খাই নাথাকি অতি সোনকালে এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক।
